
জোনাইত আছুৰ উদ্যোগত বিহু নাচ কৰ্মশালা
'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদক, ২৫ মাৰ্চঃ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাইতো জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ২২ মাৰ্চৰ পৰা ১০ দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহুনাচ কৰ্মশালা৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা বিহু নাচ কৰ্মশালাখন।
কৰ্মশালাত ডেৰশতাধিকৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বুলি উদ্যোগতা সকলে জানিবলৈ দিছে। লগতে উক্ত বিহুনাচ কৰ্মশালাত সদৌ অসম কাৰ্বি আংলং বিহুৱতী ২০২৪, শ্ৰেষ্ঠ বিহুৱতী ডিব্ৰুগড় ২০২৩, গোগামুখ কেন্দ্ৰীয় শ্ৰেষ্ঠ বিহুৱতী ২০২২, অসম ভিত্তিত চিলাপথাৰ শ্ৰেষ্ঠ বিহুৱতী ২০২২ আদি পুৰস্কাৰপ্ৰাপ্ত চয়নিকা দেৱীয়ে প্ৰশিক্ষক হিচাপে কণ কণ নাচনী সকলক দহ দিন প্ৰশিক্ষণ দিব বুলি জানিবলৈ দিছে৷