
নাজিৰাৰ গেলেকীত বানপানী সমস্যা সমাধানৰ দাবীত পথ অৱৰোধ
'আমাৰ অসম'ৰ নাজিৰাৰ প্ৰতিবেদকঃ নাজিৰা সমজিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ গেলেকী অঞ্চলত থকা দৈখনা, নামদাং, ডেন্সি নৈ আদিকে ধৰি জান-জুৰি সমূহ পুত খাই যোৱাৰ ফলত বাৰিষা বানপানীৰ লগতে এজাক বৰষুণতে সৃষ্টি হোৱা কৃটিম বানপানীয়ে বাৰুকৈয়ে জলা-কলা খুৱাইছে ৰাইজক। বহু কেইটা অঞ্চল পানীত ডুব গৈ জনগণক ব্যাপক জুৰুলা কৰি তুলিছে। স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে বিগত সময়ত স্থানীয় প্ৰশাসন আৰু চৰকাৰী কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰি আহিছে যদিও এই সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্রত কোনো সু-ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
এই বানপানীৰ সমস্যাৰ সমাধানৰ দাবীত টাই আহোম যুৱ পৰিষদ (টাইপা)ৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত গেলেকী আঞ্চলিক সমিতি আৰু গেলেকীবাসী ৰাইজৰ সহযোগত গেলেকীত সোমবাৰে পুৱা ৫ বজাৰ পৰা পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অ' এন জি চিৰ যান-বাহন চলাচল বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদস্থলীত নাজিৰা সমজিলাৰ এগৰাকী দণ্ডাধীশ উপস্থিত হৈ ৰাইজ আৰু টাইপাৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়। আগন্তক সাত দিনৰ ভিতৰত অ'এন জি চিয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে অ'এন জি চিৰ কাম কাজ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে টাইপাৰ লগতে গেলেকীবাসী ৰাইজে। এই সন্দৰ্ভত দণ্ডাধীশৰ জৰিয়তে নাজিৰা সম জিলাৰ আয়ুক্তলৈ টাইপাৰ শিৱসাগৰ জিলা সমিতিয়ে এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।