Logo
image

দোষ স্কুলৰ, দায়িত্ব নলয় শিক্ষামন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ মাৰ্চঃ  প্ৰশ্নকাকত ফাদিলৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰায় ১৮টা বিষয়ৰ পৰীক্ষা বাতিল কৰিবলগীয়া হোৱাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ সংস্কাৰৰ নমুনাক লৈ সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে৷ ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ যিসকল বিষয়াৰ কাৰ্যকালত বছৰ বছৰ ধৰি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হৈ আহিছে, সেইসকল বিষয়াৰ হাততে নৱ গঠিত ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ দায়িত্ব ন্যস্ত কৰাত ফলাফল যেন ব’ৰ্ডৰ প্ৰথমটো পৰীক্ষাতে স্পষ্ট হৈ পৰিল৷ উচ্চতৰ মাধ্যমিকৰ প্ৰথমবৰ্ষৰ একাদশ শ্ৰেণীৰ কেৱল গণিত আৰু অৰ্থনীতি বিষয়ৰ প্ৰশ্নকাকতেই নহয়, ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা প্ৰতিটো বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই যে ফাদিল হৈছিল, সেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে৷ কিয়নো গণিতৰ প্ৰশ্নকাকতৰ টোপোল ছীল পৰীক্ষণৰ সময়ত যি ১৮ খন শিক্ষানুষ্ঠানে বৰ্ডৰ নীতি-নিয়মক জলাঞ্জলি দি আগতীয়াকৈ গণিত বিষয়ৰ প্ৰশ্ন কাকতৰ ছীল খুলিছিল, সেইকেইখন বিদ্যালয়ে যে পূৰ্বৰ সকলো বিষয়ৰ প্ৰশ্নকাকতৰ টোপোলাৰ ছীল খোলা নাছিল তাৰ কোনে নিশ্চয়তা দিব সেয়া এতিয়া কোটিটকীয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷ কিয়নো ১৭ মাৰ্চত অনুষ্ঠিত হৈ যোৱা পৰিৱেশ বিজ্ঞানৰ প্ৰশ্নকাকতো পৰীক্ষাৰ পূৰ্বে মোবাইলত ফটো তোলাৰ তথ্য ৰাজহুৱা হৈ পৰিছে৷ ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে ৰাজহুৱা নকৰিলেও, ইতিমধ্যে জিলা বিদ্যালয় পৰিদৰ্শকৰ অনুসন্ধানত কেইবাখনো শিক্ষানুষ্ঠানৰ কতৃৰ্পক্ষই আটাইকেইটা বিষয়াৰ প্ৰশ্নকাকতৰ টোপোলাৰ আগতীয়াকৈ ছীল খোলাৰ ভয়ংকৰ তথ্য পোহৰলৈ অনা বুলি ব’ৰ্ডৰ এটা সূত্ৰই জানিবলৈ দিছে৷ বিদ্যালয় পৰিদৰ্শক আৰু জিলা লীড মহাবিদ্যালয়সমূহৰ অনুসন্ধানৰ ভিত্তিতে শনিবাৰে ব’ৰ্ডে এটা নিৰ্দেশনা যোগে ২৪ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া বাকী থকা সকলো বিষয়ৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত ঘোষণা কৰে৷ অৱশ্যে, কাইলৈ অৰ্থাৎ সোমবাৰে ব’ৰ্ডে এখন বৈঠকৰ আহ৩ান জনাইছে৷ ব’ৰ্ডে এই বৈঠকতে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো আলোচনা কৰি বাকী থকা বিষয়সমূহৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দিন-বাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব৷ কিন্তু ব’ৰ্ডৰ সন্মুখত এতিয়া আন এক নতুন প্ৰত্যাহ্বানে দেখা দিছে৷ কিয়নো ফাদিল হোৱা গণিত আৰু অৰ্থনীতি বিষয়ৰ লগতে ২৪-২৯ মাৰ্চৰ সূচীৰ অধীনৰ নিৰ্দিষ্ট বিষয়ৰ পৰীক্ষাসমূহেই নহয়, সমগ্ৰ পৰীক্ষাটোৱে এতিয়া নতুনকৈ অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ একাংশ বিদ্যালয়ে সকলো বিষয়ৰ প্ৰশ্নকাকতৰ টোপোলাৰ পৰীক্ষাৰ পূৰ্বে ছীল খোৱাৰ তথ্য প্ৰমাণ পোহৰলৈ অহাত সমগ্ৰ পৰীক্ষাটোকে বাতিল কৰি নতুনকৈ অনুষ্ঠিত কৰাৰ বাহিৰে ব’ৰ্ডৰ ওচৰত এতিয়া আন কোনো বিকল্প নোহোৱা হৈ পৰিল৷ অৱশ্যে সন্মুখত ব’হাগ বিহু আৰু পঞ্চায়ত নিৰ্বাচন থকাত কেনেকৈ একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিব সেয়া এতিয়া ব’ৰ্ড তথা শিক্ষা বিভাগৰ বাবে প্ৰত্যাহ৩ান হৈ পৰিছে৷ লক্ষণীয়ভাৱে গণিতৰ প্ৰশ্নকাকতৰ টোপোলাৰ আগতীয়াকৈ ছীল খোলাৰ অপৰাধত ব’ৰ্ডে ১৫ খন বে-চৰকাৰী বিদ্যালয়ৰ স্বীকৃতি সাময়িকভাৱে বাতিল কৰাৰ উপৰি একে অভিযোগত ৩ খন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধেও বিভাগীয় ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিছে৷ প্ৰশ্ন কাকতৰ ছীল খোলা বেচৰকাৰী বিদ্যালয়কেইখনৰ লগতে চৰকাৰী তিনিখন বিদ্যালয় ক্ৰমে– ধুবুৰীৰ লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কামৰূপৰ ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিৰুদ্ধেও ইতিমধ্যে এজাহাৰ দাখিল কৰিছে৷ একাদশ শ্ৰেণীৰ সমগ্ৰ পৰীক্ষাটো ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে পৰিচালনা কৰিছে যদিও প্ৰশ্নকাকত ফাদিলৰ দোষ শিক্ষানুষ্ঠানলৈ ঠেলি দিবলৈকো কুণ্ঠাবোধ নকৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত ব’ৰ্ডৰ গাত কোনো দোষ নাই বুলি ক্লীনশ্বীট দি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে নিজেই দায়িত্ব ল’বলৈ অস্বীকাৰ কৰি কয়–যেতিয়া ৰক্ষকেই, ভক্ষক হয়, তেতিয়া কি কৰিব পাৰি৷ আমি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক ভৰষা কৰিয়েই পৰীক্ষা পাতো৷ দশম আৰু দ্বাদশ শ্ৰেণীৰ প্ৰশ্নকাকতসমূহ আমি থানাত ৰাখো৷ কিন্তু একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত সেই বিদ্যালয়ৰে ল’কাৰত ৰাখিবলৈ দিয়া হয়৷ তেওঁলোকে পৰীক্ষাৰ পূৰ্বে আগদিনাই প্ৰশ্নকাকতৰ ছীল খুলি পেলাইছে৷ এইটো এটা নীতি বহিৰ্ভূত কাৰ্য৷ ব’ৰ্ডে কঠোৰ ব্যৱস্থা কৰিব যাতে ভৱিষ্যতে এই ঘটনাৰ পুনৰাবৃত্তি নহয়৷ ইয়াত ব’ৰ্ডৰ কোনো দোষ নাই৷ ব’ৰ্ডৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱা নাই৷ প্ৰশ্নকাকত ফাদিল হৈছে বিদ্যালয়ৰ পৰা৷ যিখন বিদ্যালয়ত পৰীক্ষাকেন্দ্ৰ আছে, তেওঁলোকে আগতীয়াকৈ খুলিব নলগীয়া পেকেট খুলি দিছে৷ সেয়েহে এনে বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে ব’ৰ্ডক মই নিৰ্দেশ দিছো৷


