Logo
image

বুধবাৰে পুৱা ৩.৩০ বজাত মাহেন্দ্ৰক্ষণ ফ্ল’ৰিডাৰ সাগৰত নামিব সুনীতাৰ যান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ মাৰ্চঃ  ভাৰতীয় বংশোদ্ভৱ নভোচৰ সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনক লৈ হঠাতে আগ্ৰহ বৃদ্ধি পাইছে দেশবাসীৰ৷ ৮ দিনৰ বাবে মহাকাশ ষ্টেছনলৈ (আই এছ এছ) গৈ ৯ মাহ ধৰি মহাকাশত আৱদ্ধ হৈ থকাৰ ফলত আৰু প্ৰত্যাৱৰ্তন দীৰ্ঘায়িত হোৱাৰ বাবে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছক লৈ এনেয়ো বিশ্ববাসীৰ আগ্ৰহ আৰু উৎকণ্ঠা বৃদ্ধি পাইছিল৷ সেই উৎকণ্ঠাত ইন্ধন যোগাইছিল কিছুমান ‘প্ৰপাগাণ্ডা’ খবৰ বা উৰা বাতৰিয়ে৷ সুনীতা উইলিয়ামছ মহাকাশ ষ্টেছনৰ পৰা উভতি আহিব নোৱাৰিব বুলি কিছুমান অসমৰ্থিত বাতৰিও এনে উদ্বিগ্নতাৰ কাৰণ আছিল৷ তদুপৰি বিগত ৯ মাহত সুনীতা উইলিয়ামছ আৰু সংগী নভোচৰ বুছ উইলমোৰক উদ্ধাৰ কৰি অনাৰ বাবে নাছাই গ্ৰহণ কৰা কেইবাটাও পৰিকল্পনা বিভিন্ন কাৰিকৰী জটিলতাৰ বাবে ব্যৰ্থ হৈছিল৷ সিয়ো বৃদ্ধি কৰিছিল আশংকা৷ কিন্তু সেই সকলো ব্যৰ্থ পৰিকল্পনা আৰু বিলম্বৰ অন্তত এইবাৰ মহাকাশ ষ্টেছনত ৯ মাহে আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুছ উইলমোৰসহ মুঠতে ৪ জন নভোচৰ পৃথিৱীলৈ উভতি আহিবলৈ সাজু হৈছে৷ 

উল্লেখ্য সুনীতা উইলিয়ামছ আৰু কমাণ্ডিং পাইলট বুছ উইলমোৰো বয়িং কোম্পানীৰ ‘ষ্টাৰলাইনাৰ’ নামৰ ‘স্পেচক্ৰাফট’খন চলাই গৈছিল মহাকাশ ষ্টেচনলৈ চলাই লৈ গৈছিল পৰীক্ষামূলকভাৱে৷ যদিহে সেই পৰীক্ষামূলক ড্ৰাইভ নিখুঁত হয়, তেন্তে ভৱিষ্যতৰ ‘স্পেচক্ৰাফট’ হিচাপে ‘ষ্টাৰশ্বিপ’ৰ দৰে মহাকাশলৈ যাতায়ত কৰিব বয়িঙৰ মহাকাশযানেও৷ কিন্তু যোৱাৰ পথতে ‘ষ্টাৰলাইনাৰ’ৰ থ্ৰাষ্ট যন্ত্ৰত বিজুতি ওলোৱাৰ লগতে মহাকাশযানখনৰ পৰা হিলিয়াম গেছো নিৰ্গত হ’ল৷ কোনোমতে দুয়ো ‘ষ্টাৰলাইনাৰ’ যানখন আইএছএছত ‘ডকিং’ কৰিলেও নাছাই নিৰাপত্তাৰ ভীতিৰ বাবে তেওঁলোকক সেইখন ‘স্পেচক্ৰাফট’ত উভতি আহিবলৈ অনুমতি নিদিলে৷ পাছত মানৱবিহীনভাৱে ‘ষ্টাৰলাইনাৰে’ নিৰাপদ অৱতৰণ কৰিলেও সুনীতা উইলিয়ামছ আৰু বুছ উইলমোৰ মহাকাশ ষ্টেচনত আৱদ্ধ হৈ পৰিল৷ দুয়োকে উদ্ধাৰৰ একাধিক প্ৰয়াস ব্যৰ্থ হোৱাত দীৰ্ঘায়িত হৈ পৰিল তেওঁলোকৰ মহাকাশবাস৷ যোৱা ৯ মাহত সুনীতা-উইলমোৰৰ উদ্ধাৰক লৈ সৃষ্টি হ’ল বিভিন্ন ‘প্ৰপাগাণ্ডা’, আকাশত উৰিল না না উৰাবাতৰি৷ ড’নাল্ড ট্ৰাম্পে এই বিষয়টোক লৈ আৰম্ভ কৰিলে ঘৰুৱা ৰাজনীতি৷ জো বাইডেনে সুনীতা উইলিয়ামছক মহাকাশত পৰিত্যক্ত কৰা বুলি ট্ৰাম্পে অভিযোগ তুলিলে৷ তেওঁলোকক মহাকাশ ষ্টেচনৰ পৰা নিৰাপদে ঘূৰাই অনা কঠিন বুলি বিশ্বত এক ‘নেৰটিভ’ৰ সৃষ্টি কৰিলে ট্ৰাম্প প্ৰশাসনে৷ 


