
উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ’ব দিশা পাটানি, শ্ৰেয়া ঘোষাল
কলকাতা, ১৯ মাৰ্চঃ ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ অষ্টাদশ ছীজন৷ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুুৰুৰ মাজত অনুষ্ঠিত হ’ব উদ্বোধনী খেলখন৷ খেলখনৰ পূৰ্বে এক আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে৷ এইবাৰৰ টুৰ্নামেণ্টখনৰ বাবে যিধৰণৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে, পূৰ্বৰ ছীজনকেইটাৰ তুলনাত অধিক আকৰ্ষণীয় হ’ব বুলি দাবী কৰা হৈছে টুৰ্নামেণ্টখনৰ ছ’চিয়েল ছাইটত৷ আন্তঃৰাষ্ট˜ীয় ক্ৰিকেট কাউঞ্চিলৰ [আই চি চি] অধ্যক্ষ জয় শ্বাহো উদ্বোধনী অনু্ষ্ঠানত উপস্থিত থকাৰ কথা৷
টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ বায়’পিকত [এম এছ ধোনিঃ দ্য আনট’ল্ড ষ্টোৰী] ক্ৰিকেটাৰজনৰ গাৰ্লফ্ৰেইণ্ডৰ চৰিত্ৰত অভিনয় কৰা দিশা পাটানিৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল হ’ব উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকৰ্ষণ৷ তেওঁলোকৰ সৈতে থাকিব কৰণ অউজলা৷ বংগ ক্ৰিকেট সন্থাৰ সভাপতি স্নেহাশিস গাংগুলীয়ে জনোৱা মতে, দীৰ্ঘ দিনৰ পাছত ইডেন গাৰ্ডনত আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ আনহাতে, উদ্বোধনী খেলখনৰ টিকটৰ চাহিদাও যথেষ্ট বেছি দেখা গৈছে৷ উল্লেখ্য, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে এইবাৰৰ আই পি এলৰ খেল অনুষ্ঠিত হ’বলগীয়া ১৩টা ভেন্যুত সুকীয়াকৈ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য’ত বলীউডৰ বহু নামী-দামী শিল্পীক দেখা যাব৷