Logo
image

ককিলামুখ ষ্টেট ৰে’লৱেজ

পুৰণি অবিভক্ত শিৱসাগৰ জিলাৰ যোৰহাট মহকুমাৰ উত্তৰৰ এক সুবৃহৎ অঞ্চল, অতীতৰ ককিলা নৈৰ নামনি অংশক  ককিলামুখ বোলা হৈছিল৷ বৰ্তমান সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱা এই পুৰণি ককিলামুখ অঞ্চল, ককিলামুখ জাহাজ ঘাট, ককিলামুখ ষ্টেট  ৰে’লৱেজ  আদি যোৰহাটৰ দুৱাৰমুখৰূপে ব্ৰিটিছৰ শাসন কালত এক ঐতিহাসিক ভূমিকা আছিল৷

অধুনালুপ্ত ককিলা নৈখন নগাপাহাৰৰ গাভৰু পৰ্বতৰ ওচৰৰ পৰা তীব্ৰগতিৰে নামি আহি বাটত দিহা, কাকজান, মেলেং, বাঘজান, ননৈ আদি অনেক সৰু-বৰ নৈ-উপনৈ বুকুত লৈ বৰমুকলি পথাৰৰ মাজেৰে পশ্চিম দিশে বৈ গৈ ম’হগড়ৰ সুঁতিত মিলিছিল৷ ম’হগড় ব্ৰহ্মপুত্ৰৰ এটি সুঁতি৷ ১৯১২ চনত ককিলা নৈৰ পাৰৰ বৰমুকলি পথাৰৰ মাজত থকা হাতীশালৰ পৰা পোনে পোনে উত্তৰলৈ চাৰি-পাঁচ  কিলোমিটাৰ দূৰৈত ব্ৰিটিছ চৰকাৰৰ দিনত ৰে’ল আৰু জাহাজঘাট গঢ়ি উঠিছিল৷ বৰ্তমানৰ যোৰহাট-নিমাতী ৰাজপথটোও ৰে’লৰ আলি পাৰ হৈ  উত্তৰমুৱাকৈ তিনি-চাৰি কিলোমিটাৰ বিস্তৃত হৈ অধুনালুপ্ত নিমতলা ঘাটলৈকে আছিল৷ নিমতলা ঘাটত সেইদিনত কেৰাচিনৰ ডাঙৰ ডাঙৰ টেংক বা ডিপো আছিল৷ নিমতলা ঘাটৰ কাষতে কমেও এশঘৰ লোকে বাস কৰা বহত  গাঁও, নাম ককিলা কুমাৰ গাঁও  আদি আছিল৷ নিমতলা ঘাটৰ পশ্চিমে থকা ডাইনী গাঁৱৰ পৰা এটা শাখা ৰে’লপথ নিমতলা ঘাটলৈ আৰু আন দুটা শাখা ৰে’লপথ দক্ষিণ ফাললৈ গৈছিল৷ এনে শাখা ৰে’লপথৰ কাষে কাষে আৰএছএন আৰু আইজিএন  কোম্পানীৰ ডাঙৰ ডাঙৰ গুদাম আছিল৷ নিমতলা ঘাটৰ পশ্চিমে ‘খৰীয়াবাৰী’ নামেৰে এটা বিখ্যাত চাপৰি আছিল৷ বৰ্তমানে সমূলাঞ্চে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱা এই বৃহৎ অঞ্চলৰ অতীত-ইতিহাসো পানীৰ তললৈ গতি কৰিলে৷দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পুৰণি ককিলামুখ অঞ্চল [পশ্চিমে আছিল] ব্ৰহ্মপুত্ৰই খহাই নিয়াত কিছু উত্তৰ-পূবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত নতুনকৈ মাটি জাপি দি ৰে’ল আৰু জাহাজঘাট নিৰ্মাণ হৈছিল৷ হিন্দুস্তানী শ্ৰমিকৰ মুখত নতুনকৈ মাটি জপা ঠাইক ‘নয়ামাটী’ বুলিছিল আৰু পাছলৈ ইয়েই নিমাতী ঘাট নামেৰে প্ৰসিদ্ধি লাভ কৰিছিল [বৰ্তমানৰ নিমাতী ঘাট নহয়, পুৰণি নিমাতী অঞ্চলো নদীয়ে খহাই নিলে]৷

