Logo
image

নোবেল মনোনয়ন প্ৰত্যাখ্যান মাস্কৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ মাৰ্চঃ  বিশ্বখ্যাত টেছলা গাড়ী কোম্পানী আৰু স্পেচ এক্সৰ চি ই অ’ ইলন মাস্কক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছে ইউৰোপীয় সংসদৰ সদস্য ব্ৰাংকো গ্ৰিমছে৷ এসময়ৰ টুইটাৰ ক্ৰয় কৰি এক্স নামেৰে পৰিচালনা কৰা ইলন মাস্কে সেই মাইক্ৰ’ব্লগিং ছাইটৰ জৰিয়তে আৰু আন আন দিশত বাক স্বাধীনতাৰ পৃষ্ঠপোষকতা কৰাৰ বাবে ইউৰোপীয় ইউনিয়নৰ সদস্যজনে ইলন মাস্কৰ নাম শান্তিৰ নোবেলৰ বাবে প্ৰস্তাব কৰিছে৷ ইপিনে মাৰ্কিন ধনকুবেৰ ইলন মাস্কে তেওঁক নোবেলৰ বাবে কৰা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে৷ এক্সত ইলন মাস্কে লিখিছে–মই কোনো পুৰষ্কাৰ নিবিচাৰো৷ ইপিনে ইলন মাস্কৰ নাম শান্তিৰ নোবেলৰ বাবে প্ৰস্তাৱ কৰি  ইউৰোপীয় সংসদৰ সদস্য ব্ৰাংকো গ্ৰিমছে কয়–ইলন মাস্কে নিৰৱচ্ছিন্নভাৱে বাক স্বাধীনতাৰ হকে কাম কৰি আছে৷ বাক স্বাধীনতা হৈছে স্বাধীনতাৰ এক অধিকাৰ৷


সেয়ে মই তেওঁৰ নাম ২০২৫ চনৰ শান্তিৰ নোবেলৰ বাবে মনোনীত কৰিছো৷ ইতিমধ্যে মই সেই প্ৰস্তাৱ নোবেল কমিটীৰ ওচৰত সফলতাৰে দাখিল কৰিছো৷ ২০২২ চনত ইলন মাস্কে টুইটাৰ অধিগ্ৰহণ কৰিছিল৷ তেতিয়াই তেওঁ টুইটাৰ মুক্ত বাৰ্তালাপ বা বাক স্বাধীনতাৰ মুকলি মঞ্চ হ’ব বুলি ঘোষণা কৰিছিল৷ মাস্কে বাক স্বাধীনতা সকলোৰে মৌলিক অধিকাৰ বুলি মন্তব্য কৰি টুইটাৰে বহুতৰে বক্তব্য চেঞ্চৰ কৰাৰ বাবে সমালোচনা কৰিছিল৷ তেওঁ টুইটাৰ অধিগ্ৰহণ কৰিলে সেয়া বাক স্বাধীনতাৰ মুকলি মঞ্চ হ’ব বুলি ঘোষণা কৰিছিল৷ মাস্কে টুইটাৰ অধিগ্ৰহণ কৰি এক্স নামেৰে মাইক্ৰ’ব্লগিং ছাইটটো পৰিচালনা কৰে আৰু তেওঁ ইয়াৰ বক্তব্য উপস্থাপনৰ ক্ষেত্ৰত ব্যাপক সংশোধন আৰু সংস্কাৰ কৰে৷ এলন মাস্কক ইউৰোপীয় সংসদৰ সদস্য তথা শ্ল’ভেনিয়াৰ ৰাজনীতিবিদ ব্ৰাংকো গ্ৰিমছে শান্তিৰ নোবেলৰ বাবে মনোনীত কৰিলেও ইলন মাস্কে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