Logo
image

পৰীক্ষা পিছুৱালেও বিহুৰ পাছতেই পঞ্চায়ত ভোট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ মাৰ্চঃ উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰে ৰাজনৈতিক অংকত যেন এতিয়া আউল লগালে৷ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ পাছতেই  পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা তথা অধিসূচনা জাৰি কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ আছিল যদিও উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ বাবে পৰীক্ষা বাতিল কৰাত স্বাভাৱিকতেই অনি(য়তাত সোমাই পৰিছে পঞ্চায়ত নিৰ্বাচন৷ ইতিপূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা শেষ হোৱাৰ দিনটোত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ’ব বুলিও ঘোষণা কৰা দেখা গৈছিল৷ সুকলমে সম্পন্ন হোৱা হ’লে ২৯ মাৰ্চত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ অন্ত পৰিলহেতেঁন যদিও প্ৰশ্নকাকত ফাদিলৰ বাবেই ইতিমধ্যে কুৰিটাকৈ অধিক বিষয়ৰ পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছে ব’ৰ্ডে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ আটাইবিলাক বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দেহ হোৱাত সমগ্ৰ পৰীক্ষাটোৱে নতুনকৈ অনুষ্ঠিত কৰিবলগীয়া হ’ব পাৰে৷


যদিহে নতুনকৈ এই পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয়, তেনেহ’লে পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ প্ৰায় এমাহ সময়ৰ প্ৰয়োজন হ’ব৷ অৰ্থাৎ এপ্ৰিল মাহটো পৰীক্ষাৰ নামত গুচি গ’লে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত জটিলতা আহি পৰিব পাৰে৷ কিয়নো বিহুৰ আগে আগে ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ লগতে বিহুৰ পাছতেই বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ২০২৬ চনৰ মাৰ্চ-এপ্ৰিল মাহত বিধানসভা নিৰ্বাচন হ’লে পঞ্চায়ত নিৰ্বাচনলৈ সময়েই নাথাকিব৷ স্বাভাৱিকতেই উচ্চতৰ মাধ্যমিকৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই পঞ্চায়ত নিৰ্বাচনৰ দিন-বাৰ ঘোষণাকলৈ জটিলতাৰ সৃষ্টি কৰিছে৷ কিন্তু পঞ্চায়ত নিৰ্বাচনক লৈ এই জটিলতাৰ মাজতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা শেষ হোৱালৈ পঞ্চায়ত নিৰ্বাচন ৰখাই থ’ব নোৱাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰঙালী বিহুৰ পাছতেই পঞ্চায়ত নিৰ্বাচনৰ ইংগিত দি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে একাদশ শ্ৰেণীৰ বাকী থকা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব বুলিও সদৰী কৰিছে৷ এই সন্দৰ্ভত দেওবাৰে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়– ‘পঞ্চায়তৰ নিৰ্বাচন দুটা পৰীক্ষাৰ বাবে ৰখাই থ’ব নোৱাৰি৷ হয়টো শেষৰ দুটা পৰীক্ষা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে অনুষ্ঠিত হ’ব৷ এতিয়া পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিলে এইবছৰ নিৰ্বাচনেই পাতিব নোৱাৰিম৷’