Logo
image

সুনীতাৰ উদাহৰণেৰে আৰক্ষীক ভৎৰ্সনা উচ্চ ন্যায়ালয়ৰ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২০ মাৰ্চঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত গাড়ী চুৰিৰ তথ্য জমা দিব নোৱাৰি বিপদত পৰিছে মহানগৰ আৰক্ষী৷ সেইবাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে দিছপুৰ আৰক্ষীক ভৎৰ্সনা কৰে৷ মহাকাশচাৰী সুনীতা উইলিয়াম্‌ছৰ উদাহৰণ দি ন্যায়াধীশে কয়– ‘মহাকাশৰ পৰা এটা দিনতে মানুহ আহি পৃথিৱী পালেহি৷ কিন্তু দিছপুৰ আৰক্ষী থানাৰ পৰা এটা তথ্য আদালতলৈ আহিবলৈ ইমান সময় কিয়?’ উল্লেখ্য যে, বিগত বৰ্ষৰ ১৩ নৱেম্বৰত শোণিতপুৰৰ আফুজা বেগম নামৰ এগৰাকী মহিলাই দিছপুৰ থানাত গাড়ী চুৰি সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল৷ কিন্তু দিছপুৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন নকৰিলে৷ ইয়াৰ পিছত ভুক্তভোগী মহিলাগৰাকী ন্যায়ালয়ৰ কাষ চাপে৷ যোৱা ৭ মাৰ্চত গুৱাহাটী উচ্ছ ন্যায়ালয়ে গোচৰটোৰ তথ্য বিচাৰি জাননী জাৰি কৰাৰ লগতে গোচৰ পঞ্জীয়ন নকৰা সন্দৰ্ভত ন্যায়ালয়ত তথ্য দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে৷ বুধবাৰে ন্যায়ালয়ে পুনৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰে৷


গোচৰটো সন্দৰ্ভত চৰকাৰী পক্ষই ন্যায়ালয়ত কোনো তথ্য দাখিল কৰিব নোৱৰাত ন্যায়ালয়ে দিছপুৰ আৰক্ষীক ভৎৰ্সনা কৰে৷ ন্যায়ালয়ৰ ভৎৰ্সনাৰ পাছতে ফাইলৰ দ’মৰ মাজত পৰিত্যক্ত হৈ পৰি ৰোৱা এজাহাৰখন বিচাৰি উলিয়াই দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰে৷ উল্লেখ্য যে বিগত বৰ্ষৰ ৯ অক্টোবৰত এএছ০১ এ ই ৯৪২৫ নম্বৰৰ বাহনখন আফুজা বেগমৰ পৰা সমৰ বড়ো নামৰ এজন লোকে ভাড়ালৈ নিছিল৷ সমৰৰ দুই বন্ধু তফিকুল আলী আৰু জিণ্টু আলীক লগত লৈ তিনিও ৰাণীলৈ গৈছিল৷ কিন্তু ১০ অক্টোবৰত ৰহস্যজনকভাবে ৰাণীত সমৰ বড়োৰ মৃতদেহ উদ্ধাৰ হয়৷ বাহনখন আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাছিল৷ এই সন্দৰ্ভত মহিলাগৰাকীয়ে দিছ্‌পুৰ থানাত এজাহাৰ দাখিল কৰাৰ ছয় মাহ অতিক্ৰম কৰাৰ পাছতো দিছপুৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে গোচৰ পঞ্জীয়ন কৰা নাছিল৷ অৱশেষত ন্যায়ালয়ৰ ধমক খাই হুচ্‌ আহিল দিছপুৰ পুলিচৰ৷