
পাকে-প্ৰকাৰে সভাপতি শইকীয়াই ‘নতুন’ক বুজালে বিজেপিৰ সংস্কৃতি
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মাৰ্চঃ ‘নতুন বিজেপি’ৰ কাণ্ড-কাৰখানাক লৈ বিজেপিৰ নেতৃত্ব যে সন্তুষ্ট নহয় সেই কথা স্পষ্ট হৈ উঠিছে৷ শেহতীয়াভাৱে ন-বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অশালীন আচৰণৰ পাছত ইয়াৰ বৰ্হিপ্ৰকাশ ঘটিছে৷ বাধ্য হৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ন-বিজেপিসকলক বিজেপিৰ আচৰণ কেনে সেই সন্দৰ্ভত এটা ‘পাঠ’ দিছে৷ ৰূপজ্যোতি কুৰ্মীৰ উদ্ভত আচৰণৰ অচিলা লৈ পাকে-প্ৰকাৰে বিজেপিৰ সংস্কৃতি কেনে হোৱা উঠিত সেই কথা ন-বিজেপিক বুজাই দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই৷ ন-বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ জৰিয়তে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়–ভাৰতীয় জনতা পাৰ্টি এটা অনুশাসনসমৃদ্ধ আৰু এক বিশেষ সংস্কাৰৰ দ্বাৰা পৰিচালিত আৰু প্ৰতিপালিত সংগঠন৷ ইয়াত সহিষ্ণুতা, সংযমৰ লগতে প্ৰয়োজন সাপেক্ষে আদৰ্শগত যুঁজৰ বাবেও আমি আমাৰ উদাহৰণ প্ৰতিপন্ন কৰিছোঁ৷ সদনত আপোনাৰ [ৰূপজ্যোতি কুৰ্মী] আচৰণত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ সংস্কাৰৰ লগত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছে৷
উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়াৰ ফলশ্ৰুতিত সৃষ্টি হোৱা পৰিস্থিতিত বিজেপি ত্যাগ কৰিছিল দহক দহক ধৰি বিজেপিৰ পতাকা হাতত লৈ অহা আৰ পি শৰ্মাই৷ ন-বিজেপিৰ কাম-কাজত অসন্তুষ্ট হৈ পৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য আদিয়ে৷ বিভিন্ন সময়ত তেওঁলোকে মুকলিভাৱে ইয়াৰ বিৰোধ কৰিছে৷ বিজেপিৰ ভূমিকাত অসন্তুষ্ট হৈ দীঘল চিঠি লিখি দল এৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মায়ো৷ বিজেপিৰ নতুন-পুৰণা কৰ্মীৰ মাজত শীতল যুদ্ধই ক্ৰমান্বয়ে তীব্ৰতা লাভ কৰাৰ সময়ত অসম বিজেপিৰ দায়িত্বভাৰ পৰিল সাংসদ দিলীপ শইকীয়াৰ ওপৰত৷ দায়িত্ব লৈয়ে নতুন-পুৰণিৰ সংঘাত দূৰীকৰণৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰে দিলীপ শইকীয়াই৷ আনকি ন-বিজেপিয়ে কেৰেপ নকৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ ঘৰলৈ গৈ ভৰি চুই আৰ্শীবাদ লয় বিজেপিৰ ৰাজ্যিক সভাপতি শইকীয়াই৷ শেহতীয়াভাৱে শইকীয়াই ৰূপজ্যোতি কুৰ্মীক কোৱাৰ চলেৰে নতুনক বিজেপিৰ সংস্কৃতিৰ বিষয়ে বুজাই দিয়ে৷