
জুবিন-পাপনক হিন্দী গীত গোৱাৰ সুযোগ দি বিহু সন্মিলনীৰ নতুন এছঅ’পি
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৯ মাৰ্চঃ ‘বিহু মঞ্চত শিল্পীসকলে হিন্দী ছবিৰ গীত পৰিববেশন কৰিব নোৱাৰিব৷ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে বিহু মঞ্চত কি গীত পৰিবেশন কৰিব, সেয়া তেওঁৰ কথা৷ জুবিন গাৰ্গে নিজে গোৱা হিন্দী গীত বিহু মঞ্চত গাব পাৰে৷ তাত আমাৰ ক’বলগীয়া একো নাই৷’ –এই ভাষ্য বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ সভাপতি ৰঞ্জন বৰাৰ৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিহু সন্মিলনী সমন্বয় সমিতিৰ উদ্যোগত ৰঙালী বিহুৰ নিয়মাৱলীক লৈ অনুষ্ঠিত এখন সংবাদ মেলত ব’হাগ বিহুৰ নতুন এছঅ’পি ৰাজহুৱা কৰি বিহুৰ আয়োজক আৰু শিল্পীসকলক উদ্দেশ্যি সভাপতি বৰাই লগতে কয়– ‘সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই বিহু মঞ্চত ‘দিল হুম হুম কৰে’ ৰ দৰে স্ব-সৃষ্ট হিন্দী গীত পৰিবেশন কৰিছিল৷ অসমীয়া সংগীত জগত এতিয়া এখন মহাসাগৰত পৰিণত হৈছে, তাত আমি বাধা দিয়া উচিত নহয়৷ বিহু মঞ্চত শিল্পীয়ে নিজৰ সৃষ্টি বা লোকসংগীত পৰিবেশন কৰিব পাৰে– তাত আমাৰ আপত্তি নাই৷ কিন্তু আনৰ সৃষ্টিৰ হিন্দী গীত, বিশেষকৈ হিন্দী চিনেমাৰ গীত পৰিবেশন কৰিব নোৱাৰিব৷ সাত বিহুৰ ভিতৰতে বিহু কমিটীসমূহে ৰঙালী বিহু পালন কৰা উচিত৷
ৰঙালী বিহুত বহিঃৰাজ্যৰ গামোচা বৰ্জন কৰক৷ থলুৱা শিপিনীৰ হাতে বোৱা গামোচা ব্যৱহাৰ কৰক৷ আমি বহিঃৰাজ্যৰ গামোচা বৰ্জন কৰিব লাগিব৷ স্থানীয় শিল্পীৰ হাতে বোৱা গামোচা ব্যৱহাৰ কৰিব লাগিব৷ ইয়াৰ জৰিয়তে থলুৱা শিল্পীসকলো উপকৃত হ’ব৷ বিহুৰ কেইদিন আয়োজক তথা শিল্পীসকলে জাতীয় সাজপাৰ বা মাৰ্জিত পোছাক পৰিধান কৰিব লাগিব৷ সাত বিহুৰ ভিতৰতে ৰঙালী বিহু পালন কৰক৷ জাতীয় উৎসৱ এটা মাহ ধৰি চলিব নালাগে৷ সাত বিহুৰ পাছত অনুষ্ঠিত বিহুৰ অনুষ্ঠানক সাংস্কৃতিক অনুষ্ঠান হিচাপে ধৰা হ’ ব৷ বিহু কেৱল আধুনিক গীতসৰ্বস্ব হ’ব নোৱাৰে৷ অসমৰ বাৰেবৰণীয়া লোকনৃত্য, লোকসংস্কৃতি পৰিবেশন কৰিব লাগে৷ নিশা ১২ বজাৰ ভিতৰত বিহুৰ অনুষ্ঠান বন্ধ কৰিব লাগে৷ আমি বহু সময়ত দেখা পাইছোঁ যে নিশা ১২ বজাৰ পাছত অনুষ্ঠান পৰিবেশন কৰিবলৈ যাওঁতে বহু শিল্পী দুৰ্ঘটনাত পতিত হয়৷ সেয়েহে নিশা ১২ বজাৰ ভিতৰত বিহুৰ অনুষ্ঠান সামৰিব লাগে৷ বিগত দুবছৰে দিয়াৰ দৰে এইবাৰো ৰঙালী বিহু উদ্যাপন কমিটীসমূহক ডেৰ লাখ টকাৰ অনুদান দিবলৈ চৰকাৰক অনুৰোধ জনালোঁ৷ বিগত দুবছৰ ধৰি আমি শ্ৰেষ্ঠ বিহু সংগঠকৰ সন্মান আগবঢ়াই আহিছোঁ৷ এইবাৰ পূব-গুৱাহাটী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি হৰেন দাস আৰু বৃহত্তৰ ধপলীয়া বিহুৰ প্ৰাক্তন সভাপতি মনোৰাম টুৰুঙক এই সন্মান জনোৱা হ’ব৷’ আনহাতে গায়িকা মৰ্মিতা মিত্ৰৰ প্ৰসংগত ৰঞ্জন বৰাই কয়– ‘কোনোবা অনাঅসমীয়া জীয়ৰী-বোৱাৰীয়ে যদি অসমীয়া গীত গাইছে, তেন্তে তেওঁক আমি আদৰি ল’ব লাগে৷ তেওঁৰ উচ্ছাৰণত ভুল হ’ব পাৰে, কিন্তু তেওঁ চেষ্টা কৰিছে৷ কোনোবাই অসমীয়াত্ব ল’ব বিচৰিলে লওক, তাত আমাৰ আপত্তি নাই৷’ উল্লেখ্য, সম্প্ৰতি গীত গাই থকা অসমীয়া শিল্পীসকলৰ ভিতৰত জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তকে ধৰি মুষ্টিমেয় শিল্পীৰহে নিজা হিন্দী গীত আছে৷ তেওঁলোকে কোনোবাই হিন্দী গীত গাইছে, কোনোবাই সুৰ কৰিছে, কোনোবাই সংগীতেৰে সজাইছে৷ বৃহত্তৰ গুৱাহাটী বিহু বিহু সন্মিলনী সমন্বয় সমিতিয়ে বুধবাৰে সংবাদমেলৰ জৰিয়তে ঘোষণা কৰা ব’হাগ বিহুৰ এছঅ’পিত স্পষ্ট কৰি দিছে যে বিহু মঞ্চত শিল্পীসকলে নিজৰ হিন্দী গীতহে পৰিৱেশন কৰিব পাৰিব৷ সেইসূত্ৰে জুবিন আৰু পাপনকে ধৰি মুষ্টিমেয় শিল্পীৰ বাহিৰে আন কোনেও বিহু মঞ্চত হিন্দী গীত গাব নোৱাৰিব– সমন্বয় সমিতিৰ মতে৷ ইয়াৰ জৰিয়তে সমন্বয় সমিতিয়ে জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তক বিহু মঞ্চত হিন্দী গীত গাবলৈ বিশেষভাৱে সুযোগ দিলে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে৷ বুধবাৰৰ সংবাদ মেলত বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ উপদেষ্টা কৈলাস শৰ্মা, উপ-সভাপতি বিপুল তালুকদাৰ, সাধাৰণ সম্পাদক অজয় তালুকদাৰ, সহকাৰী সম্পাদক মুনীন্দ্ৰ [মুন] ডেকা আদি উপস্থিত থাকে৷