অসমত প্ৰথম ৰে’লসেৱা আৰম্ভ হয় ১৮৮১ চনত ‘আছাম ৰে’লৱে এণ্ড ট্ৰেডিং কোম্পানী’ৰ অধীনত মাকুম কয়লাখনিৰ পৰা ডিব্ৰুগড় চহৰলৈ ৬৫ কিঃমিঃ মিটাৰগজ ৰে’লপথ স্থাপনৰ দ্বাৰা৷ পৰৱৰ্তী সময়ত চাহ বাগিচাৰ শ্ৰমিক, যন্ত্ৰপাতি, কয়লা, তেল, ইটা আদি পৰিবহণৰ বাবে যোৰহাট আৰু ইয়াৰ কাষৰ অঞ্চলবোৰ সামৰি ৰে’ল আৰু ষ্টিমাৰ সেৱাৰ প্ৰভূত উন্নয়ন হৈছিল৷ লেঃ গৱৰ্নৰ ছাৰ চাৰ্লছ বেলী চাহাবে যাতায়াতৰ উন্নয়নত আগভাগ লৈছিল৷ ১৮৮২ চনত চীফ্‌ কমিছনাৰ ছাৰ চি এ এলিয়ট কে চি আইৰ তত্ত্বাৱধানত যোৰহাট-ককিলামুখৰ মাজত ৬.৫ মাইল দৈৰ্ঘ্যৰ দুই ফুট নেৰ’গজ ৰে’লপথৰ কাম আৰম্ভ হয়৷ ‘যোৰহাট-ককিলামুখ ট্ৰামৱে’ নামেৰে আৰম্ভ কৰা এই ৰে’লপথ নিৰ্মাণত মুঠ ১,১১,৩৩০টকা  খৰচ হয়৷ ১৮৮৪ চনৰ ৯-ডিচেম্বৰত অসমৰ চীফ্‌ কমিছনাৰে ‘ককিলামুখ ষ্টেট ৰে’লৱেজ’ৰ শুভ উদ্বোধন কৰে৷ এই দিনটো সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱময় দিনৰূপে পৰিগণিত হৈছিল৷


‘ককিলামুখ ষ্টেট ৰে’লৱেজ’ৰ উদ্বোধন উপলক্ষে ১৮৮৪ চনৰ ৯ ডিচেম্বৰত দিনৰ ১১ বজাত  ককিলামুখৰ কেম্পৰ সন্মুখৰ পথাৰত ব্ৰিটিছৰ মেজৰ বাকিংহাম চাহাবৰ নেতৃত্বত অশ্বাৰোহীসকলৰ আকৰ্ষণীয় পেৰেড অনুষ্ঠিত হৈছিল৷ চীফ্‌ কমিছনাৰ ছাৰ, চি এ এলিয়ট চাহাবে গাৰ্ড  অৱ  অ’নাৰ গ্ৰহণ কৰে৷ উল্লেখ্য, সেইদিনা অসমৰ চীফ্‌ কমিছনাৰক আদৰিবলৈ ককিলামুখ ষ্টেচনৰ মুখ্য প্ৰৱেশদ্বাৰৰ লগতে গোটেই পথটো ধুনীয়াকৈ সজাই তোলা হৈছিল৷ বৃহৎসংখ্যক সাধাৰণ জনতাই ককিলামুখৰ এই অনুষ্ঠান উদ্‌যাপনত অংশগ্ৰহণ কৰিছিল৷ চীফ্‌ কমিছনাৰে মঞ্চত আসন গ্ৰহণৰ পাছতে ৰে’লৱেৰ সকলো কাম তদাৰক কৰা ষ্টেচন ছুপাৰিণ্টেণ্ডেণ্ট মেজৰ  ৱিলকামছ আৰজিএই ৰে’লপথ প্ৰতিষ্ঠাৰ কাৰণ, পৰিস্থিতি আদিৰ লগতে আৰোহী আৰু মাল-বস্ত পৰিবহণৰ প্ৰস্তুতিৰ সম্পৰ্কে বিস্তৃত বিৱৰণ  দাঙি ধৰিছিল৷ এই সভাত যোৰহাটৰ ডেপুটী কমিছনাৰ [তেতিয়া অবিভক্ত শিৱসাগৰ জিলা] ডব্লিউএছ.ক্লাৰ্ক ‘ইন্সপেক্টৰ জেনেৰেল অৱ পুলিচ’ মিঃমুৰে চাহাব, মি.কেলভিন, মি.ৱিলিয়ামছ, মিছেছ ৱিলিয়ামছ, মিছ ৱিলিয়ামছ আৰু মি ডুবেইগ  আদি উপস্থিত আছিল৷ চীফ্‌ কমিছনাৰে শেষত ‘ৰয়েল গৱৰ্নমেণ্টৰ’ হৈ উপস্থিত ৰাইজক শুভেচ্ছা জনাই ‘ককিলামুখ ৰেলৱে’ ষ্টেচন উদ্বোধন কৰা হ’ল বুলি ঘোষণা কৰে৷ অসমৰ পৰিবহণ বুৰঞ্জীত ককিলামুখৰ ‘ককিলামুখ ষ্টেট ৰে’লৱেজ’ক এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছিল৷ 