মহাকাশ ষ্টেছনত ‘হেণ্ডঅভাৰ পিৰিয়ড’ সমাপ্ত হ’ব কাইলৈ মঙলবাৰে আৰু মঙলবাৰেই পৃথিৱী অভিমুখী যাত্ৰা আৰম্ভ কৰিব সুনীতা উইলিয়ামছ আৰু সতীৰ্থই৷ ভাৰতীয় সময় অনুসৰি তেওঁলোক আহি ফ্লৰিডাৰ উপকূলৰ নিকটৱৰ্তী সমুদ্ৰত নামিবহি বুধবাৰে পুৱতি নিশা ৩.২৭ বজাত৷ ফ্লৰিডাৰ ঘড়ীত (আমেৰিকাৰ টাইম জ’ন মুঠ ৯টা) তেতিয়া বাজিব–মঙলবাৰে বিয়লি ৫.৫৭৷ এতিয়ালৈকে নাছাই সেইদৰেই পৰিকল্পনা কৰিছে৷ যদিহে এই পৰিকল্পনা অনুসৰি সকলো সুকলমে সম্পাদন হয়, তেন্তে এই সময়ৰ ৰ মিনিটো হেৰফেৰ নহ’ব৷ যাত্ৰাত বিলম্ব হ’ব পাৰে যদি সুনীতা উইলিয়ামছ আৰু সংগী নভোচৰ উভতি আহিবলগীয়া ‘স্পেচক্ৰাফট’ ‘ক্ৰু ড্ৰেগন’ৰ ‘আন-ডকিং’ অৰ্থাৎ সংযোগ বিচ্ছিন্ন কৰাত কোনো জটিলতাৰ সৃষ্টি হয়৷ অৱশ্যে ‘অটোমেটেড’ বা স্বয়ংক্ৰিয়ভাৱে ‘ক্ৰু ড্ৰেগন’ৰ ‘ডকিং’ দেওবাৰে পুৱা সম্পন্ন হোৱাৰ পাছত তেনে আশংকা কৰা নাই নাছাই৷ নাছাই সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী মহাকাশচাৰীৰ ওভতনি যাত্ৰা পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব মঙলবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৮.৩০ বজাৰ পৰা৷ ফ্লৰিডাৰ উপকূলৱৰ্তী সমুদ্ৰত পেৰাছুটৰ সহায়ত ‘স্পেচএক্স’ৰ দ্বাৰা নিৰ্মিত ‘স্পেচক্ৰাফট’ ‘ক্ৰু ড্ৰেগন’ আহি পৰালৈকে সম্প্ৰচাৰ কৰিবলগীয়া এই যাত্ৰা টিভি স্ক্ৰীনত প্ৰত্যক্ষ কৰিবৰ বাবে উন্মুখ হৈ আছে বিশ্ববাসী৷ সমুদ্ৰৰ পানীৰ পৰা ৪জন মহাকাশচাৰীক উদ্ধাৰ কৰি হেলিকপ্টাৰেৰে নাছাৰ পৃথকীকৰণ গৃহত ৰাখিবৰ বাবে লৈ যাবলৈ সষ্টম হৈ আছে নাছাৰ উদ্ধাৰকাৰী৷

