Logo
image

সুনীতা-বুছক বুকুত লৈ ড্ৰেগন নামিল সাগৰত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ মাৰ্চঃ  মহাকাশ অভিমুখী সেই যাত্ৰাত তেনে কোনো বিশেষত্ব নাছিল৷ আন ১০গৰাকী নভোচৰৰ দৰেই পৃথিৱীৰ পৰা মহাকাশ ষ্টেচনলৈ উৰা মাৰিছিল সুনীতা উইলিয়াম্‌ছে৷ সিমান বিশেষত্ব নাছিল, কাৰণ সেয়া তেওঁৰ বাবেও আছিল মহাকাশলৈ ব্যক্তিগত তৃতীয়টো যাত্ৰা৷ কিন্তু যোৱা ২৮৬ দিনত পৃথিৱীক ৪,৫৭৭বাৰ প্ৰদক্ষিণ কৰি ১৯৫.২ নিযুত কিলোমিটাৰ দূৰত্ব ‘কাৰমান লাইন’ৰ সিপাৰে উৰি উৰি যেতিয়া সুনীতা উইলিয়াম্‌ছে বুধবাৰে ভাৰতীয় সময়মতে পুৱতি নিশা ফ্ল’ৰিডাৰ টালাহাছিৰ সমীপত আটলাণ্টিক মহাসাগৰত অৱতৰণ কৰিলে, তেতিয়া তেওঁ আক্ষৰিক অৰ্থতে মহাকাশজয়ী বীৰাংগণা৷ সমগ্ৰ বিশ্ববাসীৰ বাবে৷ এক অসাধাৰণ, সাহসী প্ৰত্যাৱৰ্তন সম্ভৱ কৰি তুলিলে ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী সুনীতা উইলিয়াম্‌ছে৷ সম্প্ৰ বিশ্বৰ কোটি কোটি দৰ্শকৰ সন্মুখত আমেৰিকাৰ বিয়লিৰ বেলিৰ পোহৰত সুনীতা উইলিয়াম্‌ছ আৰু তেওঁৰ সংগী নভোচৰ বুছ উইলমোৰ, নিক হেগ আৰু আলেকজেণ্ডাৰ গবুৰ্নেভক লৈ স্পেচএক্সৰ ড্ৰেগন কেপচুলে আটলাণ্টিকৰ টালাহাছিৰ উপকূলত শান্ত সমুদ্ৰত নিৰাপদ অৱতৰণ কৰাত সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে৷ কিয়নো পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ নিলগত সংস্থাপিত মহাকাশ কেন্দ্ৰৰ পৰা সুনীতা উইলিয়াম্‌ছ উভতি আহিব নোৱাৰিব বুলি সাধাৰণ লোকৰ মাজত এটা ধাৰণাৰ সৃষ্টি হৈছিল৷

কিয় সৃষ্টি হৈছিল তেনে ধাৰণাৰ? বিভিন্ন সংবাদ মাধ্যম, সংবাদ গোষ্ঠীয়ে পৰিৱেশন কৰা অজস্ৰ অসমৰ্থিত বাতৰিৰ ফলতে তেনে এক ভুল ধাৰণাৰ সৃষ্টি হৈছিল৷ তদুপৰি সুনীতা উইলিয়াম্‌ছ আৰু বুছ উইলমোৰক ঘূৰাই আনিবলৈ নাছাই গ্ৰহণ কৰা কেইবাটাও পৰিকল্পনা গ্ৰাউণ্ড কণ্ট্ৰলতে ব্যৰ্থ হৈছিল৷ নাছাই সুনীতা উইলিয়াম্‌ছ আৰু বুছ উইলমোৰৰ প্ৰত্যাৱৰ্তন বা উদ্ধাৰ অভিযানৰ বাবে প্ৰকাশ কৰা কেইবাটাও তাৰিখ বা মাহ একাধিকবাৰ সলনি হৈছিল৷ সেয়ে সাধাৰণ মানুহৰ মনত তেনে এটা আশংকাই গঢ় লৈ উঠিছিল৷ কিন্তু তেওঁলোকৰ মহাকাশবাস দীৰ্ঘায়িত হ’লেও নাছাই দুয়োকে উদ্ধাৰৰ বাবে অহৰ্নিশে কাম সম্পাদন কৰি আছিল৷ বুধবাৰে ক্ৰু-৯ মিছনৰ সৈতে ৯ মাহ মহাকাশ ষ্টেচনত আৱদ্ধ হৈ থকা সুনীতা-উইলমোৰৰ প্ৰত্যাৱৰ্তনৰ পাছত নাছাৰ মহাকাশ অভিযান সঞ্চালকালয়ৰ ডেপুটী এছ’চিয়েট এডমিনিষ্ট্ৰেটৰ জুৱেল মণ্টালবান’ৱে ক’লে– ‘আমাৰ কাম হৈছে সফলতাৰে আৰু নিৰাপদে তেওঁলোকক মহাকাশলৈ লৈ যোৱা আৰু ঘূৰাই অনা৷ আমি পদাৰ্থ বিজ্ঞানৰ সূত্ৰ অনুসৰি উৰণ সম্পাদন কৰোঁ আৰু ব্যৱসায়িক সংগী কোম্পানীৰ দ্বাৰা অভিযান সম্পূৰ্ণ কৰোঁ৷ কেতিয়াবা সংবাদ মাধ্যমত তাৰ ভুল তথ্যৰ বাতৰি প্ৰকাশ পায়৷ কিন্তু সেই ভিত্তিহীন খবৰৰ পৰিৱৰ্তে আমাৰ মূল কামেই হৈছে অভিযান সফল কৰা৷ এই অভিযানো আমাৰ পৰিকল্পনা অনুসৰিয়েই সফলভাৱে সম্পাদন হৈছে৷ এই কামত বাতৰিৰ মচলা নাই, আছে সফল যাত্ৰাৰ অন্তত সফল প্ৰত্যাৱৰ্তনৰ দায়িত্ব৷ নাছাই সেই দায়িত্ব পালন কৰিছে৷’

প্ৰকৃততে সুনীতা উইলিয়াম্‌ছ আৰু বুছ উইলমোৰ টেষ্ট পাইলট হিচাপে এটা ৭ দিনীয়া যাত্ৰাৰ বাবে মহাকাশ কেন্দ্ৰলৈ গৈ ৯ মাহ আৱদ্ধ হৈ থকাৰ বাবেই নাছাৰ এই উদ্ধাৰ অভিযানক লৈ বিশ্বজুৰি আগ্ৰহৰ সৃষ্টি হৈছে৷ দুয়োৰে জীৱনক লৈ আশংকাৰ সৃষ্টি হোৱাৰ বাতৰিৰ বাবেই এই অভিযানক সংবাদ মাধ্যমে অধিক মহিমামণ্ডিত কৰিছে৷ অৱশ্যে সুনীতা উইলিয়ামছে বৃহৎ প্ৰত্যাহ৩ান অতিক্ৰম কৰি তেওঁৰ নভোচৰৰ কেৰিয়াৰক সীমাহীন উচ্ছতালৈ লৈ যাবলৈ সক্ষম হৈছে৷


