Logo
image

এপিএছচিত বহিবলৈ প্ৰাৰ্থীয়ে দিব লাগিব ১৮% জিএছটি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ মাৰ্চঃ  অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ নামতো এইবাৰ নিবনুৱা পৰীক্ষাৰ্থীৰ পৰা ৰাজহ সংগ্ৰহ কৰিব চৰকাৰে৷ অসম লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰাৰ্থীয়ে এতিয়া আবেদন মাচুলৰ উপৰি ভৰিব লাগিব জি এছ টি৷ এ পি এছ চি পৰীক্ষাত চাকৰি বিচাৰি হাহাকাৰ কৰা নিবনুৱা যুৱক-যুৱতীসকলে আদায় দিব লাগিব ১৮ শতাংশকৈ জি এছ টি৷ নিৰ্দিষ্ট পৰিমাণৰ আবেদন  মাচুলৰ উপৰি  ১৮ শতাংশ জি এছ টি আৰু আবেদনৰ প্ৰচেচিং চাৰ্জ হিচাপেও প্ৰতিজন প্ৰাৰ্থীয়ে আয়োগক আদায় দিব লাগিব অতিৰিক্ত ৪০ টকা৷ উল্লেখ্য, দেওবাৰে বন্ধ বাৰৰ দিনটোত অসম লোকসেৱা আয়োগে প্ৰকাশ কৰে ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ২৬২টা পদৰ বিজ্ঞাপন৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন প্ৰকাশ কৰিবলগীয়া আছিল যদিও আয়োগে ৩ মাহৰ পাছতহে দেওবাৰৰ বন্ধ বাৰৰ দিনটোত বিজ্ঞাপন প্ৰকাশ কৰে৷ কিন্তু এইবাৰৰ বিজ্ঞাপনত আয়োগে প্ৰাৰ্থীসকলে আবেদন মাচুলৰ লগতে জি এছ টি আদায় দিব লাগিব বুলিও উল্লেখ কৰিছে৷ আয়োগে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ২৫০ টকা আবেদন মাচুল ধাৰ্য কৰাৰ বিপৰীতে অ’ বি চি আৰু এম অ’ বি চি প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ১৫০ টকা ধাৰ্য কৰিছে৷ এই আবেদন মাচুলৰ উপৰি প্ৰাৰ্থীসকলে ৪০ টকা প্ৰচেচিং চাৰ্জ আৰু ১৮ শতাংশ জি এছ টি আদায় দিব লাগিব বুলিও উল্লেখ কৰিছে৷


১৮ শতাংশ জি এছ টিৰ বাবদ আদায় দিব লাগিব ৭.২০ টকা৷ অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ একোজন প্ৰাৰ্থীয়ে আবেদন মাচুল, প্ৰচেচিং চাৰ্জ আৰু জি এছ টি মিলাই (২৫০+৪০+৭.২০) মুঠ ২৯৭.২০ টকা মাচুল আদায় দিব লাগিব৷ একেদৰে অ’ বি চি বা এম অ’ বি চি প্ৰাৰ্থীয়ো জি এছ টি আৰু প্ৰচেচিং চাৰ্জসহ মুঠ ১৯৭.২০ টকা মাচুল ভৰিব লাগিব৷ অৱশ্যে, পূৰ্বৰ দৰে এইবাৰো আয়োগে এছ টি, এছ চি, বি বি এল প্ৰাৰ্থী, প্ৰতিবন্ধী আৰু মহিলা প্ৰাৰ্থীক আবেদন মাচুল ৰেহাই দিছে৷ আ(ৰ্যজনক বিষয়টো হৈছে এইসকল প্ৰাৰ্থীক আবেদন মাচুল ৰেহাই দিলেও তেওঁলোকেও ৪০ টকা প্ৰচেচিং চাৰ্জ আৰু ১৮ শতাংশ জি এছ টিসহ ৪৭.২০ টকাকৈ মাচুল ভৰিব লাগিব৷ স্বাভাৱিকতেই এতিয়া আয়োগৰ এই বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছতেই জি এছ টিক লৈ নিবনুৱা প্ৰাৰ্থীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে৷ চৰকাৰে এতিয়া চাকৰি বিচাৰি হাবাথুৰি খোৱা নিবনুৱা যুৱক-যুৱতীৰ পৰাও কৰ সংগ্ৰহ কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে৷ হিতাধিকাৰীক সন্তুষ্ট কৰাৰ বাবে ঋণ লৈ লৈ তত্‌ নোপোৱা চৰকাৰে ৰাজকোষ টনকীয়াল কৰাৰ বাবে নিবনুৱাৰ পৰা কৰ সংগ্ৰহ কৰিবলৈকো ৰেহাই নিদিলে নেকি বুলিও বিভিন্নজনে সমালোচনা কৰিছে৷ হিতাধিকাৰী আঁচনিৰ বাবে চৰকাৰে বিত্তীয় বৰ্ষটোৰ অন্তিম সময়ত অহা ২৫ মাৰ্চত পুনৰ ১,৫০০ কোটি টকা ঋণ লোৱাক লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে বিভিন্নজনে৷