
শিল্পী সমাজক অশালীন গালি-গালাজ কৰি আটক বিতৰ্কিত ইউটিউবাৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২০ মাৰ্চঃ সামাজিক মাধ্যমত শিল্পী সমাজক অশ্ৰাব্য গালি-গালাজ পাৰি বিপদত পৰিল বিতৰ্কিত ইউটিউবাৰ ৰিতু কলিতা৷ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে বিতৰ্কিত ইউটিউবাৰ ৰিতু কলিতাক আটক কৰি দিছপুৰ থানাত মাৰাথন জেৰা চলাই আছে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বিতৰ্কিত ইউটিউবাৰ ৰিতু কলিতাই সামাজিক মাধ্যমত বিহু অনুষ্ঠান সন্দৰ্ভত অদ্ভুত যুক্তি দৰ্শাই শিল্পী সমাজক অশালীন ভাষাৰে গালি-গালাজ পাৰে৷ বিতৰ্কিত ইউটিউবাৰজনৰ ভিডিঅ’ নিমিষতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ সামাজিক মাধ্যমত অশালীন গালি-গালাজ শুনি ৰাজ্যৰ শিল্পী সমাজ আৰু বিভিন্ন দল-সংগঠন বিতৰ্কিত ইউটিউবাৰ ৰিতু কলিতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে৷
ইউটিউবাৰজনৰ অশালীন বক্তব্যৰ বিৰোধিতা কৰি ডেৰ শতাধিক শিল্পী আৰু বিভিন্ন দল-সংগঠনে ৰাজ্যৰ বিভিন্ন থানাত বিতৰ্কিত ইউটিউবাৰ ৰিতু কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ বহু শিল্পীৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে বিএনএছৰ ২৯৬/৩৫২/৩৫৬ (২)/৩৫১ আৰু ৬৬ আইটি এক্টৰ অধীনত থানাত ২৬১/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰাত ৰিতু কলিতাই ম’বাইল ফোন বন্ধ কৰি আত্মগোপন কৰে৷ পিছত দিছপুৰ আৰক্ষীয়ে চমন জাৰি কৰি ৰিতু কলিতাক বৃহস্পতিবাৰে দিছপুৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰে৷ এই নিৰ্দেশ জাৰি কৰাৰ পাছত আজি সন্ধিয়া ৰিতু কলিতা দিছপুৰ থানাত হাজিৰ হয়৷ লগে লগে দিছপুৰ আৰক্ষীয়ে ৰিতু কলিতাক আটক কৰি জেৰা আৰম্ভ কৰে৷ থানা চৌহদত প্ৰৱেশ কৰাৰ পূৰ্বে বিতৰ্কিত ইউটিউবাৰ ৰিতু কলিতাই সংবাদ মাধ্যমৰ আগত কয়– ‘দিছপুৰ আৰক্ষীয়ে মোক মাতিছে, সেইবাবে আহিছোঁ৷ কি কি ধাৰা লগাইছে চাব লাগিব৷ ধাৰা চাইহে ক’ব পাৰিম৷’