Logo
image

পিঁয়াজ এনেদৰে ৰাখিলে বহুদিনলৈ ভালে থাকে

আমিষভোজী সকলৰ ব্যঞ্জনত পিঁয়াজ নহ’লে নহয়৷ পিঁয়াজে যিকোনো ব্যঞ্জন অধিক সু-স্বাদু কৰি তোলে৷ সেয়ে আমিষভোজী পৰিয়ালৰ ৰান্ধনিশালৰ এক অন্যতম উপাদান হৈছে পিঁয়াজ৷ বহুতে কেতিয়াবা দাম কমৰ বাবেই হওক বা আন কোনো কাৰণতেই হওক পিঁয়াজ বেছিকৈ কিনি থয়৷ বেছিকৈ পিঁয়াজ কিনি ৰাখিলে কেতিয়াবা পচিবলৈ ধৰে৷ বিশেষকৈ বাৰিষাৰ দিনকেইটাত পিঁয়াজ বেছিদিনলৈ ভালে ৰখাটো বহুতৰে বাবে কষ্টসাধ্য হয়৷ পিছে, পিঁয়াজ বেছিদিনলৈ ভালে ৰখাৰ বাবে উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল পিঁয়াজ বেছিদিনলৈ ভাল ৰখাৰ কেইটামান সহজ উপায়–

(১) মৰাপাটৰ বেগত ৰাখকঃ  বজাৰত প্ৰায়েই দেখা যায় যে আলু-পিঁয়াজৰ দৰে পাচলি ব্যৱসায়ীসকলে মৰাপাটৰ বস্তাত ৰাখে৷ ইয়াৰ ফলত পিঁয়াজ বহুদিনলৈ ভালে থাকে৷ গতিকে ঘৰত পিঁয়াজ বেছিদিনলৈ ভালে ৰাখিবলৈ মৰাপাটৰ বেগত ৰখা কৰক৷


(২) আন পাচলিৰ সৈতে নাৰাখিবঃ পিঁয়াজ বেছিদিনলৈ ভালে ৰাখিবলৈ হ’লে আন শাক-পাচলিৰ সৈতে একেলগে কেতিয়াও নাৰাখিব৷ অন্যান্য পাচলিয়ে পিঁয়াজ সোনকালে নষ্ট কৰে৷ বিশেষকৈ আলু বা নহৰুৰ সৈতে পিঁয়াজ ভুলতো নাৰাখিব৷ কাৰণ আলু আৰু নহৰুৰ অত্যধিক মাত্ৰাত ছাইট্ৰিক এচিড থাকে৷ এই এচিডৰ সংস্পৰ্শ পালে  পিঁয়াজ সোনকালে পচে৷

(৩) প্লাষ্টিকৰ বেগত নাৰাখিবঃ পিঁয়াজ যদি সঁচাকৈয়ে বহুদিনলৈ ভালে ৰাখিব বিচাৰে তেন্তে ইয়াক ভুলতো প্লাষ্টিকৰ বেগত নাৰাখিব৷ পিঁয়াজৰ নিজস্ব আদ্ৰৰ্তা থাকে৷ প্লাষ্টিকৰ বেগে সেই আদ্ৰৰ্তাক শোষণ কৰে৷ ফলত সোনকালেই পিঁয়াজ পচিবলৈ আৰম্ভ কৰে৷