
বুধবাৰে পুৱা ৩.৩০ বজাত মাহেন্দ্ৰক্ষণ ফ্ল’ৰিডাৰ সাগৰত নামিব সুনীতাৰ যান
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ মাৰ্চঃ ভাৰতীয় বংশোদ্ভৱ নভোচৰ সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনক লৈ হঠাতে আগ্ৰহ বৃদ্ধি পাইছে দেশবাসীৰ৷ ৮ দিনৰ বাবে মহাকাশ ষ্টেছনলৈ (আই এছ এছ) গৈ ৯ মাহ ধৰি মহাকাশত আৱদ্ধ হৈ থকাৰ ফলত আৰু প্ৰত্যাৱৰ্তন দীৰ্ঘায়িত হোৱাৰ বাবে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছক লৈ এনেয়ো বিশ্ববাসীৰ আগ্ৰহ আৰু উৎকণ্ঠা বৃদ্ধি পাইছিল৷ সেই উৎকণ্ঠাত ইন্ধন যোগাইছিল কিছুমান ‘প্ৰপাগাণ্ডা’ খবৰ বা উৰা বাতৰিয়ে৷ সুনীতা উইলিয়ামছ মহাকাশ ষ্টেছনৰ পৰা উভতি আহিব নোৱাৰিব বুলি কিছুমান অসমৰ্থিত বাতৰিও এনে উদ্বিগ্নতাৰ কাৰণ আছিল৷ তদুপৰি বিগত ৯ মাহত সুনীতা উইলিয়ামছ আৰু সংগী নভোচৰ বুছ উইলমোৰক উদ্ধাৰ কৰি অনাৰ বাবে নাছাই গ্ৰহণ কৰা কেইবাটাও পৰিকল্পনা বিভিন্ন কাৰিকৰী জটিলতাৰ বাবে ব্যৰ্থ হৈছিল৷ সিয়ো বৃদ্ধি কৰিছিল আশংকা৷ কিন্তু সেই সকলো ব্যৰ্থ পৰিকল্পনা আৰু বিলম্বৰ অন্তত এইবাৰ মহাকাশ ষ্টেছনত ৯ মাহে আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুছ উইলমোৰসহ মুঠতে ৪ জন নভোচৰ পৃথিৱীলৈ উভতি আহিবলৈ সাজু হৈছে৷
উল্লেখ্য সুনীতা উইলিয়ামছ আৰু কমাণ্ডিং পাইলট বুছ উইলমোৰো বয়িং কোম্পানীৰ ‘ষ্টাৰলাইনাৰ’ নামৰ ‘স্পেচক্ৰাফট’খন চলাই গৈছিল মহাকাশ ষ্টেচনলৈ চলাই লৈ গৈছিল পৰীক্ষামূলকভাৱে৷ যদিহে সেই পৰীক্ষামূলক ড্ৰাইভ নিখুঁত হয়, তেন্তে ভৱিষ্যতৰ ‘স্পেচক্ৰাফট’ হিচাপে ‘ষ্টাৰশ্বিপ’ৰ দৰে মহাকাশলৈ যাতায়ত কৰিব বয়িঙৰ মহাকাশযানেও৷ কিন্তু যোৱাৰ পথতে ‘ষ্টাৰলাইনাৰ’ৰ থ্ৰাষ্ট যন্ত্ৰত বিজুতি ওলোৱাৰ লগতে মহাকাশযানখনৰ পৰা হিলিয়াম গেছো নিৰ্গত হ’ল৷ কোনোমতে দুয়ো ‘ষ্টাৰলাইনাৰ’ যানখন আইএছএছত ‘ডকিং’ কৰিলেও নাছাই নিৰাপত্তাৰ ভীতিৰ বাবে তেওঁলোকক সেইখন ‘স্পেচক্ৰাফট’ত উভতি