
অৰুণোদয়ত অনিয়ম-দুৰ্নীতি, ৰাজ্যজুৰি হিতাধিকাৰীৰ বিক্ষোভ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চঃ মূলতঃ ভোটযুদ্ধত জয়লাভ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰে নিতৌ হিতাধিকাৰী আঁচনিৰ পৰিসৰ বহল কৰিছে যদিও এই আঁচনিত বিভিন্ন ঠাইত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ উৎকোচ নিদিলে অৰুণোদয়কে ধৰি বিভিন্ন হিতাধিকাৰী আঁচনিত দৰিদ্ৰৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ এতিয়া সৰ্বত্ৰ৷ সেইসূত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ৷ শেহতীয়াকৈ তিনিচুকীয়া আৰু লাহৰীঘাটকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত অৰুণোদয় কেলেংকাৰিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ক্ষুব্ধ জনতা৷ চৰকাৰী আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈ থকাৰ অভিযোগত সোমবাৰে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তথা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত তিনিচুকীয়াৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাশ মহিলাই হাতে হাতে তেওঁলোকৰ দাবী সম্বলিত বেনাৰ, প্লেকাৰ্ড লৈ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ অভিযোগ অনুসৰি ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো তেওঁলোকক অৰুণোদয় আঁচনিৰ আউটিলৈ অনাটো দূৰৈৰে কথা, বৰং পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰি থকা বহুতৰো নাম কৰ্তনহে কৰা হৈছে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ মুক্তিৰ সভাপতি উমানন্দ মুদৈ মৰাণে অৰুণোদয় আঁচনিৰ নামত টকা খোৱাৰ কাৰবাৰ এটা আৰম্ভ হোৱা বুলি অভিযোগ কৰি কয় যে কোনো কোনো প্ৰাক্তন সদস্য আৰু বুথ সভাপতিয়ে ২০০-৩০০ টকাকৈ সংগ্ৰহ কৰিছে৷ তিনিচুকীয়াৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সময়ত মহিলাসকলে বিভিন্ন শ্ল’গান দি চৌদিশ মুখৰিত কৰি তোলে৷ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত আয়ুক্তৰ জৰিয়তে তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়৷
লাহৰীঘাটত অৰুণোদয় হিতাধিকাৰী বাছনিত দুৰ্নীতি
‘আমাৰ অসম’ৰ ভূৰাগাঁৱৰ প্ৰতিবেদকঃ মৰিগাঁও জিলাৰ লাহৰীঘাটত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত ব্যাপক দুৰ্নীতিৰ অভিযোগত বঞ্চিত লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আজি মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত লাহৰীঘাটৰ বৰবৰি গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত ব্যাপক অনিয়মৰ অভিযোগ তুলি পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত একাংশ বঞ্চিত মহিলা আৰু দিব্যাংগ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অভিযোগ মতে, এটা দালাল চক্ৰই শাসকীয় বিজেপি দলৰ বুথ সমিতি আৰু পঞ্চায়ত সচিবৰ সৈতে গোপন বুজাবুজিৰে ধনৰ বিনিময়ত উপযুক্ত লোকক বঞ্চিত কৰি অনুপযুক্ত লোকক হিতাধিকাৰী হিচাপে বাছনি কৰিছে৷ আনকি পঞ্চায়তৰ ২নং ৱাৰ্ডৰ ছহিদা খাতুন, হামিদা বেগমসহ কেইবা গৰাকীও দৰিদ্ৰ, বিধৱা মহিলা আৰু দিব্যাংগ লোকে অভিযোগ কৰা মতে, পঞ্চায়তখনৰ দিলো নামৰ এটা দালালে অৰুণোদয় দিয়াৰ নামত তেওঁলোকৰ পৰা ৩ হাজাৰকৈ টকা উৎকোচ লৈছে৷ ইয়াৰ পাছতো কিন্তু তেওঁলোকে আজিও অৰুণোদয় লাভ নকৰিলে৷ একেদৰে একাংশ দৰিদ্ৰ মহিলাই দালালক ধন দিব নোৱাৰাৰ বাবেই অৰুণোদয় লাভ নকৰা বুলি গুৰুতৰ অভিযোগ তুলিছে৷ বঞ্চিত হৈছে শাৰীৰিকভাৱে সক্ষম লোক আৰু দুখীয়া দৰিদ্ৰ বিধৱা মহিলা৷ যাৰ বাবে বঞ্চিত লোক সকলে বিভিন্ন শ্ল’গানেৰে বৰবৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে৷ আনহাতে বঞ্চিত লোকসকলে পঞ্চায়তখনত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনিত সংঘটিত দুৰ্নীতিৰ সন্দৰ্ভত এক উচ্ছ পৰ্যায়ৰ তদন্ত কৰিবলৈকো মুখ্যমন্ত্ৰীক দাবী জনাইছে৷