
সদৌ বাথৌ মহাসভাৰ ৩২সংখ্যক অধিবেশনৰ লাইখুঁটা স্থাপন
'আমাৰ অসম'ৰ তামুলপুৰৰ প্ৰতিবেদকঃ সদৌ বাথৌ মহাসভাৰ তামুলপুৰ জিলাৰ আতিথ্যত এইবেলি ৩২সংখ্যক বাৰ্ষিক অধিবেশন আৰু তামুলপুৰ জিলাৰ প্ৰথম বাৰ্ষিক অধিবেশনখন অহা ৪, ৫ আৰু ৬ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পঠালিকুছিস্থিত মাইনাও পথাৰত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ ইতিমধ্যেই বিধায়ক জলেন দৈমাৰীক সভাপতি, অৰ্গেশ্বৰ বসুমতাৰীক কাৰ্যকৰী সভাপতি আৰু বানেশ্বৰ স্বৰ্গীয়াৰীক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰি দিছে৷ তদুপলক্ষে বৃহস্পতিবাৰে এক মাংগলিক পৰিবেশত বাথৌ মহাসভাৰ ৩২সংখ্যক বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক জলেন দৈমাৰীয়ে৷ লাইখুঁটা স্থাপনৰ পূৰ্বেই স্থানীয় ভক্তগনে বাথৌ আৰজ পৰিবেশন কৰে৷
অনুষ্ঠানত দুলাৰায় বাথৌ মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বসন্ত স্বৰ্গীয়াৰী, সম্পাদক মুকুট বড়ো, গুৱাহাটী জিলা সমিতিৰ হৈ কৃষ্ণনাথ স্বৰ্গীয়াৰী আৰু কৰ্মকৰ্তাসকলৰ উপৰিও তামুলপুৰ জিলা সমিতিৰ সভাপতি পবীন স্বৰ্গীয়াৰী, সম্পাদক ধনেশ্বৰ বসুমতাৰী প্ৰমুখ্যে তামুলপুৰ জিলা এবছু, বড়ো সাহিত্য সভাৰ প্ৰতিনিধি সকলৰ লগতে উদযাপন সমিতিৰ সকলো সদস্য উপস্থিত আছিল। উল্লেখযোগ্য যে বাথৌ মহাসভাৰ অধিবেশনৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সহ কেইবাগৰাকী মন্ত্ৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে অংশগ্ৰহন কৰিব৷ অধিবেশনত অসম তথা আন ৰাজ্যৰ প্ৰতিনিধি সকলেও অংশগ্ৰহন কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।