
নগৰবেৰাত বিশ্ব যক্ষ্মা দিৱস উৎযাপন, সজাগতা সভা
'আমাৰ অসম'ৰ নগৰবেৰাৰ প্ৰতিবেদক, ২৪ মাৰ্চঃ কামৰূপ জিলা যক্ষ্মা কেন্দ্ৰৰ উদ্যোগত নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত সোমবাৰে নগৰবেৰাত বিশ্ব যক্ষ্মা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে স্থানীয় বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ কমল পাঠকে সভাপতিত্ব কৰা সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ডাঃ বিপুল শইকীয়াই। সভাত কামৰূপ জিলা যক্ষ্মা বিষয়া ডাঃ ৰূপালী শইকীয়া ফুকনে ভাষণত যক্ষ্মা দিৱসৰ তাৎপৰ্য ব্যখ্যা কৰি ২০২৫ চনৰ ভিতৰতে যক্ষ্মা ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত সকলো বিভাগৰ লোকৰ সহায়-সহযোগিতা কামনা কৰে।
সভাত নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ বি এচ মাৰাক, ছমৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ শ্ৰী সিদ্ধাৰ্থ,সমাজকৰ্মী তথা নগৰবেৰা মৌজা কমিটিৰ প্ৰাক্তন সভাপতি উদয় শংকৰ মেধি আদিয়ে যক্ষ্মা দিৱস সন্দৰ্ভত ভাষণ প্ৰদান কৰে। সভাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় কৰ্মচাৰী বৈদ্য মেধি, ছমৰীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী খোৱাজ উদ্দিন পৰামানিকৰ লগতে বিভিন্ন বিভাগৰ প্ৰতিনিধি, মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী, স্বাস্থ্যকৰ্মী, আশাকৰ্মী আদি কৰি কেইবাশতাধিক লোক উপস্থিত থাকে।