Logo
image

অৰুণোদয় আঁচনিত ৰাজনৈতিক হস্তক্ষেপ বন্ধৰ দাবীত কৃষক মুক্তিৰ ধৰ্ণা

'আমাৰ অসম'ৰ ধেমাজিৰ প্ৰতিবেদক, ২৪ মাৰ্চঃ বিজেপি চৰকাৰে অসমৰ জনসাধাৰণৰ হিতাৰ্থে প্ৰৱৰ্তন কৰা অৰুণোদয় আঁচনিখনত ব্যাপক স্বজন-তোষণ আৰু ৰাজনীতিকৰণ হোৱাৰ অভিযোগ তুলি সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিয়ে এক বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়। কৃষক মুক্তিৰ কেন্দ্ৰীয় সমিটিৰ কাৰ্যকৰী সভাপতি ৰাজুৰাজ বৰপাত্ৰগোঁহাই, জিলা সভাপতিদ্বয় যদুমনি গগৈ আৰু ভবেন শালৈ, সম্পাদক দুৰ্গা বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মণ্টু কাৰ্দং, সম্পাদক অভিজিৎ খনিকৰ, উপ সভাপতি যুগল গগৈৰ নেতৃত্বত চাৰি শতাধিক লোকৰ অংশগ্ৰহণৰে বৰদলনি চাৰিআলিৰ পৰা সমদল কৰি বৰদলনি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়৷


প্ৰতিবাদী ৰাইজ তথা কৃষক মুক্তিৰ কৰ্মকৰ্তাসকলে হাতে-হাতে বেনাৰ, প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানৰে বৰদলনিৰ পৰিৱেশ উত্তাল কৰি তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে ৰূপায়ণ কৰিবলৈ দাবী জনায়৷ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ ধেমাজি জিলাৰ প্ৰতিখন ৰেচন কাৰ্ডৰ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনোৱাৰ লগতে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনত ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰা, অৰুণোদয় আঁচনিৰ ধন ৩০০০ টকালৈ বৃদ্ধি কৰা, অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ নামত ধন সংগ্ৰহ বন্ধ কৰা, কৃষক নিধিৰ ধন প্ৰতিমাহে প্ৰদান কৰাৰ লগতে পিএম কিষাণ নিধিৰ ধন ৫০০০ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনায়৷ তদুপৰি বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত গাওঁ পঞ্চায়ত সমূহত অবাধ দুর্নীতি কৰা বিষয়াৰ ওপৰত তদন্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