Logo
image

মন্ত্ৰী সিংঘাল য’ত, কেলেংকাৰি ত’ত! দুবাৰকৈ সদন স্থগিত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মাৰ্চঃ মন্ত্ৰী অশোক সিংঘাল মানেই যেন এটা কেলেংকাৰীৰ নাম৷ কাৰ্যতঃ মন্ত্ৰী সিংঘাল য’ত, কেলেংকাৰি ত’ত৷ মন্ত্ৰী সিংঘালৰ অধীনত থকা জলসিঞ্চন বিভাগ আৰু গুৱাহাটী উন্নয়ন বিভাগৰ বিয়াগোম কেলেংকাৰীক লৈ শুকুৰবাৰে দুবাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হয়৷ শুকুৰবাৰে ছুপাৰ ছাকাৰ কেলেংকাৰী আৰু জলসিঞ্চন কেলেংকাৰী সন্দৰ্ভত সদন স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল বিৰোধী দলপতি দেবব্ৰত শইকীয়া, ইউ ডি এফ বিধায়ক আমিনুল ইছলাম, চি পি আই এম বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে৷ কিন্তু বিধানসভাৰ অধ্যক্ষই সদন স্থগিত প্ৰস্তাৱ নাকচ কৰে৷ বিধানসভাৰ অধ্যক্ষই সদন স্থগিত প্ৰস্তাৱ নাকচ কৰাৰ পাছত বিৰোধী বিধায়ক সকলে সদন কমিটী গঠন কৰি ছুপাৰ ছাকাৰ কেলেংকাৰী আৰু জলসিঞ্চন কেলেংকাৰীৰ তদন্ত কৰিবলৈ দাবী জনায়৷ বিধানসভাৰ অধ্যক্ষই সদন কমিটী গঠন কৰিবলৈও অস্বীকাৰ কৰে৷ ইয়াতে ক্ষুণ্ণ হৈ বিৰোধী বিধায়কসকলে ছুপাৰ ছাকাৰ কেলেংকাৰীৰ তদন্ত লাগে, জলসিঞ্চন কেলেংকাৰীৰ তদন্ত লাগে আদি শ্লোগান দি অধ্যক্ষক ঘেৰাও কৰে৷ তাৰ পাছতো বিধানসভাৰ অধ্যক্ষই চলাই যায় সদনৰ কাম-কাজ৷


বিৰোধীৰ প্ৰতিবাদৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰাত সদন ১০ মিনিটৰ বাবে স্থগিত ঘোষণা কৰে৷ ১০ মিনিট পাছত পুনৰ সদন আৰম্ভ হোৱাৰ লগে লগে বিধায়ক অখিল গগৈয়ে কয়–জলসিঞ্চনৰ কোনো আঁচনিতে পানী নাই৷ ৪৬ লাখ টকা কৰৰ ছুপাৰ ছাকাৰ ক্ৰয় কৰা দেখুওৱা হৈছে৷ কোটি টকাতকৈও অধিক দৰত৷ বিধানসভাই এই কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰিবলৈ সদন কমিটী গঠন কৰিব লাগে৷ আন বিৰোধী বিধায়ক সকলেও সদন কমিটী গঠন কৰাৰ দাবী জনায়৷ এই সময়ত অধ্যক্ষৰ আসনত থকা বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিনে পুনৰ সদন ৫ মিনিটৰ বাবে স্থগিত ঘোষণা কৰে৷ ৫ মিনিট উকলি যোৱাত পুনৰ আৰম্ভ হয় সদনৰ কাম-কাজ৷ আৰম্ভণিতে বিধায়ক অখিল বিধানসভাৰ উপাধ্যক্ষক উদ্দেশ্যি প্ৰশ্ন কৰে–চাৰ, সদন কমিটী গঠন নহয় নেকি? সদনত এই কেলেংকাৰীক লৈ আলোচনা কৰিবলৈ নিদিলেই৷ সদন কমিটী গঠন কৰি তদন্ত কৰিবলৈ দিয়ক৷ উপাধ্যক্ষ মোমিনে অখিল গগৈক উদ্দেশ্যি কয়–আপুনি এজন সন্মানীয় সদস্য৷ বিধানসভাৰ নিয়ম মানিব লাগে৷ তাৰ পাছতো অখিল গগৈ সদন কমিটী গঠনৰ দাবীত নাচোৰবান্দা হৈ থকাত অখিল গগৈক ১০ মিনিটৰ বাবে নিলম্বন কৰা হয়৷