Logo
image

সমাজ বিজ্ঞানত অতিৰিক্ত নম্বৰ দি হ’লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাব লাগিব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ মাৰ্চঃ ‘মই ছেবাৰ চেয়াৰমেনক কৈছো৷ সমাজ অধ্যয়ন [বিজ্ঞান] বিষয়ত অতিৰিক্ত নম্বৰ দি হ’লেও ভাগিনসকলক এইবাৰ মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব৷ মেট্ৰিকত সমাজ অধ্যয়নৰ পেপাৰ বেয়া হোৱা বুলি মোৰ কোনো ভাগিনে চিন্তা কৰিব নালাগে৷’–এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে সন্ধিয়া এক ফেচবুক লাইভত এনেদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–‘এইবাৰ বৰপেটালৈ হোলীত যাওঁতে এগৰাকী কণমানি ভাগিনে   মোক হাতত ধৰি ক’লে–মামা এইবাৰ সমাজ অধ্যয়নৰ পেপাৰখন বৰ টান আহিছিল৷ পেপাৰখনত পাছ কৰাৰ বাবে এক্সটা ১০ নম্বৰ দিব লাগিব৷ যোৱা ১৬ তাৰিখে নগাঁও, বৰদোৱালৈ যাওঁতে তাতো ভাগিনসকলে একেই কথা কৈছিল৷ মই প্ৰত্যেকটো কথাই ছিৰিয়াছলি লওঁ৷


গুৱাহাটীলৈ আহিয়েই মই চেবাৰ চেয়াৰমেনক সুধিলো–সমাজ বিজ্ঞানৰ পেপাৰখন সচাই টান আহিছিল নেকি৷ তেওঁ মোক জনালে যে প্ৰশ্নকাকতখনৰ পেটাৰ্ণ সলনি হৈছে, যাতে ছাত্ৰ-ছাত্ৰীসকলৰ সাধাৰণ জ্ঞানৰ নমুনাও ছেবাই পৰীক্ষা কৰিব পাৰে৷ ব্যৱস্থাটো আদৰণীয় যদিও মোৰ ভাগিন বিলাকে মেট্ৰিকত যদি ফেইল কৰি যায় কেনেকৈ হ’ব৷ মই ছেবাৰ অধ্যক্ষক কৈছো–আপুনি চাব, যাতে মোৰ ভাগিনবিলাকে মেট্ৰিকত সমাজ অধ্যয়নত ফেইল নকৰে৷ অতিৰিক্ত নম্বৰ দি হ’লেও মোৰ ভাগিন বিলাকক মেট্ৰিকত পাছ কৰাই দিব লাগিব৷ তেখেতে মোৰ অনুৰোধ ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে৷ সেয়েহে ভাগিন বিলাকে চিন্তা কৰিব নালাগে৷ মই ভাবো মোৰ ভাগিনসকলৰ চিন্তা দূৰ হ’ব৷ এই ফেচবুক লাইভতে মুখ্যমন্ত্ৰীয়ে কয় যে মহাপুৰুষ শংকৰদেৱে জীৱনৰ ১৮ টা বছৰ কটোৱা পাটবাউসী সত্ৰৰ উন্নয়নৰ বাবে বিশেষ আঁচনি হাতত লোৱা হৈছে৷