Logo
image

দিল্লী কেপিটেল্‌ছৰ সহকাৰী অধিনায়ক নিযুক্ত ডু প্লেছিছ

নতুন দিল্লী, ১৭  মাৰ্চঃ  আই পি এলৰ আসন্ন ছীজনৰ বাবে দিল্লী কেপিটেলছৰ সহঃঅধিনায়ক নিযুক্ত হৈছে দক্ষিণ আফ্ৰিকাৰ জ্যেষ্ঠ বেটাৰ এফ ডু প্লেছিছ৷ সোমবাৰে ছ’চিয়েল মিডিয়া যোগে ডু প্লেছিছৰ নিযুক্তিৰ কথা ৰাজহুৱা কৰে ফ্ৰেন্সাইজীটোৱে৷ যোৱা বছৰৰ মেগা নিলামত দিল্লী কেপিটেলছে ভিত্তি মূল্য দুই কোটি টকাত ক্ৰয় কৰিছিল ডু প্লেছিছক৷ নিলামৰ পূৰ্বে তেওঁক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰিলিজ কৰি দিছিল৷ সহঃঅধিনায়ক নিযুক্ত হোৱাৰ লগে লগে দিল্লী কেপিটেলছৰ মূল একাদশত দক্ষিণ আফ্ৰিকান খেলুৱৈজনৰ স্থান নিশ্চিত হ’ল৷


অধিনায়ক অক্ষৰ পেটেলক খেলপথাৰৰ বাহিৰে ভিতৰে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাত তেওঁ সহায় কৰিব৷ নেতৃত্বৰ ক্ষেত্ৰত ডু প্লেছিছ যথেষ্ট অভিজ্ঞ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ দক্ষিণ আফ্ৰিকাক নেতৃত্ব দিয়াৰ লগতে ২০২২ৰ পৰা ২০২৪লৈ তেওঁ আৰ চি বিৰ অধিনায়ক আছিল৷ অধিনায়ক হিচাপে তেওঁ আৰ চি বিক ৪২ খন মেচত নেতৃত্ব দিছে৷ ইয়াৰে ২১খন মেচত জয় অৰ্জন কৰাৰ বিপৰীতে ২১খন মেচত দলটো পৰাস্ত হৈছে৷ আই পি এলত ১৪৫ খন মেচত ডু প্লেছিছৰ সংগ্ৰহ ৪৫৭১ ৰান৷