
শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী অখিলৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৩ মাৰ্চঃ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল হোৱাত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ক্ষোভ আৰু গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটী আৰু অন্যান্য দল-সংগঠনে পৰীক্ষা বাতিল হোৱা প্ৰসংগত আজি নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আটাইবোৰ দল-সংগঠনে শিক্ষা বিভাগৰ ব্যৰ্থতা আৰু অদক্ষতাক একেমুখে ধিক্কাৰ দি ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ শিক্ষা বিভাগক সকীয়াই দিছে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পদত্যাগ দাবী কৰাৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থাই ৰাজনীতিৰ পৰা ব’ৰ্ডক মুক্ত কৰাৰ দাবী জনাইছে৷
পৰিষদৰ নাম সলনি হ’ল কাম সলনি নহ’লঃ ছাত্ৰ সন্থা
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ প্ৰশ্ন কাকত ফাদিলৰ বাবে উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল হোৱাত ক্ষোভ, উদ্বিগ্নতা প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদানৰ দাবী জনোৱাৰ লগতে কোনো এটা বৰ্ষতে বিসংগতি নোহোৱাকৈ পৰীক্ষা পাতিব নোৱাৰা শিক্ষা বিভাগ আৰু শিক্ষা পৰিষদক ছাত্ৰ সন্থাই ধিক্কাৰ দিছে৷ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িতসকলক কঠোৰ, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ছাত্ৰ সন্থাই দাবী জনাইছে৷ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত এক বিবৃতিযোগে কয় যে অসমৰ শিক্ষা বিভাগ আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অসমৰ লাখ লাখ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিছে৷ পৰিষদখনৰ নামটোহে সলনি হ’ল; কাম সেই পূৰ্বৰ দৰে একেই থাকিল৷ ব্যৰ্থ, অদক্ষ আৰু দায়িত্বজ্ঞানহীন৷ কোনোটো বৰ্ষতেই বিসংগতি আৰু বিতৰ্ক নোহোৱাকৈ পৰীক্ষা পাতিব নোৱাৰা অসমৰ ৰাজ্যিক ব’ৰ্ডে এই বৰ্ষত প্ৰথমে ফাদিল হোৱা প্ৰশ্ন কাকতৰে পৰীক্ষা অনুষ্ঠিত কৰিলে; শেষত প্ৰশ্ন কাকতৰ গোপনীয়তা ৰক্ষাত পুতৌজনকভাৱে ব্যৰ্থ হৈ পৰৱৰ্তী সকলো পৰীক্ষা বাতিল কৰিলে৷ লগে লগে হতাশা, অনিশ্চয়তা আৰু মানসিক অশান্তিৰ ফালে ঠেলি দিলে ৰাজ্যখনৰ লাখ-লাখ শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলক৷ এয়া চূড়ান্ত শৈক্ষিক অন্যায়৷ ছাত্ৰ সন্থাৰ দৃঢ় মত– ছাত্ৰ-ছাত্ৰীসকলক ন্যায় প্ৰদান কৰিবই লাগিব৷ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰক৷ স্কুলৰ ফলাফল বেয়া হ’লে প্ৰধান শিক্ষক আৰু শিক্ষক-শিক্ষয়িত্ৰীক জগৰীয়া কৰা চৰকাৰখনৰ মুখ্যমন্ত্ৰীয়ে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাত ধাৰাবাহিক, ধিক্কাৰজনক ব্যৰ্থতাৰ বাবে শিক্ষামন্ত্ৰী আৰু পৰিষদৰ অধ্যক্ষক দায়বদ্ধ কৰিবনে? ছাত্ৰ সন্থাই পুনৰ দৃঢ়তাৰে কয়– অসমত এতিয়াও ৰাজ্যিক ব’ৰ্ডৰ ব্যাপক সংস্কাৰৰ প্ৰয়োজন আছে৷ বিশিষ্ট শিক্ষাবিদেৰে এখন শক্তিশালী, স্বতন্ত্ৰ পৰিচালনা সমিতি গঠন কৰিব লাগিব৷ ৰাজ্যিক ব’ৰ্ড ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হঅব লাগিব৷ অনুসন্ধান সমিতি গঠনৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বাছনি কৰাৰ দৰেই উপাচাৰ্য পৰ্যায়ৰ এগৰাকী ব্যক্তিক ব’ৰ্ডৰ অধ্যক্ষ নিয়োগ কৰিব লাগিব৷ ৰাজ্যিক ব’ৰ্ডৰ বিশ্বাসযোগ্যতা অটুট থাকিবই লাগিব৷ অসমৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ হ’ব লাগিব৷ মুখ্যমন্ত্ৰীলৈ ছাত্ৰ সন্থাৰ স্পষ্ট দাবী– পৰীক্ষাৰ্থীসকলক ন্যায় প্ৰদান কৰক৷
শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী অখিলৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৩ মাৰ্চঃ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ বিভিন্ন প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা পৰিষদৰ ভূমিকাকলৈ সৰৱ হৈ পৰিছে শিৱসাৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ এটা পৰীক্ষাও সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে পদ ত্যাগ কৰিব লাগে৷ এই দাবী শিৱসাৰ সমষ্টিৰ বিধায়ক অথবা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ৷ গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আজি আয়োজন কৰা এক সংবাদ মেলত ভাগ লৈ শিৱসাৰ সমষ্টিৰ বিধায়ক অথবা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে পদ ত্যাগ নকৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক অপসাৰণ কৰিব লাগে৷ ‘উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিভিন্ন প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাই অসমৰ শিক্ষা ব্যৱস্থাৰ পয়ালগা অৱস্থাটো পুনৰ এবাৰ প্ৰমাণ কৰিলে৷ শিক্ষা বিভাগৰ পেপাৰ ফাদিল হোৱাটো এতিয়া অপৰাধত পৰিণত হৈছে৷ ASSEB অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্ৰকক বহিষ্কাৰ কৰিব লাগে৷’ –এইদৰে কয় অখিল গগৈয়ে৷ মন কৰিবলগীয়া বিষয় যে, ৰাজহুৱা শিক্ষা ব্যৱস্থা সংস্কাৰ কৰাৰ স্বাৰ্থত ছেবা আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিত কৰি শিক্ষা বিভাগে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰাৰ পাছতে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিকৰ পেপাৰ ফাদিল হৈছিল৷ উল্লেখ্য যে, গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে ২০২৫ চনৰ উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ বাকী থকা বিষয়সমূহৰ পৰীক্ষা বাতিল কৰিছিল৷ অন্যান্য প্ৰশ্নকাকতৰ নিৰাপত্তাক লৈ উদ্বেগৰ মাজতে ২৪ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ অনুষ্ঠিত হবলগীয়া এই পৰীক্ষা বাতিল কৰা হৈছে৷ ২১ মাৰ্চত দ্বিতীয় হাফৰ বাবে নিৰ্ধাৰিত গণিতৰ প্ৰশ্নকাকতৰ ছীল কৰা পেকেটসমূহ ২০ মাৰ্চত কিছুমান প্ৰতিষ্ঠানত ফাদিল হোৱা বুলি জানিব পৰা গৈছে৷ পৰৱৰ্তী তদন্তত একাধিক নিয়ম ভংগৰ প্ৰমাণ পোৱা যায়, যাৰ ফলত ব’ৰ্ডে আন বিষয়তো ফাদিল হোৱাৰ সম্ভাৱনাৰ সন্দেহ প্ৰকাশ কৰিছে৷ ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পৰীক্ষাৰ প্ৰট’কল উলংঘা কৰাৰ বাবে ১০খন জিলাৰ ১৫খন ব্যক্তিগত বিদ্যালয়ৰ এফিলিয়েছন ব’ৰ্ডে বন্ধ কৰি দিছে৷ ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে এই অসৎ আচৰণৰ সৈতে জড়িত তিনিখন প্ৰাদেশিক বিদ্যালয়ৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে৷ শিক্ষা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে আৰু কঠোৰ শাস্তিমূলক ব্যৱস্থা হিচাপে উক্ত বিদ্যালয়সমূহে ২০২৫–চ্ছ শিক্ষাবৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাত বাধা আৰোপ কৰ হৈছে৷ ২৪ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ব’ৰ্ডৰ বৈঠকে পৰীক্ষা প্ৰক্ৰিয়া আৰু সম্ভাৱ্য পুনৰ সূচী সন্দৰ্ভত অধিক ব্যৱস্থা নিৰ্ধাৰণ কৰিব৷ ইপিনে, ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে শিক্ষা কতৃৰ্পক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে৷
শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ দাবী কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ ৰাজহুৱা শিক্ষা ব্যৱস্থা সংস্কাৰ কৰাৰ স্বাৰ্থত ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিত কৰি শিক্ষা বিভাগে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰাৰ পাছতে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ বিভিন্ন প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা পৰিষদৰ ভূমিকাকলৈ সৰৱ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদু্যৎ শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পাপু দত্তই কয় যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিভিন্ন প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাই অসমৰ শিক্ষা ব্যৱস্থাৰ পয়ালগা অৱস্থাটো পুনৰ এবাৰ প্ৰমাণ কৰিলে৷ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ স্বাৰ্থত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰাৰ পাছতো এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাটো অত্যন্ত দুৰ্ভাগ্যজনক৷ স্বচ্চ আৰু নিকা ব্যৱস্থাৰ শ্লোগান দিয়া শাসনাধিস্থ বিজেপি চৰকাৰৰ দিনত প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই ইতিমধ্যে ৰেকৰ্ড গঢ়িছে৷ বিশেষকৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষা বিভাগৰ দায়িত্ব লোৱাৰ পাছত প্ৰতি বছৰে প্ৰশ্ন কাকত ফাদিল হোৱা, প্ৰশ্নকাকত বিক্ৰী হোৱা, প্ৰশ্নকাকত মোবাইল, হোৱাটছ এপ গ্ৰুপত ছেয়াৰ হোৱা আৰু বিসংগতিপূৰ্ণ প্ৰশ্নকাকত প্ৰদানেৰে কেৱল অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাই নহয়, এনে ঘটনাই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ অশনি সংকেত নমাই আনিছে৷ ৰাজ্যখনৰ ১০ খন জিলাৰ ১৫ খন বিদ্যালয়ত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত ডাঃ ৰণোজ পেগুৱে বিভাগীয় মুৰব্বী হিচাপে কোনো যুক্তিতে শিক্ষামন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি থকাতো উচিত নহয়৷ সেয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচিত তদন্তৰ লগতে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই৷ আনহাতে, সংগঠন দুটাৰ নেতৃত্বই কয় যে শিক্ষা বিভাগে ১০ খন জিলাৰ ১৫ খন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল কৰিয়েই নিজৰ দায়িত্ব সামৰিলে নহ’ব৷ শিক্ষা ব্যৱস্থাত হৈ থকা সকলো ধৰণৰ বেমেজালি-আসোঁৱাহ দূৰ কৰাৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি দায়ৱদ্ধ এক শিক্ষা ব্যৱস্থা তৈয়াৰ কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