
ডাক্তৰ নাই, চৰকাৰী হাস্পতালৰ সেৱা বন্ধ
‘আমাৰ অসম’ৰ লখিমপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু লালুকৰ প্ৰতিবেদক, ১৯ মাৰ্চঃ ৰাজ্য চৰকাৰে বিভিন্ন জিলাত মেডিকেল কলেজ-হাস্পতাল স্থাপন কৰাৰ সময়তে লখিমপুৰ জিলাৰ লালুক আদৰ্শ চিকিৎসালয়ত চিকিৎসকৰ অভাৱত চিকিৎসালয়খনত জৰুৰীকালীন সেৱা বন্ধ কৰি দিয়া কাৰ্যই স্বাস্থ্য বিভাগৰ স্বৰূপ উদঙাই তুলিছে৷ চিকিৎসকৰ অভাৱত চিকিৎসালয়খনৰ উপ-অধীক্ষকে মঙলবাৰে এক জাননীযোগে চিকিৎসালয়খনত জৰুৰীকালীন সেৱা বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উপ-অধীক্ষকজনে মঙলবাৰে জাননীখনত উল্লেখ কৰে যে লালুক আদৰ্শ চিকিৎসালয়ত পৰ্যাপ্তসংখ্যক চিকিৎসক নথকাৰ বাবে মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ জৰুৰীকালীন সেৱা উপলব্ধ নহ’ব৷ ইফালে ৩০খন বিচনাযুক্ত চিকিৎসালয়খনত জৰুৰীকালিন সেৱা বন্ধ কৰি দিয়াৰ ফলত দুৰ্ঘটনাজনিত আৰু প্ৰসূতিজনিত মহিলা ৰোগীকে ধৰি বিভিন্ন ৰোগীৰ মাজত একপ্ৰকাৰে হাহাকাৰ সৃষ্টি হৈছে৷ উল্লেখ্য, এই চিকিৎসালয়খনত পূৰ্বতে প্তজন চিকিৎসক নিযুক্ত আছিল যদিও ইয়াৰে দুজন চিকিৎসক ক্ৰমে ডাঃ চন্দন সিং দেউৰী, ডাঃ গুণ ৰঞ্জন মিৰিক ফেব্ৰুৱাৰী মাহত আন ঠাইলৈ বদলি কৰাৰ লগতে এগৰাকী মহিলা চিকিৎসক ডাঃ স্মৃতিৰেখা গগৈয়ে ছুটী লোৱাত চিকিৎসালয়খনত অচলাৱস্থাৰ সৃষ্টি হৈছে৷ দিনৰ ভাগত এই চিকিৎসালয়খনত কাষৰীয়া কাছজুলি, ঢেকীয়াজুলি, ফুলবাৰী, বিহপুৰীয়া, হাৰমতী, বান্দৰদেৱা, নাওবৈচা আদিৰ পৰা অহা শ শ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে আৰু শেহতীয়াকৈ ফেব্ৰুৱাৰী মাহত দুজনকৈ চিকিৎসকক উক্ত আদৰ্শ চিকিৎসালয়খনৰ পৰা বদলি কৰা কাৰ্যই স্থানীয় ৰাইজক ক্ষোভিত কৰি তুলিছে৷ মাত্ৰ দুজন চিকিৎসকে দিনৰ ভাগত সেৱা আগবঢ়োৱাৰ পাছত নৈশ বা জৰুৰীকালিন সেৱা আগবঢ়োৱাত সমস্যাৰ সৃষ্টি হোৱাত যোৱা ১৭মাৰ্চৰ পৰা চিকিৎসালয়খনৰ জৰুৰীকালিন সেৱা বন্ধ হোৱা বুলি কতৃৰ্পক্ষই জাননী অঁৰা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে৷ তাৎপৰ্যপূৰ্ণ কথা যে অসম-অৰুণাচল সীমান্তৱৰ্তী বৃহত্তৰ লালুক অঞ্চলৰ একমাত্ৰ আদৰ্শ চিকিৎসালয়খনলৈ দিনে-নিশাই বিভিন্ন ৰোগীৰ আগমন ঘটে৷ ইয়াৰ লগতে আকৌ দুৰ্ঘটনাজনিত লোকসকলক পোনপটীয়াকৈ লালুক চিকিৎসালয়লৈ অনা হয়৷ এনেস্থলত চিকিৎসালয়খনত জৰুৰীকালিন সেৱা বন্ধ কৰি দিয়াত সকলোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি স্বাস্থ্য বিভাগক ধিক্কাৰ দিছে৷ সম্প্ৰতি আদৰ্শ চিকিৎসালয়খনত ৰোগীসকলে জৰুৰীকালিন সেৱাৰ লগতে নৈশভাগত দুৰ্ঘটনাগ্ৰস্ত আৰু প্ৰসূতি ৰোগীসকলে বিশেষ সমস্যাৰ সন্মুখীন হোৱাত তেওঁলোকে প্ৰায় ৩৫-৪০ কিঃ মিটাৰ দূৰত্বৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ আনিবলগা হোৱাত সমস্যাৰ সৃষ্টি হৈছে৷ সেয়েহে চিকিৎসালয়খনত অচিৰেই পৰ্যাপ্ত চিকিৎসক নিয়োগ কৰি জৰুৰীকালিন সেৱা অব্যাহত ৰাখিবলৈ স্থানীয় ৰাইজে জিলা স্বাস্থ্য বিভাগক দাবী জনাইছে৷
মাজুলীত মৃত্যুঞ্জয় সেৱাৰ নৌকা এম্বুলেঞ্চ বিকল
‘আমাৰ অসম’ৰ মাজুলীৰ প্ৰতিনিধিঃ মাজুলীৰ গড়মূৰস্থিত জিলা চিকিৎসালয়ৰ শোচনীয় আন্তঃগাঁথনিৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যৰ দিশত মাজুলীবাসী ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ মাজুলীৰ প্ৰায় দুইলক্ষ জনসাধাৰণৰ চিকিৎসাৰ ক্ষেত্ৰত একমাত্ৰ ভৰষা গড়মূৰ জিলা চিকিৎসালয়খনৰ এনে দূৰৱস্থাই বাৰুকৈয়ে বিপাঙত পেলাইছে মাজুলীবাসীক৷ বিভিন্ন সময়ত মাজুলীবাসীয়ে জিলা চিকিৎসালয়খনৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে আবেদন-নিবেদন বা কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত মাজুলীয়ে সুফল পাবলৈ সক্ষম হোৱা নাই৷ সেয়ে মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ সভাপতি মুনীন্দ্ৰ ভূঞা আৰু সাধাৰণ সম্পাদক সীমান্ত বৰাৰ স্বাক্ষৰিত নিম্ন উল্লিখিত দাবী সম্বলিত এখন স্মাৰক-পত্ৰ আজি মাজুলী জিলা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে৷ পৰিষদৰ সভাপতি, সম্পাদকৰ লগতে উপদেষ্টা জগত হাজৰিকা, উপ-সভাপতি পৱিত্ৰ বৰা আৰু গড়মূৰ সদৰ আঞ্চলিকৰ সভাপতি যাদৱ বৰা সহঃ প্ৰতিনিধি দলটোৱে অতিৰিক্ত আয়ুক্ত ড॰ ভৰত কোঁৱৰৰ হাতত মুখ্যমন্ত্ৰীলৈ বুলি প্ৰদান কৰা স্মাৰক-পত্ৰখনত সম্বলিত দাবীসমূহ হ’ল বৰ্তমান সময়ত জিলা চিকিৎসালয়খনৰ এক্সৰে মেচিনটো বিকল হৈ থকাত শ-শ ৰোগী এক্সৰে চিকিৎসাৰ পৰা বঞ্চিত হৈছে৷ উক্ত মেচিনটো শীঘ্ৰে কাৰ্যক্ষম কৰাৰ দাবী জনোৱাৰ লগতে জিলা চিকিৎসালয়খনত আলট্ৰাছাউণ্ড মেচিন উপলব্ধ যদিও অপাৰেটৰ তথা ৰেডিঅ’লজিষ্ট নোহোৱাৰ বাবে ই পৰিত্যক্ত অৱস্থাত আছে আৰু ৰোগীসকলৰ সমস্যাৰ সৃষ্টি হৈছে৷ সেয়ে অতিশীঘ্ৰে চিকিৎসালয়খনত অপাৰেটৰ, ৰেডিঅ’লজিষ্ট নিযুক্তি দিবলৈ দাবী জনায়৷ একেদৰে চিকিৎসালয়খনত ৬৭টা চিকিৎসকৰ পদ আছে যদিও ইয়াৰে ৪৩টা পদেই