ৰঙিয়াত প্ৰতিক্ৰিয়া 

‘আমাৰ অসম’ৰ ৰঙিয়াৰ বিশেষ প্ৰতিবেদকঃ ৰঙিয়াৰ এখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান চিমবায়’চিচ একাডেমীৰ বিৰুদ্ধে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ গণিত প্ৰশ্ন কাকতৰ ছীল পৰীক্ষাৰ এদিন পূৰ্বেই খোলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ এই ঘটনাই ৰঙিয়াৰ লগতে অসমৰ শিক্ষা জগতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধীনত পৰীক্ষা কেন্দ্ৰ হিচাপে নিৰ্ধাৰিত চিমবায়’চিচ একাডেমীত এই অনিয়ম সংঘটিত হৈছে৷ বিদ্যালয়ৰ অধ্যক্ষৰ অভিযোগ অনুসৰি, একাডেমীৰ অধ্যক্ষগৰাকীয়ে পৰীক্ষাৰ নিৰ্ধাৰিত সময়ৰ আগতেই গণিতৰ প্ৰশ্ন কাকতৰ ছীল খুলি চৰকাৰী নীতি-নিয়মৰ প্ৰতি স্পষ্ট উপেক্ষা প্ৰদৰ্শন কৰিছে৷ ঘটনাৰ বিষয়ে অধিক তথ্য পোহৰলৈ আহিছে যে, এই কাৰ্যৰ জৰিয়তে পৰীক্ষাৰ পবিত্ৰতা আৰু গোপনীয়তা লংঘন হোৱাৰ আশংকা সৃষ্টি হৈছে৷ ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে এই গুৰুতৰ বিষয়টোক লৈ ইতিমধ্যে ৰঙিয়া আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে৷ তেওঁৰ ভাষ্য অনুসৰি, চিমবায়’চিচ একাডেমীৰ অধ্যক্ষই এনে কাৰ্যৰ জৰিয়তে শিক্ষা ব্যৱস্থাৰ নিয়মৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাইছে৷ এই ঘটনাই এতিয়া স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে শিক্ষা বিভাগৰ দায়িত্বশীল কতৃৰ্পক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ পৰীক্ষাৰ নিৰপেক্ষতা আৰু স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত এনে অনিয়মে গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে ইতিমধ্যে এই অভিযোগৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ এই ঘটনাৰ পৰিপ্ৰেক্ষিতত শিক্ষা প্ৰতিষ্ঠানসমূহৰ দায়িত্বশীলতা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সুৰক্ষাৰ বিষয়ে নতুনকৈ চিন্তা-চৰ্চা আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা দিছে৷ উক্ত ঘটনা সন্দৰ্ভত ঊধবৰ্তন কতৃৰ্পক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