পৰবৰ্তী সময়ত যোৰহাটৰ পৰা বড়ি গাঁও ,পটীয়া গাঁও হৈ ককিলামুখ, গোহাঁই গাঁও আৰু নিমাতী-নিমতলা ঘাটলৈকে ‘যোৰহাট প্ৰ’ভিঞ্চিয়েল ৰে’লৱে’ [চমুকৈ জেপিআৰ] অনুষ্ঠানে ৰে’ল যাতায়াতৰ ব্যৱস্থা হাতত লৈছিল৷ ১৯২৭ চনত ৰে’লপথসমূহৰ কাৰ্যভাৰ ‘মেকনিল এণ্ড কোম্পানি আৰু কিলৰ্বাণ এণ্ড কোম্পানী’ক দিয়া হয়৷ এই কোম্পানীকেইটাই আৰএছএন আৰু আইজিএনৰ এজেণ্টৰূপে কাৰ্যনিৰ্বাহ কৰিছিল  

ওপৰত উল্লেখ কৰা স্থানসমূহ ব্ৰহ্মপুত্ৰৰ বুকুত৷ তাহানি ককিলা নৈখন ৰংদৈ চাৰিআলিৰ পৰা প্ৰথমে উত্তৰ মুৱাহৈ পাছত পশ্চিম মুৱা হৈ প্ৰায় ২২ কিঃমিঃ দৈৰ্ঘ্য অতিক্ৰম কৰি ম’হগড়ৰ সুঁতিৰে  বৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত মিলিছিলগৈ৷ এই ম’হগড়তেই ১৮২২ চনৰ ১৯ এপ্ৰিলত, আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই মানৰ হাতৰ পৰা অসম উদ্ধাৰৰ বাবে মানৰ সেনাপতি মিঙ্গিমাহা বন্দুলাৰ লগত তয়াময়া ৰণ কৰিছিল৷ মান সেনা আৰু আহোমৰ মাজত এই ম’হগড়ৰ যুদ্ধই শেষ আৰু নিৰ্ণায়ক যুদ্ধ হৈছিল ৷ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই ৰাজ্য উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টাৰে নিজে সমুখ সমৰৰ পৰা যুজিছিল৷ কিন্তু অস্ত্ৰ সম্ভাৰৰ নাটনি হোৱাত বাধ্য হৈ পিছ হুঁহকি যাবলৈ বাধ্য হৈছিল৷ 

ইতিমধ্যে উল্লেখ কৰা ককিলা নৈৰ নামনিৰ এক বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ লগত বিলীন হৈ গ’ল৷ ১৯৫০ চনৰ বৰ ভূঁইকঁপৰ সময়ত পাহাৰৰ এক বৃহৎ অংশ খহি পৰি ককিলাৰ গতিত যতি পেলালে৷ মানুহৰ চকুৰ আগতেই এখন ভৰপূৰ নদীৰ মৃত্যু ঘটিল৷ একেদৰে ৰজাৰ দিনত বৰ-চৰলা বিলত আহোম সৈন্যৰ নৌকাচলনৰ সমৰ অনুশীলন চাবলৈ যাওঁতে ব্যৱহাৰ কৰা ‘ৰংদৈ জান’কো মথাউৰি নিৰ্মাণ কৰি মাৰি পেলোৱা হ’ল৷ এইবিলাকৰ মৰ্মবেদনা আজি কোনে শুনিব? ব্ৰহ্মপুত্ৰৰ খহনীয়াত যোৰহাট মহকুমাৰ উত্তৰৰ এক সুবৃহৎ অঞ্চল  অতীতৰ ককিলামুখ, গোহাঁই গাঁও, গায়নবাৰী, চাৰিগাঁও চাপৰি, ডাইনী গাঁও, কিনাই চুক, বাহাদুৰৰ চুক, গৰীয়াভগা, জৰিতল, মৰিয়া গাঁও, নাম ককিলা, ভিতৰ ককিলা, হাতীশাল,  বহত গাঁও, আমলখি ছিগা আদি লুইতৰ বুকুত লয় পালে৷

এসময়ৰ ককিলামুখৰ এনে গৌৰৱ-গাথা হয়তো আৰু শুনিবলৈ পোৱা নাযাব৷ মাথোঁ বৰ্তমানৰ জৰাজীৰ্ণ ফাকুৱা দৌল  আৰু শান্তি আশ্ৰমৰ কাষত ৰৈ অনুভৱহে কৰিব পাৰি৷