
কোলাত শিশু তুলি ল’ব বিচাৰিছে নিঃসন্তান উলিয়াম্ছ দম্পতীয়ে
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ মাৰ্চঃ গুজৰাটী চিকিৎসক পিতৃ দীপক পাণ্ড্যা আৰু শ¡’ভেনিয়ান-আমেৰিকান মাতৃ উৰ্ছুলিন বনিৰ তৃতীয় তথা অন্তিম সন্তান সুনীতা উইলিয়ামছে তিনিটাকৈ মহাকাশ যাত্ৰাৰে ইতিহাসৰ পৃষ্ঠাত প্ৰৱেশ কৰিছে৷ সুনীতা উইলিয়ামছে ব্যক্তিগত জীৱন ব্যক্তিগতভাৱে ৰখাটোৱেই পচণ্ড কৰে৷ সেয়ে তেওঁৰ স্বামী মাইকেল জে উইলিয়ামছৰ বিষয়ে ৰাজহুৱা পৰিচিতি সিমান পোৱা নাযায়৷ ফেডাৰেল মাৰ্ছাল হিচাপে বিগত দুই দশক টেক্সাছত কৰ্মৰত মাইকেল এসময়ত সুনীতাৰ দৰেই ইউএছমেৰিনৰ হেলিকপ্টাৰ পাইলট আছিল৷ মাৰ্কিন নৌসেনাৰ প্ৰাক্তন সেনা দম্পতিৰ কোনো সন্তান নাই৷ ৫৯ বছৰীয়া সুনীতাই গুজৰাটৰ পৰা এটি সন্তানক তুলি লোৱাৰ আগ্ৰহ প্ৰকাশ কৰিলেও সেয়া এতিয়াও হৈ উঠা নাই৷ তথাপি অচিৰেই সুনীতাই এটা সন্তান কোলাত তুলি লোৱাৰ আশা জীয়াই ৰাখিছে৷
গুজৰাটৰ জুটচানা গাঁৱৰ পাণ্ড্যা পৰিয়ালৰ বংশধৰ সুনীতা পাণ্ড্যাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ হোৱাৰ কাহিনী উপন্যাসৰ দৰে ৰোমাঞ্চকৰ৷ সুনীতা উইলিয়ামছৰ জন্ম হৈছিল ১৯৬৫ চনৰ ১৯ ছেপ্টেম্বৰত আমেৰিকাৰ অ’হাঅ’ ৰাজ্যৰ ইউৰিচছ চহৰত এটি ভাৰতীয় গুজৰাটী পৰিয়ালত৷ সুনীতা মূলতঃ আমেৰিকাৰ মাছাচুচেট্ছ ৰাজ্যৰ নীডহাম চহৰত ডাঙৰ হৈছিল৷ তেওঁ ১৯৮৩ চনতৰ পৰা মাধ্যমিক শিক্ষা সম্পন্ন কৰে৷ ১৯৮৭ চনত আমেৰিকাৰ নেভেল একাডেমিৰ অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷
পাছত, ১৯৯৫ চনত ফ্লৰিডা ইনষ্টিটিউট অৱ টেকনলজিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ সুনীতা উইলিয়ামছ সৰুৰেপৰা খেলধুলাত যথেষ্ট পাৰ্গত আছিল৷ তেওঁ সৈন্যবাহিনীৰ শিক্ষানুষ্ঠানত যোগদান কৰি আকাশী অভিযানত আগ্ৰহী হৈ পৰে, যাৰ ফলত তেওঁ মাৰ্কিন নৌবাহিনীৰ যুদ্ধৰ হেলিকপ্টাৰৰ পাইলট হয় আৰু পাছত মহাকাশচাৰীৰ বৃত্তি বাছি লয়৷
মহাকাশচাৰী হিচাপে সুনীতাৰ কেৰিয়াৰঃ সুনীতা উইলিয়ামছ ১৯৯৮ চনত নাছাৰ মহাকাশচাৰী হিচাপে নিৰ্বাচিত হয়৷ তেতিয়াৰে পৰা তেওঁ মহাকাশ অভিযান, মহাকাশযান চালনা, আৰু মহাকাশত বিজ্ঞানমূলক অনুশীলনৰ বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰে৷
প্ৰধান মহাকাশ অভিযানসমূহঃ এক্সপিডিচন ১৪/১৫ ২০০৬-২০০৭ঃ মহাকাশযানঃ স্পেচ ছাটল ডিছকভাৰী৷
বিশেষ কৃতিত্বঃ ১৯৫ দিন মহাকাশত থাকি, যিকোনো মহিলা মহাকাশচাৰীৰ ভিতৰত আটাইতকৈ বেছি সময় মহাকাশত থকাৰ অভিলেখ গঢ়ে৷ চ্ছ্ৰ বাৰ স্পেচৱাক কৰি ২৯.০৩ ঘণ্টা মহাকাশৰ বাহিৰত কাৰ্যসম্পাদন কৰে৷
এক্সপিডিচন ৩২/৩৩ ২০১২ঃ মহাকাশযানঃ ছয়ুজ
বিশেষ কৃতিত্বঃ ১১৮ দিন মহাকাশত অতিবাহিত কৰে৷ মহাকাশত ‘বষ্টন মাৰাথন’ সম্পন্ন কৰা প্ৰথম মহাকাশচাৰী মহিলা হয়৷ ৩ বাৰ স্পেচৱাক সম্পন্ন কৰে, মুঠ ৫০ ঘণ্টা ৪০ মিনিট মহাকাশৰ বাহিৰত থাকে৷ ষ্টাৰলাইনৰ মিছন ২০২৪-২০২৫ঃ মহাকাশযানঃ ব’য়িং ষ্টাৰলাইনাৰ৷
সুনীতা উইলিয়ামছৰ বিশেষ কৃতিত্বঃ মহাকাশত আটাইতকৈ বেছি সময় [৩২২ দিন] অতিবাহিত কৰা মহিলা মহাকাশচাৰী হিচাপে বিশ্বৰেকৰ্ড গঢ়ে, স্পেচৱাকত মুঠ ৭ বাৰ অংশ লৈ ৫০ ঘণ্টা মহাকাশৰ বাহিৰত থাকে, প্ৰথম মহিলা মহাকাশচাৰী যি মহাকাশত মাৰাথন দৌৰ সম্পন্ন কৰে৷