উল্লেখ্য সুনীতা উইলিয়ামছ আৰু কমাণ্ডিং পাইলট বুছ উইলমোৰে টেষ্ট পাইলট হিচাপে বয়িং কোম্পানীৰ ‘ষ্টাৰলাইনাৰ’ নামৰ ‘স্পেচক্ৰাফট’খন মহাকাশ ষ্টেচনলৈ চলাই লৈ গৈছিল পৰীক্ষামূলকভাৱে৷ যদিহে সেই পৰীক্ষামূলক ড্ৰাইভ নিখুঁত হয়, তেন্তে ভৱিষ্যতৰ ‘স্পেচক্ৰাফট’ হিচাপে ‘ষ্টাৰশ্বিপ’ৰ দৰে মহাকাশলৈ যাতায়ত কৰিলেহেঁতেন বয়িঙৰ মহাকাশযানেও৷ কিন্তু যোৱাৰ পথতে ‘ষ্টাৰলাইনাৰ’ৰ থ্ৰাষ্ট যন্ত্ৰত বিজুতি ওলোৱাৰ লগতে মহাকাশযানখনৰ পৰা হিলিয়াম গেছো নিৰ্গত হ’ল৷ কোনোমতে দুয়ো ‘ষ্টাৰলাইনাৰ’ যানখন আইএছএছত ‘ডকিং’ কৰিলেও নাছাই নিৰাপত্তাৰ ভীতিৰ বাবে তেওঁলোকক সেইখন ‘স্পেচক্ৰাফট’ত উভতি আহিবলৈ অনুমতি নিদিলে৷ পাছত মানৱবিহীনভাৱে ‘ষ্টাৰলাইনাৰে’ নিৰাপদ অৱতৰণ কৰিলেও সুনীতা উইলিয়ামছ আৰু বুছ উইলমোৰ মহাকাশ ষ্টেচনত আৱদ্ধ হৈ পৰিল৷ দুয়োকে উদ্ধাৰৰ একাধিক প্ৰয়াস ব্যৰ্থ হোৱাত দীৰ্ঘায়িত হৈ পৰিল তেওঁলোকৰ মহাকাশবাস৷ যোৱা ৯ মাহত সুনীতা-উইলমোৰৰ উদ্ধাৰক লৈ সৃষ্টি হ’ল বিভিন্ন ‘প্ৰপাগাণ্ডা’, আকাশত উৰিল না না উৰাবাতৰি৷ ড’নাল্ড ট্ৰাম্পে এই বিষয়টোক লৈ আৰম্ভ কৰিলে ঘৰুৱা ৰাজনীতি৷ জো বাইডেনে সুনীতা উইলিয়ামছক মহাকাশত পৰিত্যক্ত কৰা বুলি ট্ৰাম্পে অভিযোগ তুলিলে৷ তেওঁলোকক মহাকাশ ষ্টেচনৰ পৰা নিৰাপদে ঘূৰাই অনা কঠিন বুলি বিশ্বত এক ‘নেৰটিভ’ৰ সৃষ্টি কৰিলে ট্ৰাম্প প্ৰশাসনে৷ 

বুধবাৰে সুনীতা উইলিয়ামছ আৰু ৩ সতীৰ্থ অহা এই ড্ৰেগন যানখনৰ প্ৰত্যাৱৰ্তন আছিল ক্ৰু জ্ঝ মিছনৰ ওভতনি যাত্ৰা৷ ক্ৰু জ্ঝ য়ে যাত্ৰা কৰিছিল ২০২৪ৰ ২৮ ছেপ্টেম্বৰত৷ পৃৰ্বৰ সূচীমতে তাত নাছাৰ এষ্ট্ৰ’নাট জেনা কাৰ্ডমেন [কমাণ্ডাৰ], নিক হগ [পাইলট], ষ্টিফেন উইলছন [মিছন স্পেচিয়েলিষ্ট] আৰ ৰছকছমছৰ কষ্ম’নাট আলেকজেণ্ডাৰ গৰ্বুনভ [মিছন স্পেচিয়েলিষ্ট] যোৱাৰ কথা আছিল৷ কিন্তু সুনীতা-উইলমোৰক ঘূৰাই আনিবলগীয়া হোৱাৰ বাবে জেনা কাৰ্ডমেন আৰু ষ্টিফেন উইলছন বাদ পৰিল৷ এতিয়া সেই ক্ৰু ৯ৰ দুজন নভোচৰ নিক হগ আৰু আলেকজেণ্ডাৰ গৰ্বুনভ উভতি অহাৰ বাবে সেই ৰিটাৰ্ণ ফ্লাইটৰ নাম হ’ল ক্ৰু ৯৷ আনহাতে ক্ৰু ১০ হৈছে যোৱা দেওবাৰে চাৰিজন নভোচৰ ক্ৰমে নিক’ল