Logo
image

মুম্বাই ইণ্ডিয়ান্‌ছৰ খেলুৱৈৰ বিৰুদ্ধে আইনী জাননী পাক ব’ৰ্ডৰ

নতুন দিল্লী, ১৭  মাৰ্চঃ  আই পি এলৰ সৈতে একে সময়তে অনুষ্ঠিত হ’ব পাকিস্তান ছুপাৰ লীগ [পি এছ এল]৷ ফলত দুটা ফ্ৰেন্সাইজী লীগৰ কোনটোত খেলিব সেই বিষয়ে সিদ্ধান্ত  ল’ব লগা হৈছে খেলুৱৈসকলে৷ বিভিন্ন কাৰণত খেলুৱৈসকলে আই পি এলক অগ্ৰাধিকাৰ দিয়াটোৱে স্বাভাৱিক৷ আই পি এলৰ পৰা লাভ কৰা পাৰিশ্ৰমিকো ভাল৷ দক্ষিণ আফ্ৰিকাৰ ক’ৰবিন বস্কে পাকিস্তান ছুপাৰ লীগৰ সৈতে থকা চুক্তি বাদ দি আই পি এলৰ পাঁচ বাৰৰ চেম্পিয়ন মুম্বাই দলত যোগ দিছে৷ আঘাতপ্ৰাপ্ত খেলুৱৈ লিজাড উইলিয়ামছৰ স্থানত তেওঁ মুম্বাই দলত যোগ দিছে৷ কিন্তু খেলুৱৈজনৰ এনে কাৰ্যত ক্ষুণ্ণ পাকিস্তান ক্ৰিকেট ব’ৰ্ড [পি চি বি]৷


ব’ৰ্ডৰ সৈতে থকা চুক্তিৰ বাধ্যবাধকতা উলংঘা কৰাৰ বাবে পি চি বিয়ে  বস্কলৈ আইনী জাননী প্ৰেৰণ কৰিছে৷ চলিত বৰ্ষৰ প্ৰথম ভাগত দক্ষিণ আফ্ৰিকাৰ হৈ পাকিস্তানৰ বিৰুদ্ধে শৃংখলাত অভিষেক ঘটিছিল বস্কৰ৷ তেওঁক ক্ৰয় কৰিছিল পি এছ এলৰ দল পেছোৱাৰ জালমিয়ে৷ এটা দলত থকাৰ সময়ত কিদৰে তেওঁলোকক নজনোৱাকৈ আন এটা দলত যোগ দিছে সেই বিষয়ে দক্ষিণ আফ্ৰিকান খেলুৱৈজনৰ পৰা জানিব বিচাৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে৷ নিৰ্ধাৰিত সময়ৰ ভিতৰত উত্তৰ দিব নোৱাৰিলে বস্কৰ বিৰুদ্ধে পৰৰ্ৱতী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি পি চি বিয়ে প্ৰকাশ কৰিছে৷ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বিৰুদ্ধেও পাকিস্তানে অভিযোগ কৰিছে৷ আন ব’ৰ্ডৰ লীগৰ এজন খেলুৱৈৰ সৈতে কিদৰে তেওঁলোকে চুক্তি কৰিলে সেই বিষয়ে পি চি বিয়ে জানিব বিচাৰিছে৷