Logo
image

ক্ষমা প্ৰাৰ্থনা অৰ্থহীন, ৰূপজ্যোতিক বৰ্খাস্তৰ দাবী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মাৰ্চঃ  সদনৰ ভিতৰত এজন জ্যেষ্ঠ বিধায়কক মাৰিবলৈ খেদি যোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীক বিধায়ক পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবী উত্থাপিত হৈছে৷ বিৰোধী দল কংগ্ৰেছ, ৰাইজৰ দল, ইউডিএফৰ, চিপিআইএম, অসম জাতীয় পৰিষদে ৰূপজ্যোতি কুৰ্মীক বৰ্খাস্ত কৰাৰ দাবী জনাইছে আৰু এজন জ্যেষ্ঠ বিধায়কক মাৰিবলৈ গৈ পাছত ক্ষমা প্ৰাৰ্থনা কৰা অৰ্থহীন বুলি মত প্ৰকাশ কৰিছে৷ তাৰ মাজতে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ তুলি বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰদান কৰিছে  অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই৷ ৰূপজ্যোতি কুৰ্মীক সদনৰ সকলো কাৰ্যসূচীৰ পৰা বহিষ্কাৰ কৰাৰ আৰ্জিৰে অধ্যক্ষক দিয়া পত্ৰখনত তেওঁ কয়– যোৱা ২১ মাৰ্চ শুকুৰবাৰে অসম বিধান সভাৰ মজিয়াত এক অভাৱনীয় আৰু অকল্পনাতিত ঘটনা দেখিবলৈ পালোঁ৷ যদিহে আমি অসম বিধান সভাৰ পুৰণি কাৰ্য্যৱলীৰ বিৱৰণী চাওঁ তেতিয়াহলে শাসক আৰু বিৰোধীৰ মাজত বিধান সভাৰ কিছুমান ক্ষেত্ৰত কথা কটাকটি হোৱা দেখা পাওঁ আৰু পূৰ্বৰ অসম বিধান সভাৰ পুথিভৰাঁলত থকা পুৰণি কাৰ্য্যসূচীৰ প্ৰতিবেদনসমূহত চকু ফুৰালেও দেখা পাওঁ যে ৰিপ’ৰ্টাৰসকলে উল্লেখ কৰে যে হুলুস্থূল হ’ল, কথা শুনা নগ’ল অথবা সদনৰ ভিতৰত বিভিন্ন ধৰণৰ বাক-বিতণ্ডাৰ সৃষ্টি হোৱাৰ কথা আদি শুনা পাওঁ৷ কিন্তু  শুকুৰবাৰৰ দিনা বিধান সভাত শাসক পক্ষৰ এজন জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী পক্ষৰ সদস্যক অতি দৃষ্টিকটু ভাবে অভদ্ৰ আচৰণ কৰা আমি সকলোৱে দেখা পালো৷ অভদ্ৰ আচৰণ কৰাৰ সময়ত তেখেতে সদনত বিৰোধী পক্ষৰ সদস্যসকলক আঙুলি টোৱাই ভাবুকি দিয়াও আমি দেখা পালো৷ এই গোটেই পৰিস্থিতিৰ শাম কটাৰ বাবে বিৰোধী দলৰ দলপতি হিচাপে মই চেয়াৰমেন আৰু উপাধ্যক্ষক বিষয়টো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিলো, তেতিয়া মোৰ ফালেও কুৰ্মীয়ে আঙুলি টোৱাই কথা কোৱাৰ উপৰি ‘তহত ফাল্টু ’ বুলি বাক্য প্ৰয়োগ কৰিলে৷ ইয়াৰ উপৰি তেওঁ কয় যে বিৰোধী দলপতি ডাঙৰীয়া, আপুনি মই কথা কৈ থাকোঁতে কথা নক’ব, আপোনাক মই কথা ক’বলৈ নিদিম, আপোনাৰ সন্মুখত ঠিয় হ’ম, আপোনাৰো মাইক ভাঙি দিম’ আদি কথা কোৱা স্পষ্টভাবে বিধান সভাৰ ৰেকৰ্ডিঙত শুনিবলৈ পোৱা যায়৷ তদুপৰি তেওঁ উত্তেজিত হৈ বিৰোধী দলৰ আসনৰ ফালে চোচা মাৰি আহি কংগ্ৰেছ দলৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আৰু ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক আক্ৰমণ কৰিবলৈ আমাৰ বিৰোধী দলৰ বিধায়ক সকলৰ আসনৰ ফালে দৌৰি আহে৷ কিন্তু বিধান সভাৰ মাশ্বেৰ্লৰ নেতৃত্বত কৰ্মচাৰী সকলৰ হস্তক্ষেপত শাসক পক্ষৰ বিধায়কৰ দ্বাৰা বিৰোধী দলৰ বিধায়কক মাৰপিট কৰাৰ দৰে এটা ঘটনা হোৱাৰ পৰা বিধান সভাৰ মজিয়া কথমপি ৰক্ষা পৰিল৷ ইয়াৰ পৰৱৰ্তী সময়ত বিষয়টোৰ সন্দৰ্ভত উপাধ্যক্ষৰ পৰা আমি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কঠোৰ শাস্তি দিয়ক বুলি আশা কৰিছিলো কিন্তু আশা কৰা ধৰণে একো ফলাফল নাপালোঁ আৰু ১০ মিনিটৰ বাবে সদন ত্যাগ কৰো৷ পৰৱৰ্তী সময়ত আমি সদনৰ কাৰ্যাৱলী ৰাইজৰ স্বাৰ্থত নিয়মীয়াকৈ চলি যাবলৈ দিওঁ৷ কিন্তু আমাৰ এটা আশা আছিল এই অভাৱনীয় ঘটনাই যাতে আমাৰ পবিত্ৰ বিধান সভাৰ কাৰ্য্যক্ৰমনিকাত চেকা আনিব নোৱাৰে তাৰ বাবে চৰকাৰী পক্ষই আপোনাক এখন সৰ্বদলীয় সভা আহ৩ান কৰিবলৈ পৰামৰ্শ আগবঢ়াব আৰু আমিও আমাৰ বক্তব্য এই সন্দৰ্ভত আপোনাৰ আগত ব্যক্ত কৰিম, কিন্তু এনে একো হৈ উঠা নঅগল৷ ইতিমধ্যে এই গোটেই ঘটনা সামাজিক মাধ্যম, বাতৰি কাকত, টিভি আদিত প্ৰকাশ পালে আৰু এই ঘটনাৰ আলম লৈ বিভিন্ন Talk Show ত বিধায়ক সকলৰ মান-মৰ্যাদাক লৈও প্ৰশ্ন উঠিবলৈ আবম্ভ কবিলে৷ প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই বহুদিন পূৰ্বে এখন কিতাপত উল্লেখ কৰা গাহৰিৰ গড়ালৰ গাহৰি হিচাপে আমাক যে কোনো লিখকে উল্লেখ কৰিছিল সেই কথাও কঅলে৷ ইয়াৰ উপৰি শনিবাৰৰ দিনা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ যোগেৰে বিৰোধী দলৰ সদস্যসকলৰ প্ৰতি কঠোৰ সতৰ্কবাণী দিয়া আমি প্ৰচাৰ মাধ্যমযোগে দেখা পাইছোঁ৷ তেওঁ ভৱিষ্যতে ইয়াতকৈ দহ গুণ বেছি উগ্ৰ ব্যৱহাৰ কৰিম জাতীয় কথা কৈ এক সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছে৷ এই গোটেই ঘটনা ক্ৰমে আমাৰ মনত আঘাত দিছে আৰু বহু সদস্য ভিতিগ্ৰস্ত হৈছে৷ সেয়েহে আপোনাক আমাৰ সদন পৰিচালনাৰ নিয়মাৱলীৰ ১৫৮ নং বিধি অনুসৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত বিশেষাধিকাৰ ভংগৰ প্ৰসংগ উত্থাপন কৰি তেওঁৰ বিষয়ে কেনেধৰণৰ ব্যৱস্থা ল’ব লাগে বিষয়টো চালি-জাৰি চাবলৈ আপোনাক অনুৰোধ কৰিছো৷ বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন দাখিল নোহোৱালৈকে তেওঁক সদনৰ সকলো কাৰ্য্যসূচীৰ পৰা বিৰত ৰাখিবলৈ আপোনাক অনুৰোধ কৰিলো৷ অধ্যক্ষ মহোদয়, আমি আপোনাৰ নিৰপেক্ষতাৰ ওপৰত গভীৰ আস্থা ৰাখি ২৪ মাৰ্চৰ পুৱা ৯.৩০ বজাত অসম বিধান সভা অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে আপোনাৰ সিদ্ধান্ত আমাক অৱগত কৰিবলৈ এই পত্ৰযোগে দাবী জনালোঁ৷


ৰূপজ্যোতিৰ প্ৰতিমূৰ্তি দাহ