আয়াৰ্ছ, এন মেকক্লেইন, টাকুয়ো অনিশ্বি আৰু কিৰিল পেচকভক লৈ যোৱা মিছনটো৷ তেওঁলোক ছমাহৰ পাছত উভতি আহোঁতে সেইটো মিছনৰ নাম ক্ৰু ১০ হ’ব৷ সুনীতা উইলিয়ামছ আৰু বুছ উইলমোৰ মহাকাশলৈ যোৱাৰ মিছনটোৰ কোনো ক্ৰু নম্বৰ নাই, কাৰণ সেয়া নিয়মিত ক্ৰু ট্ৰান্সপ’ৰ্ট নাছিল৷ তেওঁলোক বয়িঙৰ ষ্টাৰলাইনাৰ স্পেচক্ৰাফটৰ টেষ্ট পাইলট হৈ গৈছিল৷ তেওঁলোকৰ অভিমানটোৰ নাম আছিল Boe-CFT৷ সুনীতা উইলিয়ামছ আৰু বুছ উইলমোৰৰ যদিও ক্ৰু ১০ৰ চাৰিজন সদস্য দেওবাৰে যোৱা যান ক্ৰু ড্ৰেগনত উঠিয়েই আহিল, কিন্তু উভতি আহোঁতে ক্ৰু ৯ মিছনৰ অংশীদাৰ হোৱাত দুয়ো আপোনাআপুনি ক্ৰু ৯ৰ সদস্য হৈ পৰিল৷ 

উল্লেখ্য কেইবছৰমানৰ আগলৈকে মহাকাশচাৰীয়ে কলম্বিয়া, ডিছক’ভাৰী, আটলাণ্টিছৰ দৰে বিমানসদৃশ ‘স্পেচ ছাটল’ত আহি ৰানৱেত অৱতৰণ কৰিছিল৷ কিন্তু নিৰাপত্তা আৰু ব্যয়বহুলতাৰ বাবে ছখন ‘স্পেচ ছাটল’ৰ ম্যাদ উকলি যোৱাৰ পাছত অৱসৰ দিয়া হ’ল৷  জৰ্জ ডব্লিউ বুশ্ব চৰকাৰে ‘স্পেচ ছাটল’ৰ অৱসৰৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল৷ কল্পনা চাওলা আৰু তেওঁৰ ৮ সতীৰ্থ উভতি অহা কলম্বিয়া মহাকাশত ধবংস হৈ যোৱাটোও ‘স্পেচ ছাটল’ বন্ধ কৰি দিয়াৰ এটা মূল কাৰণ৷ এতিয়া ‘স্পেচ ছাটল’ৰ ঠাইত ব্যৱহাৰ কৰা হৈছে ‘স্পেচক্ৰাফট’ আৰু ‘বয়িং ষ্টাৰলাইনাৰে’ পেৰাছুটৰ সহায়ত ভূপৃষ্ঠত অৱতৰণ কৰিলেও ইলন মাস্কৰ ‘ষ্টাৰশ্বিপ’ৰ ‘স্পেচক্ৰাফটে’ পানীত ‘স্প্লাছডাউন’হে কৰে৷ সেয়ে সুনীতা উইলিয়ামছ আৰু তেওঁৰ তিনি সতীৰ্থ নামিলহি ফ্লৰিডাৰ উপকূলৰ নিকটৱৰ্তী টালাহাছিৰ আটলাণ্টিক মহাসাগৰৰ জলপৃষ্ঠত ‘স্প্লাছডাউনে’ৰে৷ এই অৱতৰণ আছিল দৃষ্টিনন্দন৷ সুনীতা উইলিয়ামছ আৰু তেওঁৰ তিনি সতীৰ্থৰ দুঃসাহসিক আৰু প্ৰত্যাহ৩ানপূৰ্ণ এই যাত্ৰাৰ সমাপ্তিত অৱতৰণৰ সময়ত এজাক ডলফিনে তেওঁলোকৰ ‘স্পেচক্ৰাফট’ ‘ক্ৰু ড্ৰেগন’ক বেৰি ধৰি স্বাগতম জনোৱাৰ দৃশ্য আছিল অতুলনীয়৷