Logo
image

অহা বছৰ ৫ হাজাৰে একেলগে গাব হোলীগীত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ মাৰ্চঃ  অহাবাৰ হোলীত আমি আন এক অভিলেখ গঢ়িম৷ পাঁচ হাজাৰ যুৱক-যুৱতীয়ে একেলগে হোলীগীত পৰিৱেশন কৰিব৷’– এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে এক ফেচবুক লাইভত এই ঘোষণা কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘এইবাৰ হোলীত বৰপেটালৈ যাওঁতে এগৰাকী স্থানীয় যুৱকে ৫ হাজাৰ যুৱক-যুৱতীৰে দৌলৰ গীত গাই এক অভিলেখ কৰাৰ বাবে প্ৰস্তাৱ দিছিল৷ প্ৰস্তাৱটো মোৰ ভাল লাগিব৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগে অহাবাৰ হোলীত এই অভিলেখ সৃষ্টিৰ বাবে প্ৰয়াস কৰিব৷


উল্লেখ্য, বিহু আৰু ঝুমুৰৰ পাছত এইবাৰ অক্টোবৰ মাহত বাগৰুম্বা আৰু বৰদৈচিখলাৰ সামূহিক প্ৰদৰ্শনৰ অভিলেখ গঢ়া হ’ব বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কালি কোক্‌ৰাঝাৰত এবছুৰ অধিৱেশনত ঘোষণা কৰিছে৷ এই বছৰৰ অক্টোবৰ মাহত ৮-১০ হাজাৰ যুৱক-যুৱতীক লৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বৰদৈচিখলাৰ এই সামূহিক অভিলেখ গঢ়া হ’ব৷ তদুপৰি নতুন দিল্লীতো ২৫ হাজাৰ শিল্পীৰে বিহু আৰু ঝুমুৰৰ আন এক অভিলেখ গঢ়াৰ বাবেও মুখ্যমন্ত্ৰীয়ে ইচ্ছা প্ৰকাশ কৰি আহিছে৷