মুখ্যমন্ত্ৰীয়ে অসমলৈ মাতিলে সুনীতাক
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ মাৰ্চঃ ৮ দিনৰ বাবে গৈ মহাকাশৰ পৰা ৯মাহৰ মূৰত ধৰাত উপস্থিত হোৱা মহাকাশচাৰী সুনীতা উইলিয়ামছক আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ভাৰতলৈ আহিলে অসমলৈও আহিবলৈ তেওঁক আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই৷ তেওঁ কয়– 8 দিনৰ বাবে তেওঁ মহাকাশলৈ গৈছিল৷ ৯ মাহ থাকি আহিল৷ ভাৰতৰ মাটিৰ সৈতে সুনীতাৰ সম্পৰ্ক আছে৷ সুনীতাই বহু জ্ঞান লৈ ঘূৰি আহিছে৷
আমি অসমবাসী ৰাইজৰ হৈ তেওঁক অভিনন্দন জনাইছো৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুনীতালৈ ধুনীয়া চিঠি এখন লিখিছে৷ কেতিয়াবা ভাৰতলৈ আহিলে সুনীতা অসমলৈও আহক৷ এয়া আমাৰ আশা৷ সুনীতা উইলিয়ামছৰ সাহস, ধৈৰ্য আৰু উচ্ছাকাংক্ষাক ভাৰতবাসীৰ লগতে বিশ্ববাসীয়ে যুগে যুগে কৃতজ্ঞতাৰে সোঁৱৰণ কৰিব৷ ধন্য সুনীতা উইলিয়ামছ৷ ধন্য মহাকাশ বিজ্ঞানৰ এই যুগজয়ী অগ্ৰগতি৷ উল্লেখ্য, নাছাৰ লগতে সমগ্ৰ অন্তৰীক্ষ বিশ্বৰে ঐতিহাসিক ক্ষণ হিচাপে চিহ্নিত হৈ ৰোৱা এই কাহিনীটোৰ আৰম্ভণি হৈছিল ২০২৪ চনৰ প্ত জুনত৷ সেইদিনাই নাছাৰ অন্তৰীক্ষ প্ৰক্ষেপন কেন্দ্ৰৰ পৰা চাৰিগৰাকী মহাকাশচাৰী আঠদিনীয়া মহাকাশ গৱেষণাৰ বাবে মহাকাশ যাত্ৰা আৰম্ভ কৰিছিল৷ এই মহাকাশৰ যাত্ৰাৰ যাত্ৰী আছিল সুনীতা উইলিয়ামছ, বুচ উইলম’ৰসহ চাৰিগৰাকী৷