আহিবলৈ অনুমতি নিদিলে৷ পাছত মানৱবিহীনভাৱে ‘ষ্টাৰলাইনাৰে’ নিৰাপদ অৱতৰণ কৰিলেও সুনীতা উইলিয়ামছ আৰু বুছ উইলমোৰ মহাকাশ ষ্টেচনত আৱদ্ধ হৈ পৰিল৷ দুয়োকে উদ্ধাৰৰ একাধিক প্ৰয়াস ব্যৰ্থ হোৱাত দীৰ্ঘায়িত হৈ পৰিল তেওঁলোকৰ মহাকাশবাস৷ যোৱা ৯ মাহত সুনীতা-উইলমোৰৰ উদ্ধাৰক লৈ সৃষ্টি হ’ল বিভিন্ন ‘প্ৰপাগাণ্ডা’, আকাশত উৰিল না না উৰাবাতৰি৷ ড’নাল্ড ট্ৰাম্পে এই বিষয়টোক লৈ আৰম্ভ কৰিলে ঘৰুৱা ৰাজনীতি৷ জো বাইডেনে সুনীতা উইলিয়ামছক মহাকাশত পৰিত্যক্ত কৰা বুলি ট্ৰাম্পে অভিযোগ তুলিলে৷ তেওঁলোকক মহাকাশ ষ্টেচনৰ পৰা নিৰাপদে ঘূৰাই অনা কঠিন বুলি বিশ্বত এক ‘নেৰটিভ’ৰ সৃষ্টি কৰিলে ট্ৰাম্প প্ৰশাসনে৷
মহাকাশ ষ্টেছনত ‘হেণ্ডঅভাৰ পিৰিয়ড’ সমাপ্ত হ’ব কাইলৈ মঙলবাৰে আৰু মঙলবাৰেই পৃথিৱী অভিমুখী যাত্ৰা আৰম্ভ কৰিব সুনীতা উইলিয়ামছ আৰু সতীৰ্থই৷ ভাৰতীয় সময় অনুসৰি তেওঁলোক আহি ফ্লৰিডাৰ উপকূলৰ নিকটৱৰ্তী সমুদ্ৰত নামিবহি বুধবাৰে পুৱতি নিশা ৩.২৭ বজাত৷ ফ্লৰিডাৰ ঘড়ীত (আমেৰিকাৰ টাইম জ’ন মুঠ ৯টা) তেতিয়া বাজিব–মঙলবাৰে বিয়লি ৫.৫৭৷ এতিয়ালৈকে নাছাই সেইদৰেই পৰিকল্পনা কৰিছে৷ যদিহে এই পৰিকল্পনা অনুসৰি সকলো সুকলমে সম্পাদন হয়, তেন্তে এই সময়ৰ ৰ মিনিটো হেৰফেৰ নহ’ব৷ যাত্ৰাত বিলম্ব হ’ব পাৰে যদি সুনীতা উইলিয়ামছ আৰু সংগী নভোচৰ উভতি আহিবলগীয়া ‘স্পেচক্ৰাফট’ ‘ক্ৰু ড্ৰেগন’ৰ ‘আন-ডকিং’ অৰ্থাৎ সংযোগ বিচ্ছিন্ন কৰাত কোনো জটিলতাৰ সৃষ্টি হয়৷ অৱশ্যে ‘অটোমেটেড’ বা স্বয়ংক্ৰিয়ভাৱে ‘ক্ৰু ড্ৰেগন’ৰ ‘ডকিং’ দেওবাৰে পুৱা সম্পন্ন হোৱাৰ পাছত তেনে আশংকা কৰা নাই নাছাই৷ নাছাই সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী মহাকাশচাৰীৰ ওভতনি যাত্ৰা পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব মঙলবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৮.৩০ বজাৰ পৰা৷ ফ্লৰিডাৰ উপকূলৱৰ্তী সমুদ্ৰত পেৰাছুটৰ সহায়ত ‘স্পেচএক্স’ৰ দ্বাৰা নিৰ্মিত ‘স্পেচক্ৰাফট’ ‘ক্ৰু ড্ৰেগন’ আহি পৰালৈকে সম্প্ৰচাৰ কৰিবলগীয়া এই যাত্ৰা টিভি স্ক্ৰীনত প্ৰত্যক্ষ কৰিবৰ বাবে উন্মুখ হৈ আছে বিশ্ববাসী৷ সমুদ্ৰৰ পানীৰ পৰা ৪জন মহাকাশচাৰীক উদ্ধাৰ কৰি হেলিকপ্টাৰেৰে নাছাৰ পৃথকীকৰণ গৃহত ৰাখিবৰ বাবে লৈ যাবলৈ সষ্টম হৈ আছে নাছাৰ উদ্ধাৰকাৰী৷
কেইবছৰমানৰ আগলৈকে মহাকাশচাৰীয়ে কলম্বিয়া, ডিছক’ভাৰী, আটলাণ্টিছৰ দৰে বিমানসদৃশ ‘স্পেচ ছাটল’ত আহি ৰানৱেত অৱতৰণ কৰিছিল৷ কিন্তু নিৰাপত্তা আৰু ব্যয়বহুলতাৰ বাবে ছখন ‘স্পেচ ছাটল’ৰ ম্যাদ উকলি যোৱাৰ পাছত অৱসৰ দিয়া হ’ল৷ জৰ্জ ডব্লিউ বুশ্ব চৰকাৰে ‘স্পেচ ছাটল’ৰ অৱসৰৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল৷ কল্পনা চাওলা আৰু তেওঁৰ ৭ সতীৰ্থ উভতি অহা কলম্বিয়া মহাকাশত ধবংস হৈ যোৱাটোও ‘স্পেচ ছাটল’ বন্ধ কৰি দিয়াৰ এটা মূল কাৰণ৷ এতিয়া ‘স্পেচ ছাটল’ৰ ঠাইত ব্যৱহাৰ কৰা হৈছে ‘স্পেচক্ৰাফট’ আৰু ‘বয়িং ষ্টাৰলাইনাৰে’ পেৰাছুটৰ সহায়ত ভূপৃষ্ঠত অৱতৰণ কৰিলেও ইলন মাস্কৰ ‘ষ্টাৰশ্বিপ’ৰ ‘স্পেচক্ৰাফটে’ পানীত ‘স্প্লাছডাউন’হে কৰে৷ সেয়ে সুনীতা উইলিয়ামছ আৰু তেওঁৰ তিনি সতীৰ্থ নামিবহি ফ্লৰিডাৰ উপকূলৰ নিকটৱৰ্তী মহাসাগৰৰ জলপৃষ্ঠত ‘স্প্লাছডাউনে’ৰে৷ তাৰ পাছত হ’ব চাৰি নভোচৰৰ ‘ৰিক’ভাৰী’৷
সোমবাৰে সুনীতা উইলিয়ামছে মহাকাশ ষ্টেছনৰ পৰিচালনাৰ দায়িত্ব ৰাছিয়ান মহাকাশচাৰী এলেক্সি অভিবিনিনৰ হাতত অৰ্পন কৰি আজৰি হৈছে৷ বিগত জ্ঝ মাহে মহাকাশ ষ্টেছনৰ কমাণ্ডাৰৰ দায়িত্বত আছিল সুনীতা উইলিয়ামছ৷ সুনীতা উইলিয়ামছ আৰু বুছ উইলমোৰৰ সৈতে একেলগে উভতি আহিবলৈ সাজু হৈছে নাছাৰ নিক হগ আৰু ৰাছিয়াৰ ৰছকছমছৰ নভোচৰ আলেকজেণ্ডাৰ গৰ্বুনভ৷ ইতিমধ্যে সুনীতা উইলিয়ামছে প্ৰেৰণ কৰা এটা ২৫ ছেকেণ্ডৰ ভিডিঅ’ বাৰ্তা নাছাই প্ৰকাশ কৰিছে৷ সুনীতা উইলিয়ামছে এই বাৰ্তাত কৈছে–‘অতি শীঘ্ৰে উভতি আহি আছো৷ আৰু বেছি দেৰি নাই৷ মোক বাদ দি একো পৰিকল্পনা কৰিব নালাগে৷’