Logo
image

এআই মডেল ‘গ্ৰক’ সন্দৰ্ভত তদন্ত কৰিব কেন্দ্ৰই

নতুন দিল্লী, ২০ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে ইলন মাক্স মালিকানাধীন সামাজিক মাধ্যম প্ৰতিষ্ঠান ‘এক্স’ (পূৰ্বৰ টুইটাৰ)৷ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে মাক্সৰ প্ৰতিষ্ঠানটোৱে৷ ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ এটা নিৰ্দিষ্ট ধাৰাক লৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱাক ব্যাখ্যাক লৈ আপত্তি ‘এক্স’ৰ৷ তদুপৰি তথ্য প্ৰযুক্তি আইনৰ ৭৯ (৩) (বি) ধাৰাটোৰ জৰিয়তে ভাৰত চৰকাৰে অনলাইনৰ বিষয়বস্তুৰ ওপৰত অবৈধভাৱে নিয়ন্ত্ৰণ তথা একপক্ষীয় চেন্সৰশ্বিপৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ইলন মাক্স মালিকানাধীন ‘এক্স কৰ্প’ নামৰ প্ৰতিষ্ঠানটোৱে৷ ‘এক্স কৰ্প’ৰ মতে ভাৰতৰ তথ্য-প্ৰযুক্তি আইনৰ এই ধাৰাই অবৈধ আৰু অনিয়মীয়া চেন্সৰশ্বিপৰ ব্যৱস্থা কৰে৷ ইয়াৰ জৰিয়তে কনটেণ্ট ব্লক কৰাৰ ফলত ‘এক্স কৰ্প’ প্লেটফৰ্মৰ কাম-কাজত প্ৰভাৱ পৰিছে৷ উল্লেখ্য যে ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ ধাৰা অনুসৰি যিকোনো পৰিস্থিতিত ইণ্টাৰনেট কনটেণ্ট ব্লক কৰাৰ অধিকাৰ চৰকাৰৰ আছে৷ ‘এক্স কৰ্পে’ অভিযোগত লগতে উল্লেখ কৰিছে যে যিকোনো বিষয়বস্তু এটা অপসাৰণ কৰাৰ পূৰ্বে লিখিতভাৱে ইয়াৰ কাৰণ জনাব লাগে আৰু এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে যথাযথ শুনানীৰ ব্যৱস্থা কৰিব লাগে৷ এই দুয়োটাৰ এটাও ভাৰত চৰকাৰে নকৰিলে বুলি অভিযোগত উল্লেখ কৰিছে মাক্সৰ প্ৰতিষ্ঠানটোৱে৷


উল্লেখ্য যে ‘এক্স’ত ইণ্টাৰনেট কনণ্টেণ্ট ব্লক কৰাক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই সংঘাতত লিপ্ত হৈছে ইলন মাক্সৰ প্ৰতিষ্ঠানটো৷ কৰ্ণাটক উচ্চ ন্যায়ালয়ত ৰুজু কৰা গোচৰটোৰ আবেদনত ‘এক্স কৰ্পে’ ভাৰতৰ আইনখনৰ ৭৯ (৩) (বি) ধাৰাৰ ভুল ব্যাখ্যা কৰা হৈছে বুলিও উল্লেখ কৰা হৈছে৷ স্মৰ্তব্য যে ২০২২ চনত কেন্দ্ৰীয় চৰকাৰে এক্স ‘কৰ্প’ক আপত্তিজনক কনটেণ্ট অপসাৰণ কৰাৰ নিৰ্দেশ দিছিল৷ ইপিনে, শেহতীয়াকৈ ‘এক্স’ৰ সৈতে সংযুক্ত এ আই চাটব’ট ‘গ্ৰক’ত হিন্দী ভাষাত অশ্ৰাব্য আৰু আপত্তিজনক শব্দ ব্যৱহাৰৰ অভিযোগত কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ চোকা দৃষ্টিৰ কবলত পৰিছে মাক্সৰ প্ৰতিষ্ঠানটো৷ এই সন্দৰ্ভত এক্স কৰ্তৃপক্ষৰ সৈতে বিষয়টো পৰীক্ষা কৰি আছে কেন্দ্ৰই৷ উল্লেখ্য যে ২০২৩ চনত মাক্সে কৃত্ৰিম বুদ্ধিমত্তা সংস্থা এক্স এ আইৰ অধীনত গ্ৰক নামেৰে এই চাটবট আৰম্ভ কৰিছিল৷ কিন্তু শেহতীয়াকৈ এই চাটবট ব্যৱহাৰকাৰীৰ এটা পোষ্ট ভাইৰেল হৈ পৰাত বিষয়টো আলোচনাৰ মাজত সোমাই পৰে৷ পোষ্টটোত দেখা যায় যে এজন ইউজাৰে ‘গ্ৰক’ৰ পৰা কিছুমান প্ৰশ্নৰ উত্তৰ জানিবলৈ বিচাৰে৷ তাৰ বিপৰীতে ‘গ্ৰক’ৰ পৰা অশ্ৰাব্য আৰু আপত্তিজনক শব্দৰ ব্যৱহাৰেৰে উত্তৰ আহে৷ সমগ্ৰ বিষয়টো ভাৰত চৰকাৰৰ দৃষ্টিগোচৰ হোৱাত এই সন্দৰ্ভত কেন্দ্ৰই তদন্ত কৰি ইয়াৰ বিপৰীতে কঠোৰ পদক্ষেপ গ্ৰহণৰ পথত আগবাঢ়িছে৷