খালী হৈ আছে৷ উক্ত পদসমূহ শীঘ্ৰে পূৰ কৰিবলৈ দাবী জনায়৷ জিলা চিকিৎসালয়ত দুভাগ্যজনকভাৱে মাত্ৰ এটা বিভাগতহে অস্ত্ৰোপচাৰ হয়৷ যাৰ ফলত বহু ৰোগীয়ে চিকিৎসা লাভৰ পৰা বঞ্চিত হৈ আছে৷ সেয়ে সকলো বিভাগতে অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷ বৰ্তমান সময়ত মাজুলীৰ স্বাস্থ্য বিভাগৰ অধীনত যি তিনিখন নৌকা এম্বুলেঞ্চ আছে সেই তিনিওখনেই সম্পূৰ্ণৰূপে বিকল হৈ আছে৷ যাৰ পৰিপ্ৰেক্ষিতত তৎকালীনভাৱে ৰেফাৰ দিয়া ৰোগীসমূহ উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ নিয়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ স্বাৰ্থত নৌকা এম্বুলেঞ্চসমূহ শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ দাবী জনায়৷ লগতে চিকিৎসকৰ পৰ্যাপ্ত আৱাস-গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈও স্মাৰক-পত্ৰত দাবী জনায়৷ মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত সমস্যাসমূহৰ শীঘ্ৰে সমাধান কৰি স্বাস্থ্য খণ্ড উন্নয়নত মুখ্যমন্ত্ৰীক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ইয়াৰ অন্যথা মাজুলীৰ দুইলক্ষ জনগণৰ বৃহত্তৰ স্বাৰ্থত আগন্তুক দিনত পৰিষদে মাজুলীবাসীৰ সহযোগত গণতান্ত্ৰিক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি স্মাৰক-পত্ৰত উল্লেখ কৰে৷
ছয়গাঁৱত চিকিৎসাৰ অভাৱত প্ৰসূতিৰ মৃত্যু
‘আমাৰ অসম’ৰ বকোৰ প্ৰতিবেদকঃ কামৰূপ জিলাৰ শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত তথা ছয়গাঁও সমষ্টিৰ বাতাহিদিয়া গাঁও পঞ্চায়তৰ দুৰ্গম চৰাঞ্চল কালাৰদিয়া গাঁৱৰ এগৰাকী প্ৰসূতি মহিলাৰ চিকিৎসাৰ অভাৱত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মৃত প্ৰসূতি মহিলাগৰাকী কালাৰদিয়া গাঁৱৰ শুকুৰ আলীৰ পত্নী নুৰভানু বিবি বুলি জানিব পৰা গৈছে৷ উপযুক্ত চিকিৎসাৰ অভাৱত প্ৰসূতিগৰাকীৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ কালাৰদিয়া গাঁৱৰ পৰা মাত্ৰ ২কিলোমিটাৰ দূৰৈত অৱস্থিত বাতাহিদিয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এখন থকা সত্বেও চিকিৎসালয়ত প্ৰসূতিৰ বাবে পৰ্যাপ্ত ব্যৱস্থা আৰু নিয়মিত চিকিৎসকৰ উপস্থিতি নথকাৰ বাবেই চৰ অঞ্চলৰ ৰাইজে প্ৰসূতি-ৰোগীকলৈ সমস্যাত ভুগিবলগীয়া হৈছে৷ জানিব পৰা মতে, ৩৬বছৰীয়া প্ৰসূতি মহিলাগৰাকীৰ পৰিয়ালৰ অসাৱধানতা আৰু স্থানীয় চিকিৎসালয়ত চিকিৎসক নথকাৰ বাবে স্থানীয় ধাইৰ সহযোগত নিজ ঘৰতে এটি সন্তান প্ৰসৱ কৰায়৷ সন্তান জন্ম হোৱাৰ পাছত মহিলাগৰাকীৰ অতিৰিক্ত ৰক্তপাত আৰম্ভ হয়৷ তাৰ পাছত দায়িত্বত থকা আশা কৰ্মীক খবৰ দিছিল পৰিয়ালৰ লোকে৷ আশা কৰ্মীজনীয়ে প্ৰসূতিগৰাকীৰ অৱস্থা সংকটজনক দেখা পোৱা মাত্ৰেই গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ পথত হাতীপাৰাত প্ৰসূতিগৰাকীৰ মৃত্যু হয়৷ এই ঘটনাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰাত কামৰূপ জিলা প্ৰশাসনে ব্যপক তৎপৰতা দেখুৱাই শুৱালকুছি নদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সোণ শৰ্মাৰ নেতৃত্বত প্ৰথমে মৃত মহিলাগৰাকীক গৰৈমাৰী আৰক্ষী থানালৈ লৈ আনে৷ পাছলৈ মহিলাগৰাকীক মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷
স্বাস্থ্যকৰ্মীৰ অশালীন ব্যৱহাৰ, ২৫ দিনে অনুপস্থিত ডাক্তৰ
‘আমাৰ অসম’ৰ খৈৰাবাৰীৰ প্ৰতিবেদকঃ দৰং জিলাৰ ওদালগুৰি সীমান্তৰ নামখলাত থকা একমাত্ৰ ‘নামখলা সহায়ক স্বাস্থ্য কেন্দ্ৰ’ৰ কেৰাণী শেৱালি ডেকাই স্বাস্থ্য কেন্দ্ৰখনৰে আগৰৱালা উপাধিৰ চিকিৎসকজনক অশালীন ব্যৱহাৰ কৰা বাবে স্বাস্থ্য কেন্দ্ৰৰ পৰা চিকিৎসকজন আঁতৰি যায়৷ ফলত স্থানীয় ৰাইজৰ লগতে আশাকৰ্মীসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয় যোৱা ২৫ফেব্ৰুৱাৰীৰ পৰা৷ প্ৰায় ২৫দিন ধৰি অচলাৱস্থাৰ সৃষ্টি হৈছে চিকিৎসালয়খনত৷ সেয়েহে নামখলা আঞ্চলিক ছাত্ৰ সন্থা আৰু লাচিত সেনাৰ উদ্যোগত বুধবাৰে নামখলা গাঁও পঞ্চায়ত সভাগৃহত অৱসৰী অধ্যক্ষ নীল হাজৰিকাৰ সঞ্চালনাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ চিকিৎসা কেন্দ্ৰৰ কেৰাণী শেৱালি বৰুৱাই মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ বিশেষ ঘনিষ্ঠতা থকা বুলি কৈ দালালি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ লগতে লাচিত সেনা আৰু ছাত্ৰ সন্থাই৷ পূৰ্বেও বহুবাৰ শেৱালি ডেকাই চিকিৎসালয়ত অপ্ৰীতিকৰ ঘটনা ঘটোৱা বুলি বুধবাৰৰ ৰাজহুৱা সভাত ৰাইজে মত প্ৰকাশ কৰে৷ শেৱালি ডেকাক তৎকালীনভাৱে নিলম্বন অথবা বদলিকৰণ কৰিবলৈ ৰাইজে দাবী জনাইছে৷ ইতিমধ্যে দৰং জিলা আয়ুক্ত আৰু জিলা যুটীয়া স্বাস্থ্য বিষয়াকো স্মাৰক-পত্ৰযোগে দাবী জনোৱা হৈছিল যদিও কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে৷ বুধবাৰৰ ৰাজহুৱা সভাত পাথৰিঘাট মহকুমা স্বাস্থ্য বিষয়া ডাঃ অৰ্চনা বৰুৱা, প্ৰাক্তন পঞ্চায়ত সভাপতি আক্ৰাম হুছেইন আদি উপস্থিত থাকে৷