‘মই চোৰ নে ডকাইত? ইমান পুলিচ কিয়’
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ মাৰ্চঃ মই চোৰ নে ডকাইত/ কিয় পুলিচ লগাই ৰাখিছে৷ মই য’তেই যাওঁ, তাত মানুহতকৈ পুলিচ বেছি পাওঁ৷’– মঙলবাৰে বিয়লি কাচাৰৰ এছপি নোমল মাহাতোৰ লগতে আৰক্ষী-প্ৰশাসনক এনেদৰে ধমক দিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য, কালি শিলচৰৰ দেশভক্ত তৰুণৰাম ফুকন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা শিলচৰলৈ গৈছিল৷ উক্ত কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ স্থানীয় লোকে বিশেষকৈ একাংশ মহিলাই ভিৰ কৰিছিল৷ কিন্তু প্ৰট’কল মতে আৰক্ষীয়ে বাধা দিয়াত খঙত অগ্নিশৰ্মা হৈ পৰা মুখ্যমন্ত্ৰীয়ে লগতে কয়– ‘কিয় ইমান পুলিচ লগাইছে৷ এনেকে কৰেনে ভাই৷ ইমান নাৰাখে নহয় মানুহ৷’ উল্লেখ্য, মুখ্যমন্ত্ৰীয়ে জনতাৰ স্বাৰ্থত এনেদৰে আৰক্ষী-প্ৰশাসনক ৰাজহুৱাকৈ ধমক দিয়াটো এয়াই প্ৰথম নহয়৷
ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত ৰাজপথত যান-বাহন আবদ্ধ কৰি ৰখাৰ বাবে নগাঁৱৰ জিলা উপায়ুক্তক ‘কোনোবা ৰাজা-মহাৰাজা’ আহিছে নেকি বুলি ধমক দিছিল৷ সামাজিক মাধ্যমত এই ধমক ভাইৰেল হৈ পৰিছিল৷ কোনো কোনোৱে মুখ্যমন্ত্ৰীৰ এনে কৰ্মকাণ্ডক প্ৰশংসা কৰাৰ লগতে আন একাংশই আকৌ নাটক আখ্যা দি সমালোচনাও কৰিছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে চি আৰ পি এফৰ জেদ প্লাছ নিৰাপত্তা প্ৰদান কৰিছে৷ যিকোনো সময়তে তেওঁৰ লগতে ১১জনকৈ চি আৰ পি এফ প্ৰশিক্ষিত কোব্ৰা কামাণ্ডো নিৰাপত্তাৰ দায়িত্বত থাকে৷ ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত থাকে পাঁচখনকৈ নিৰাপত্তাৰক্ষীৰ গাড়ী৷ চি আৰ পি এফ, অসম আৰক্ষীকে ধৰি মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত গুৱাহাটীৰ বাহিৰত প্ৰায় ৫০জন আৰক্ষী, কামাণ্ডো নিয়োজিত হৈ থাকে৷ কিবা কাৰণে যদি সামান্য চুলি এডালৰ সমানো নিৰাপত্তাৰ সুৰুঙা থাকে, তেন্তে সংশি¡ষ্ট নিৰাপত্তাৰক্ষীসকলেই ইয়াৰ বাবে জবাবদিহি হ’ব লাগিব৷ সেয়েহে সকলো জানি-শুনিও মুখ্যমন্ত্ৰীয়ে ভোটাৰৰ মন মুহিবলৈ মাজে সময়ে এনেদৰে নিৰাপত্তাৰক্ষীক ধমক দি চমক সৃষ্টি কৰে বুলি বিৰোধীয়ে সমালোচনা কৰিছে৷






