Logo
image

ভৰলু ঢাকিবলৈ অনা হ’ল সেউজীয়া ক’ভাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মাৰ্চঃ  গুৱাহাটীত অনুষ্ঠিতব্য  আইপিএলৰ খেলুৱৈ-দৰ্শকৰ পৰা লজ্জা নিবাৰণৰ বাবে পুনৰ ভৰলু ঢাকিবলৈ সাজু হৈছে অসম চৰকাৰ৷ বৰ্ষাপাৰাৰ কাষেৰে বৈ যোৱা ভৰলু [মৰা ভৰলু] ঢাকিবলৈ অনা হৈছে সেউজীয়া ক’ভাৰ৷ মৰা ভৰলুৰ পাৰত ইতিমধ্যে মজুত কৰা হৈছে পৰ্যাপ্ত এগ্ৰো হাৰ্ভেষ্টিং নেট৷ হয়তো এই বাতৰি পাঠকৰ হাতত পৰালৈ মৰা ভৰলু ঢাক খাব সেউজীয়া ক’ভাৰেৰে৷ পূৰ্বেও বৰ্ষাপাৰাত আন্তৰাষ্ট্ৰীয় খেল অনুষ্ঠিত  হোৱাৰ সময়ত মৰা ভৰলুক ঢাকি দিয়া হৈছিল সেউজীয়া ক’ভাৰেৰে৷ ইয়াক লৈ বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছত চৰকাৰে স্পষ্টীকৰণ দি কৈছিল মহ নিবাৰণৰ বাবে আঁৰি দিয়া হৈছে সেউজীয়া ক’ভাৰ অৰ্থাৎ এগ্ৰো হাৰ্ভেষ্টিং নেট৷ কাইলৈ কলকাতাৰ ইডেন গাৰ্ডেনত বৰ্ণ্যাঢ্য উদ্বোধনী অনুষ্ঠানেৰে আই পি এল ২০২৫ৰ মহাৰণ আৰম্ভ হ’ব আৰু প্ৰতিযোগিতাৰ দুখন গুৰুত্বপূৰ্ণ খেল বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ এয়া অসম তথা গুৱাহাটীৰ বাবে গৌৰৱ আৰু আনন্দৰ কথা৷  পিছে এই আনন্দত চেঁচা পানী পেলোৱা নিৰানন্দৰ বিষয়টি হৈছে ষ্টেডিয়ামৰ কাষেৰে বৈ যোৱা মৰা ভৰলু নৈৰ কদৰ্য ৰূপ৷


এসময়ৰ মাছ-পুঠিৰে পৰিষ্কাৰ পানীৰ বোৱতী নৈখন আজি হৈ পৰিছে আৱৰ্জনা পূৰ্ণ দুৰ্গন্ধময় ক’লা বৰণৰ পানীৰ এক স্থবিৰ নলা মাথোঁ৷ যোৱা কেইবাবছৰ ধৰি ষ্টেডিয়ামত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ প্ৰতিযোগিতা হ’লেই সময় মতে পৰিষ্কাৰ কৰি শোধন ব্যৱস্থাৰে প্ৰদূষণমুক্ত কৰাৰ কোনো চেষ্টা নকৰি নৈখন তেনেকৈ থাকিবলৈ দি খেলৰ সময়ত দেশী-বিদেশী খেলুৱৈৰ দৃষ্টিৰ পৰা কদৰ্য ৰূপ ঢাকিবলৈ নীলা ‘এগ্ৰ’ হাৰ্ভেষ্টিং নেটে’ৰে ক’লা পানী ঢাকি দিয়া হয়৷ প্ৰতিবাৰেই খেলৰ সময়ত এনেকৈ ৰাজকোষৰ হেজাৰ-লাখৰ হিচাবত ধন পানীত পেলোৱা হয়৷ সেয়েহে এইবাৰ ভৰলুক পুনৰুজ্জীৱিত কৰাৰ পণ লোৱা ‘ছেভ ভৰলু অভিযান’ৰ সদস্যসকলে ২৩ ফেব্ৰুৱাৰীৰ পুৱা ষ্টেডিয়ামৰ দাঁতিৰ মৰা ভৰলুৰ পাৰত বিক্ষোভ প্ৰদৰ্শন কৰি ৰাজ কোষৰ ধনৰ শৰাধ নকৰি নৈখন পৰিষ্কাৰ কৰণ আৰু প্ৰদূষণ মুক্ত কৰাৰ কাম খেলৰ আগতেই আৰম্ভ কৰিবলৈ চৰকাৰক সজোৰে আহ৩ান জনাইছিল৷ কিন্তু আহ৩ান জনোৱাৰ এমাহৰ পিছতো আৰু প্ৰতিযোগিতা নিকটাসন্ন সত্ত্বেও মৰা ভৰলু নৈ পৰিষ্কাৰ কৰাৰ কোনো কাম হাতত নলৈ মৰা ভৰলু নৈখনকে ঢাকি দিবলৈ চৰকাৰে উদ্যোগ লোৱাটো লজ্জাজনক৷ যিখন চৰকাৰে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰি অসমৰ বান সমস্যাৰ সমাধান কৰাৰ দম্ভালি মাৰে সেই একেখন চৰকাৰে ভৰলু নৈখনকো পৰিষ্কাৰ কৰিব নোৱাৰা কথাটোৱে সকলোকে হাঁহিৰো খোৰাক যোগাইছে৷