
স্পেচএক্সত কৰ্মৰত ছিপাঝাৰৰ ভৱানী শৰ্মা
‘আমাৰ অসম’ৰ ছিপাঝাৰৰ প্ৰতিবেদক, ১৯ মাৰ্চঃ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ দুঃসাহসিক মহাকাশ অভিযানত জড়িত এজন অসম সন্তান৷ প্ৰায় ৯টা মাহ মহাকাশত আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছক পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে নাছা আৰু স্পেচ এক্সৰ উদ্ধাৰকাৰী দলটোক আদৰণি জনাইছে সমগ্ৰ বিশ্বই৷ অতি গৌৰৱৰ বিষয় যে এই অভিযানৰ লগত জড়িত হৈ আছে এজন অসম সন্তান৷ দৰং জিলাৰ ছিপাঝাৰৰ হাজৰিকাপাৰা গাঁৱৰ ভৱানী শৰ্মা স্পেচএক্সত কৰ্মৰত৷ প্ৰয়াত সুৰেন্দ্ৰ নাথ শৰ্মা আৰু প্ৰয়াত সোণপাহী দেৱীৰ মাজু পুত্ৰ ভৱানী শৰ্মাই হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী আৰ্য মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ হৈ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰে৷
পৰৱৰ্তী সময়ত ছিপাঝাৰস্থিত সূতা উদ্যোগ প্ৰাগ বচিমিত নিযুক্ত হৈছিল যদিও দুবছৰ পাছত তেওঁ ডিইপিত সেৱা আগবঢ়ায়৷ ইয়াৰ পাছত দিল্লীস্থিত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত কম্পিউটাৰ শাখাত শিক্ষকৰূপে নিযুক্ত হয়৷ ভৱানী শৰ্মা ১৯৯৯ চনত আমেৰিকালৈ যায়৷ পৰৱৰ্তী সময়ত তেওঁ ইলন মাস্কৰ কোম্পানীৰ সৈতে জড়িত হৈ পৰে৷ তীক্ষ্ণ মেধাসম্পন্ন ভৱানী শৰ্মা স্পেচএক্সত কৰ্মৰত হোৱাৰ সূত্ৰে সুনীতা উইলিয়াম্ছৰ শেহতীয়া দুঃসাহসিক অভিযানৰ সৈতে জড়িত হৈ পৰা ঘটনাই অসমবীসাক গৌৰৱান্বিত কৰিছে৷