
অসমৰ জহা চাউল ভিয়েটনামলৈ
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৪ মাৰ্চঃ অসমৰ সুগন্ধি জহা চাউলৰ সোৱাদ ল’ব ভিটেনায়মে৷ এই উদ্দেশ্যে অসমৰ সৈতে ভিয়েটনামৰ এটা আগশাৰীৰ কোম্পানী লেখা ডিষ্ট্ৰিবিউটাৰ কোম্পানী লিমিটেডে অসমৰ কৃষিজাত উদ্যোগ জিংচাই এণ্টাৰপ্ৰাইজৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে৷ এই সহযোগিতাই ভিয়েটনামৰ গ্ৰাহকসকলক অসমৰ পৰা জৈৱিক আৰু স্বাস্থ্যকৰ কৃষিজাত সামগ্ৰী লাভ কৰাৰ পথ প্ৰশস্ত কৰিব৷ প্ৰথম পৰ্যায়ত ১০০০ কিলোগ্ৰাম জহা চাউল ভিয়েটনামৰ হো চি মিন চহৰলৈ প্ৰেৰণ কৰা হ’ব বুলি আশা কৰা হৈছে৷ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত এই চাউল প্ৰেৰণ কৰা হ’ব৷ এই সন্দৰ্ভত লেখা ডিষ্ট্ৰিবিউটাৰ কোম্পানী লিমিটেডৰ চেয়াৰমেন আৰু চি ই ও, লে ট্ৰং খাই কয়– উত্তৰ-পূব ভাৰতলৈ মোৰ ভ্ৰমণৰ সময়ত অঞ্চলটোৰ কৃষিজাত সামগ্ৰীৰ উচ্ছ মান দেখি যথেষ্ট প্ৰভাৱিত হৈছো৷ এই সামগ্ৰীবোৰ কেৱল অসমৰ প্ৰাকৃতিক আৰু উচ্ছ মানৰ সোৱাদৰ বাবেই নহয়, ইয়াৰ লগতে পৰিৱেশ অনুকূল কৃষি পদ্ধতিয়ে মোক আকৰ্ষিত কৰিছে৷ অসমৰ খেতিয়কসকলে জৈৱিক খেতি পদ্ধতি অনুসৰণ কৰা দেখিবলৈ পোৱা গৈছে৷ তেওঁ লগতে কয়– অসমৰ মানুহৰ সৈতে মোৰ অভিজ্ঞতা অতি আন্তৰিক আৰু বন্ধুত্বপূৰ্ণ৷ তেওঁলোকৰ সহযোগিতাৰ প্ৰতি থকা ইচ্ছাই মোক তেওঁলোকৰ সৈতে দীৰ্ঘম্যাদী আৰু স্থায়ী অংশীদাৰিত্ব গঢ়ি তোলাৰ প্ৰেৰণা দিছে৷ এই সহযোগিতাৰ জৰিয়তে লেখা ডিষ্ট্ৰিবিউটাৰে অসমৰ কৃষিজাত সামগ্ৰীবোৰ ভিয়েটনামৰ লগতে বিশ্ব বজাৰলৈও ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে৷
কোম্পানীটোৰ বিশ্বস্ত ই-কমাৰ্চ প্লে-টফৰ্ম https://lekha.vn ইতিমধ্যে ভিয়েটনামত এটা বিশ্বস্ত গ্ৰাহক শ্ৰেণী গঢ়ি তুলিছে, আৰু এই প্লেটফৰ্মটোৱে অসমৰ জৈৱিক সামগ্ৰীবোৰ প্ৰচাৰ আৰু বিতৰণৰ মূল মাধ্যম হিচাপে কাম কৰিব৷ এই সহযোগিতাই লেখা ডিষ্ট্ৰিবিউটাৰৰ বাবে এক গুৰুত্বপূৰ্ণ ব্যৱসায়িক মাইলৰ খুঁটি হোৱাৰ লগতে ভিয়েটনাম আৰু ভাৰতৰ মাজৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্কও সুদৃঢ় কৰিব৷ এই সন্দৰ্ভত জিংচাই এণ্টাৰপ্ৰাইজৰ সঞ্চালক ৰাজীৱ মেধিয়ে কয়- আমাৰ কোম্পানী লেখা ডিষ্ট্ৰিবিউটাৰ কোম্পানী লিমিটেডৰ সৈতে সহযোগিতা কৰি সন্তুষ্ট৷ মেধিয়ে কয়– আমি বিগত পাঁচ বছৰ ধৰি কৃষি ক্ষেত্ৰত কাম কৰি আহিছো৷ অসমৰ কৃষিজাত সামগ্ৰী অন্যান্য দেশলৈ ৰপ্তানি কৰাৰ বাবে বিভিন্ন দেশৰ বজাৰৰ সৈতে আলোচনা কৰি আহিছোঁ৷ তেওঁ কয়– আমি ইতিমধ্যে আপেল বগৰী, বিলাহী, জহা চাউল, ক’লা চাউল, বেঙেনা আদিৰ নমুনা বিভিন্ন দেশলৈ প্ৰেৰণ কৰিছো৷ বেছিভাগ নমুনা অনুমোদিত হৈছে৷ প্ৰথম পৰ্যায়ত ১০০০ কিলোগ্ৰাম জহা চাউল এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত ভিয়েটনামলৈ প্ৰেৰণ কৰা হ’ব৷ অসমৰ কামৰূপ জিলাৰ বাসিন্দা মেধিয়ে কয়- বাণিজ্যৰ ক্ষেত্ৰত অসমৰ পৰিৱেশ পূবতকৈ বহু উন্নত হৈছে, যাৰ ফলত তেওঁৰ দৰে বহু লোকেই উদ্যোগী হোৱাৰ প্ৰেৰণা পাইছে৷ মেধিয়ে কয়– ‘এডভাণ্টেজ অসম ২.০১ সফলতাৰ পিছত বহু দেশে আমাক লক্ষ্য কৰিছে৷ এতিয়া আমাৰ ওপৰত নিৰ্ভৰ কৰিছে যে কেনেকৈ আমি ব্যৱসায় কৰি এক স্থায়ী ভৱিষ্যত গঢ়ি তুলিব পাৰো৷’