Logo
image

মালদ্বীপক হৰুৱালে ভাৰতে

শ্বিলং, ১৯  মাৰ্চঃ  অৱসৰ অতিক্ৰমী প্ৰত্যাৱৰ্তন কৰা নিজৰ প্ৰথম মেচতে ভাৰতীয় দলৰ হৈ গ’ল কৰিবলৈ সক্ষম হ’ল সুনীল চেত্ৰীয়ে৷ বুধবাৰে শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত  মালদ্বীপৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰীতি ফুটবল মেখনত ভাৰতে জয় অৰ্জন কৰে ৩-০ গ’লত৷ ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ পাছত প্ৰথম বাৰৰ বাবে জয়ৰ স্বাদ পালে মানোলো মাৰ্কুৱেজে৷ সুনীলৰ লগতে ভাৰতীয় দলৰ হৈ গ’ল দিয়ে ৰাহুল ভেকে আৰু লিষ্টন কোলাছোৱে৷


খেলৰ ৩৫ মিনিটত কৰ্নাৰৰ পৰা লাভ কৰাবল হেডৰ সহায়ত  গ’ললৈ পৰিণত কৰি দলক অগ্ৰগতি দিয়ে ৰাহুলে৷ ৬৬ মিনিটত গ’ল দি ভাৰতৰ অগ্ৰগতি দুগুণলৈ বৃদ্ধি কৰে লিষ্টনে৷ খেলখনত অনুৰাগীৰ নিৰাশ নকৰিলে সুনীলে৷ ৭৬ মিনিটত সুনীলে গ’ল দি দলৰ ৩-০ ত জয় নিশ্চিত কৰে৷