কেইবছৰমানৰ আগলৈকে মহাকাশচাৰীয়ে কলম্বিয়া, ডিছক’ভাৰী, আটলাণ্টিছৰ দৰে বিমানসদৃশ ‘স্পেচ ছাটল’ত আহি ৰানৱেত অৱতৰণ কৰিছিল৷ কিন্তু নিৰাপত্তা আৰু ব্যয়বহুলতাৰ বাবে ছখন ‘স্পেচ ছাটল’ৰ ম্যাদ উকলি যোৱাৰ পাছত অৱসৰ দিয়া হ’ল৷  জৰ্জ ডব্লিউ বুশ্ব চৰকাৰে ‘স্পেচ ছাটল’ৰ অৱসৰৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল৷ কল্পনা চাওলা আৰু তেওঁৰ ৭ সতীৰ্থ উভতি অহা কলম্বিয়া মহাকাশত ধবংস হৈ যোৱাটোও ‘স্পেচ ছাটল’ বন্ধ কৰি দিয়াৰ এটা মূল কাৰণ৷ এতিয়া ‘স্পেচ ছাটল’ৰ ঠাইত ব্যৱহাৰ কৰা হৈছে ‘স্পেচক্ৰাফট’ আৰু ‘বয়িং ষ্টাৰলাইনাৰে’ পেৰাছুটৰ সহায়ত ভূপৃষ্ঠত অৱতৰণ কৰিলেও ইলন মাস্কৰ ‘ষ্টাৰশ্বিপ’ৰ ‘স্পেচক্ৰাফটে’ পানীত ‘স্প্লাছডাউন’হে কৰে৷ সেয়ে সুনীতা উইলিয়ামছ আৰু তেওঁৰ তিনি সতীৰ্থ নামিবহি ফ্লৰিডাৰ উপকূলৰ নিকটৱৰ্তী মহাসাগৰৰ জলপৃষ্ঠত ‘স্প্লাছডাউনে’ৰে৷ তাৰ পাছত হ’ব চাৰি নভোচৰৰ ‘ৰিক’ভাৰী’৷ 

সোমবাৰে সুনীতা উইলিয়ামছে মহাকাশ ষ্টেছনৰ পৰিচালনাৰ দায়িত্ব ৰাছিয়ান মহাকাশচাৰী এলেক্সি অভিবিনিনৰ হাতত অৰ্পন কৰি আজৰি হৈছে৷ বিগত জ্ঝ মাহে মহাকাশ ষ্টেছনৰ কমাণ্ডাৰৰ দায়িত্বত আছিল সুনীতা উইলিয়ামছ৷ সুনীতা উইলিয়ামছ আৰু বুছ উইলমোৰৰ সৈতে একেলগে উভতি আহিবলৈ সাজু হৈছে নাছাৰ নিক হগ আৰু ৰাছিয়াৰ ৰছকছমছৰ নভোচৰ আলেকজেণ্ডাৰ গৰ্বুনভ৷ ইতিমধ্যে সুনীতা উইলিয়ামছে প্ৰেৰণ কৰা এটা ২৫ ছেকেণ্ডৰ ভিডিঅ’ বাৰ্তা নাছাই প্ৰকাশ কৰিছে৷ সুনীতা উইলিয়ামছে এই বাৰ্তাত কৈছে–‘অতি শীঘ্ৰে উভতি আহি আছো৷ আৰু বেছি দেৰি নাই৷ মোক বাদ দি একো পৰিকল্পনা কৰিব নালাগে৷’