Logo
image

১,২২৩ কোটিৰ ২০৬ কোটিহে দিলে কেন্দ্ৰই

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ২৪ মাৰ্চঃ  অসমত বহু চৰ্চিত উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি ৰূপায়ণক লৈ কেন্দ্ৰীয় চৰকাৰৰ ভেঁকো-ভাওনাৰ কথা লোকসভাৰ মজিয়াত খোদ কেন্দ্ৰীয় ড’নাৰমন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ফাদিল কৰিছে৷ অলপতে লোকসভাৰ প্ৰশ্নোত্তৰকালত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সিন্ধিয়াই প্ৰকাশ কৰা মতে, উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ জৰিয়তে কেন্দ্ৰীয়  ড’নাৰ মন্ত্ৰালয়ে অসমৰ ২৭টা প্ৰকল্পত অনুমোদন জনাইছিল৷ উক্ত প্ৰকল্পসমূহৰ বাবে বাজেটত ধাৰ্য কৰা হৈছিল ৰ,২২৩.৪৯ কোটি টকা৷ পিছে উক্ত বুজন পৰিমাণৰ ধনৰাশিৰ মাত্ৰ ২০৬.৮৮ কোটি টকাহে কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰকল্পসমূহৰ বাবে মোকলাই দিছে৷ অৰ্থাৎ অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ধাৰ্য কৰা মুঠ পুঁজিৰ মাত্ৰ ১৬.৯১ শতাংশহে কেন্দ্ৰই মোকলাই দিবলৈ সক্ষম হৈছে৷ যোৱা ১৯ মাৰ্চত লোকসভাৰ মজিয়াত মন্ত্ৰী সিন্ধিয়াই প্ৰদান কৰা এই তথ্যৰ আধাৰত সাংসদ গৌৰৱ গগৈয়ে সমগ্ৰ বিষয়টোকলৈ উদ্বিগ্নতা ব্যক্ত কৰি বিভাগীয় মন্ত্ৰীজনৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰি এক পত্ৰ প্ৰেৰণ কৰিছে৷ কোৱা হৈছে উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ পুঁজি সময়তে মোকলাই নিদিয়াৰ বাবে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু পানী যোগান ব্যৱস্থাৰ নিচিনা নূ্যনতম সা-সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে অসমবাসী৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম কাৰ্যকালত উত্তৰ-পূবৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষত এশ শতাংশ কেন্দ্ৰীয় পুঁজিৰ যোগানেৰে উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি প্ৰণয়ন কৰা হৈছিল৷


লক্ষণীয়ভাৱে মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়ালৈ প্ৰেৰণ কৰা পত্ৰখনত সাংসদ গগৈয়ে উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ পুঁজিৰ পৰা বঞ্চিত ৰাজ্যৰ কেইবাটাও প্ৰকল্পৰ উদাহৰণো দাঙি ধৰিছে৷ তথ্য অনুসৰি গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ সামগ্ৰিক উন্নয়ৰ বাবে ধাৰ্য কৰা ২.৯৪ কোটি টকাৰ ভিতৰত এতিয়ালৈকে মাত্ৰ ১০ লাখ টকাহে কেন্দ্ৰই মোকলাই দিছে৷ অনুৰূপভাৱে কামৰূপ একাডেমী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে ধাৰ্য কৰা ২.২২ কোটি টকাৰ ভিতৰত মোকলাই দিয়া হৈছে মাত্ৰ ১.০৯ কোটি টকাহে৷ একদৰে যোৰহাটৰ চৰকাৰী বালিকা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে ২.১২ কোটি টকাত অনুমোদন জনোৱা হৈছিল যদিও বিদ্যালয়খনক মোকলাই দিয়া হৈছে মাত্ৰ ৬৮ লাখ টকা৷ যদিও জিলাখনৰ কৰঙা বালিকা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে ধাৰ্য কৰা ৬২ লাখ টকাৰ সম্পূৰ্ণ ধনৰাশি চৰকাৰে মোকলাই দিছে৷ আনহাতে শিলচৰ চৰকাৰী উচ্ছতম মাধ্যমিক বিদ্যালয়ৰ সংস্কাৰৰ বাবে ধাৰ্য কৰা ১.২৩ কোটি টকাৰ ভিতৰত এতিয়ালৈকে মোকলাই দিয়া হৈছে মাত্ৰ ১০ লাখ টকা৷ অনুৰূপ অৱস্থা ডিব্ৰুগড়ৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰো৷ বিদ্যালয়খনৰ নতুন শ্ৰেণীকোঠা নিৰ্মাণ তথা সংস্কাৰৰ বাবে ১.৭২ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও মোকলাই দিয়া হৈছে মাত্ৰ ১০ লাখ টকাহে৷ মন্ত্ৰী সিন্ধিয়ালৈ প্ৰেৰণ কৰা পত্ৰত সাংসদ গগৈয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পসমূহৰ পুঁজি সময়তে মোকলাই দিয়াৰ লগতে আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য ভিত্তিক নিৰীক্ষণ প্ৰণালী স্থাপন কৰিবলৈ আৰ্জি জনাইছে৷