‘আমাৰ অসম’ৰ কয়াকুছিৰ প্ৰতিবেদকঃ  অসম বিধানসভাৰ পৱিত্ৰ মজিয়া অশালীন শব্দ আৰু অভব্য আচৰণেৰে অপৱিত্ৰ তথা কলুষিত কৰা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিমূৰ্তি দাহ কৰে ৰাইজৰ দলে৷ কালি ৰাইজৰ দলৰ নেতা-কৰ্মীয়ে পাকাবেতবাৰী সমষ্টিত দাহ কৰে ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিমূৰ্তি৷ অসম বিধানসভাৰ ভিতৰত বিধায়কগৰাকীয়ে বিৰোধী দলৰ বিধায়কক অশালীন মন্তব্য কৰাক লৈ ৰাজ্যত চলিছে তুমুল বিতৰ্ক৷ উল্লেখ্য যে, বিধানসভা চলাকালীন অৱস্থাতেই মৰিয়নী সমষ্টিৰ বিজেপি বিধায়ক কুৰ্মীয়ে ‘ঐ ফটুৱা, তহঁতে কিয় কথা ক’বি, মাইক ভাঙি দিম’ বুলি কৈ নিজৰ আসনৰ পৰা উঠি গৈ অখিল গগৈ আৰু শ্বেৰমান আলী আহমেদক টাৰ্গেট কৰি চোচা লোৱা কাৰ্যক লৈ ৰাজ্যত বিতৰ্কৰ সৃষ্টি হৈছে৷ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি ৰাইজৰ দলৰ পাকাবেতবাৰী ব্লকৰ উদ্যোগত ভক্তৰডোবাৰ পিঠাদিত অনুষ্ঠিত হোৱা প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত দলৰ কৰ্মীসকলে বিজেপি হায় হায়, ৰূপজ্যোতি কুৰ্মী মুৰ্দাবাদ, ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পদ খাৰিজ কৰক, ৰাইজৰ দল জিন্দাবাদ আদি ধবনি দি ভৱিষ্যতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনৰ ভিতৰত এনে অশালীন আচৰণ নকৰে তাৰ বাবে সকীয়াই দিয়ে৷  পুত্তলিকা দাহ কাৰ্যসূচীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে ৰূপজ্যোতি কুৰ্মীক এজন মানসিক ৰোগী বুলি উল্লেখ কৰি তেওঁক তেজপুৰ মানসিক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ বিজেপি দলৰ নেতা কৰ্মীসকলৰ লগতে মুখ্যমন্ত্ৰীক আহ্বান জনায়৷ এনে মানসিকভাৱে ভাৰসাম্যহীন বিধায়ক কুৰ্মীক দীৰ্ঘ সময়ৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰিবলৈও মনিৰুজ জামানে বিধানসভাৰ অধ্যক্ষক দাবী জনায়৷ আনহাতে মনিৰুজ জামানে বিধানসভাৰ অধ্যক্ষগৰাকীৰ পক্ষপাতিত্বমূলক আচৰণকো তীব্ৰ সমালোচনা কৰে৷ তেওঁ কয় যে, সামান্যতম অজুহাত দেখুৱাই অসম বিধানসভা পৱিত্ৰ মজিয়াৰ পৰা বাৰে বাৰে বিৰোধী দলৰ বিধায়ক অখিল গগৈ আৰু বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক নিলম্বন কৰা হয়৷ কিন্তু আ(ৰ্যজনকভাৱে ৰূপজ্যোতি কুৰ্মীয়ে ইমান অভদ্ৰ আচৰণ কৰাৰ পাছতো অধ্যক্ষগৰাকীয়ে তেওঁক সদনৰ পৰা নিলম্বন নকৰিলে৷ এয়া অধ্যক্ষগৰাকীৰ পক্ষপাতিত্বমূলক আচৰণ৷ কাৰ্যসূচীত জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় উপ- সভাপতি ধৰ্মেন্দ্ৰ দাস, পাকাবেতবাৰী সমষ্টি সমিতিৰ উপ-সভাপতি সবজুল হক, বিত্ত সম্পাদক খলিলুৰ ৰহমান, ব্লক কমিটীৰ সম্পাদক সফিকুল ইছলাম, আঞ্চলিক সমিতিৰ বিষয়ববীয়া ক্ৰমে মুনছেৰ আলী, আতোৱাৰ ৰহমান, ময়নুল হক, আছমত আলীকে আদি কৰি প্ৰায় অৰ্ধশতাধিক লোক উপস্থিত থাকে৷