Logo
image

পলিটেকনিকৰ প্ৰৱক্তাক পুনৰ স্থায়ী নিযুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ অৱস্থান ধৰ্মঘট

'আমাৰ অসম'ৰ সৰুপথাৰৰ প্ৰতিবেদক, ২০ মাৰ্চঃ পলিটেকনিক মহাবিদ্যালয় সমূহত পূৰ্বে অস্থায়ী ভাৱে নিযুক্ত অংশকালীন প্ৰৱক্তা সকলক চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্যৰ তীব্র বিৰোধিতা কৰাৰ লগতে প্ৰৱক্তা সকলক পুনৰ স্থায়ী নিযুক্তিৰ দাবীত বৃহস্পতিবাৰে সৰুপথাৰ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দিনৰ প্ৰায় ১২ বজাৰ পৰা ৰূপায়ণ কৰা অৱস্থান কাৰ্যসূচীত অংশ গ্ৰহণ কৰা প্ৰতিবাদী সকলে কয়, প্ৰায় ৩০টা দিন ধৰি পলিটেকনিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপকসকলে নিজ প্ৰাপ্য অধিকাৰৰ দাবীত ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাটো অতিশয় লজ্জাজনক বিষয়। নিজৰ প্ৰাপ্যৰ দাবীৰে প্ৰতিবাদ কৰিলত চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো চৰকাৰে কৰা এক অন্যায়ৰ বাহিৰে আন একো নহয়।


বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলা প্ৰতিবাদী সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক সমগ্র বিষয়টো মানৱীয় দৃষ্টিৰে বিচাৰ বিবেচনা কৰি পলিটেকনিক মহাবিদ্যালয় সমূহত প্ৰতিষ্ঠাপক অধ্যাপক-অধ্যাপিকা সকলক স্থায়ী নিযুক্তি দিয়াৰ ব্যৱস্থা হাতত ল'বলৈ সজোৰে দাবী জনায়। ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদী সকলে প্ৰতিবাদ থলীৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীলৈ সৰুপথাৰ সমজিলা আয়ুক্তৰ যোগেদি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদী সকলে স্মাৰক পত্ৰৰ প্ৰতিলিপি অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈও প্ৰেৰণ কৰিছে। অৱস্থান কাৰ্যসূচীত গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱ, সাধাৰণ সম্পাদক মাইনা তামুলী, মহকুমা সমিতিৰ সভাপতি দীপাংকৰ চবৰ, সৰুপথাৰ আঞ্চলিকৰ সভাপতি অসীম গগৈ, সম্পাদক অংকিত গগৈ সহ বহু কেইগৰাকী ছাত্ৰ মুক্তিৰ বিষয়ববীয়া উপস্থিত থাকে।