Logo
image

লীগ কাপৰ খিতাপ জয় নিউকেছলৰ

ৱেম্বলী, ১৭  মাৰ্চঃ  লিভাৰপুলক পৰাস্ত কৰি লীগ কাপৰ খিতাপ জয় কৰিছে নিউকেছলে৷ প্ৰতিযোগিতাৰ খিতাপৰ যুঁজত দেওবাৰে নিউকেছলে লিভাৰপুলক পৰাস্ত কৰে ২-ৰ গ’লত৷ এই সফলতাৰে ৫৬ বছৰৰ খিতাপৰ খৰাং দূৰ কৰিলে নিউকেছলে৷ দলটোৰ হৈ দেওবাৰে গ’ল দুটা দিয়ে ডান বাৰ্ন  আৰু আলেকজেণ্ডাৰ ইছাকে৷


খেলৰ ৪৫ মিনিটত বাৰ্নে নিউকেছলক অগ্ৰগতি দিয়ে৷ ৫২ মিনিটত দলৰ অগ্ৰগতি দুগুণলৈ বৃদ্ধি কৰে ইছাকে৷ লিভাৰপুলে দ্বিতীয়াৰ্ধৰ ইনজুৰী টাইমত ব্যৱধান হ্ৰাস কৰিবলৈ সক্ষম হয়৷ দলটোৰ হৈ একমাত্ৰ গ’লটো দিয়ে ফেডেৰিকো চিয়েছাই৷ ১৯৬৯১ পাছত নিউকেছলে প্ৰথমটো মেজ’ৰ খিতাপ জয় কৰিলে৷