Logo
image

চাৰ্কাছ চলিছে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ মাৰ্চঃ  অসম বিধানসভাত প্ৰকৃততে কি হৈ আছেঞ্জ ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰি বছৰটোৰ মাত্ৰ কেইটামান দিনৰ বাবেহে বিধানসভা অনুষ্ঠিত হয়৷ পূৰ্বৰ তুলনাত বিধানসভাৰ অধিৱেশনৰ সংখ্যা আৰু কৰ্মদিনো বহু হ্ৰাস  পাইছে৷ সাধাৰণতে বিধায়কসকলে ৰাজ্যৰ সমস্যা বিধানসভাত উত্থাপন কৰে আৰু চৰকাৰী পক্ষই এই সমস্যা তাৎক্ষণিকভাৱে সমাধানৰ পদক্ষেপ লয়৷ কিন্তু এতিয়া যেন এনে দৃশ্য বিধানসভাত বিৰল৷ যাৰ ফলত সচেতন মহলৰ মতে বিধানসভা যেন এক প্ৰহসনতহে পৰিণত হৈছে৷ আজিৰ তাৰিখত ৰাজ্যবাসী এশ এটা সমস্যাৰে জৰ্জৰিত৷ অস্বাভাৱিক মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি একাধিক জ্বলন্ত সমস্যাৰ পৰা পৰিত্ৰাণৰ পথ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ৷ কিন্তু ৰাইজৰ সৈতে জড়িত ইছ্যু সদনৰ মজিয়াত উত্থাপন কৰাৰ ক্ষেত্ৰত বিৰোধী শিবিৰ যিদৰে ইচ্ছুক নহয়, ঠিক তেনেদৰে শাসকীয় দলেও যেন এনে সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ সাজু নহয়৷ ইয়াৰ পৰিৱৰ্তে চাৰ্কাছৰ দৰে বিধানসভাত শাসকীয় দলৰ বিধায়কে বিৰোধী দলৰ বিধায়কক আক্ৰমণ কৰিছে, বিধানসভাৰ উপাধ্যক্ষ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হোৱাৰ দৰে অস্বাভাৱিক ঘটনাও সংঘটিত হৈছে এইবাৰ বিধানসভাত৷ উল্লেখ্য, দুদিন পূৰ্বে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনৰ ভিতৰত ভাষণ দি থাকোঁতেই নিজৰ আসনৰ পৰা উঠি গৈ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক লক্ষ্য কৰি চোঁচা লয়৷ মাইক ভাঙি দিয়াৰো ভাবুকি দিয়ে৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধায়ক অখিল গগৈক অশালীন ব্যৱহাৰো কৰে বিধায়ক কুৰ্মীয়ে৷ শাসকীয় দলৰ বিধায়ক এজনে বিৰোধী বিধায়ক এজনক মাৰিবলৈ খেদি যোৱাৰ ঘটনা অসম বিধানসভাৰ ইতিহাসত বিৰল৷ আনহাতে, শাসকীয় দলৰ বিধায়কৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আজি হাতে হাতে জেওৰা লৈ বিধানসভালৈ আহে এ আই ইউ ডি এফৰ বিধায়কসকল৷ নিজৰ আত্মৰক্ষাৰ বাবে এনেদৰে জেওৰা লৈ বিধানসভালৈ অহা বুলি দাবী কৰে বিধায়কসকলে৷ কংগ্ৰেছ বিধায়কসকলে শাসকীয় পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ ক’লা কাপোৰ পিন্ধি বিধানসভালৈ আহে সোমবাৰে৷ এনে সকলো ঘটনা অতিক্ৰমি বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰি আহত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হয়৷ এই অভিযোগক কেন্দ্ৰ কৰি সোমবাৰে দীৰ্ঘ সময়ৰ বাবে বিধানসভা উত্তাল হৈ থাকে৷ আনকি প্ৰশ্নউত্তৰ কালো সম্পূৰ্ণ নহ’ল৷ শাসক-বিৰোধীৰ বাক-বিতণ্ডা, আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰু অযথা হুলস্থূলৰ সন্মুখত যেন গৌণ হৈ পৰিছে ৰাজ্যবাসীৰ সমস্যা আৰু অভাৱ-অভিযোগ৷ চৰকাৰী পক্ষই উত্থাপন কৰা বিলৰ ওপৰত আলোচনা কৰাৰ বাবে যেন আজি আগ্ৰহী নহয় অধিকাংশ বিধায়ক৷ যাৰ বাবে বহু বিল আলোচনা বা সংশোধনী অবিহনেই গৃহীত হৈ আছে৷ ৰাজ্যবাসীৰ দুখ-দুৰ্দশা যেন বিধায়কসকলৰ বাবে গৌণ৷ আলোচনাৰ গুৰুত্বপূৰ্ণ বিষয় নহয়৷ ৰাজ্যৰ সমস্যাসমূহ বিধানসভাৰ মজিয়াত যাতে উত্থাপন নহয় তাৰ কৌশলতে সদায় ব্যস্ত শাসকীয় দল৷ এনে বিষয় যিমানে উত্থাপিত নহ’ব, শাসকীয় দলৰ বাবে সিমানে স্বস্তি৷


ৰূপজ্যোতিক ৰাজনীতিৰ পৰা বিদায় দিয়া হ’বঃ  অখিল গগৈ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  ‘আগন্তুক নিৰ্বাচনত মই মৰিয়নি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰোঁ৷ কিন্তু সমষ্টিটোৰ পৰা উদ্ধত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ চিৰদিনৰ বাবে বিদায় দিয়াৰ বাবে বিৰোধীৰ এজন উমৈহতীয়া সবল প্ৰাৰ্থী দিয়া হ’ব যাতে ৰূপজ্যোতি কুৰ্মীৰ পৰাজয় নিশ্চিত হয়৷’ –কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ মতানৈক্য বৃদ্ধি পোৱাৰ সময়তে গগৈয়ে এই মন্তব্য কৰিছে৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি হৈ থকা মাতৃক পৰিচৰ্যাৰ বাবে যোৰহাটত বাহৰ পতা বিধায়কজনে আজি সাংবাদিকৰ আগত এইদৰে কয়৷ উল্লেখ্য, বিধানসভাৰ মজিয়াত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দ্বাৰা অপদস্থ হোৱা অখিল গগৈয়ে ৰূপজ্যোতি কুৰ্মীৰ ৰাজনৈতিক কেৰিয়াৰ ধবংস কৰিবলৈ সংকল্পবদ্ধ হৈছে৷ আগন্তুক নিৰ্বাচনত তেওঁ মৰিয়নিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছিল যদিও আজি যোৰহাটত তেওঁ সুৰ কিছু সলনি কৰি বিৰোধী ঐক্য মঞ্চৰ প্ৰসংগ আনিছে৷ তেওঁ লগতে কয় যে বৰ্তমান মৰিয়নি সমষ্টি ৰূপজ্যোতি কুৰ্মীৰ জয়লাভৰ বাবে অনুকূল নহয়৷ ৰূপজ্যোতি কুৰ্মীক মুখ্যমন্ত্ৰীয়ে ভালেই নাপায়৷ সেয়ে তেওঁৰ সমষ্টিৰ পৰা চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা কমাই দিয়া হ’ল৷ মৰিয়নিবাসী ৰাইজে পুনৰ বাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক নিবিচাৰে আৰু সেইটো ২০২৬ চনৰ নিৰ্বাচনত প্ৰমাণিত হ’ব৷