
নলবাৰীত সাৰ-বীজৰ অত্যধিক দাম বৃদ্ধি, নিয়ন্ত্ৰণ নাই প্ৰশাসনৰ
'আমাৰ অসম'ৰ দক্ষিণ নলবাৰীৰ প্ৰতিবেদক, ২৫ মাৰ্চঃ ৰাজ্যৰ আন জিলাৰ কৃষকসকলৰ দৰে নলবাৰী জিলাৰ কৃষক সকলেও ৰবি শস্যৰ খেতি কৰাৰ বাবে ব্যস্ত হৈ পৰিছে যদিও বতৰকালীন শস্যৰ বীজ আৰু ৰাসায়নিক সাৰৰ মূল্য বৃদ্ধিয়ে সমস্যাত পেলাইছে চহা খেতিয়ক সকলক। কৃষি চহকী জিলাখনৰ বহু কৃষকে ইতিমধ্যে আগতীয়াকৈ ৰবি খেতি আৰম্ভ কৰিছে। কিন্তু সাৰ-বীজৰ অত্যধিক মূল্য বৃদ্ধিয়ে চিন্তাত পেলাইছে তেওঁলোকক। আনহাতে, জিলাখনৰ গৰিষ্ঠ সংখ্যক কৃষকে এতিয়া ৰবি শস্যৰ বাবে মাটি চহাই বীজ ৰোপণৰ বাবে সাজু হৈছে যদিও বীজৰ দামে সমস্যাত পেলাইছে। বজাৰত প্ৰায় প্ৰতিবিধ বীজৰ দাম প্ৰায় দুগুনলৈ বৃদ্ধি পাইছে। বীজৰ এনে মূল্য বৃদ্ধিয়ে কৃষক-ৰাইজক বিমোৰত পেলাইছে।
আনহাতে, অভাৱগ্ৰস্ত জিলা খনৰ চহৰকে ধৰি বিভিন্ন প্ৰান্তৰ মুকলি বজাৰত জিকা, তিয়ঁহ, কোমোৰা, তিতা কেৰেলা, জলকীয়া আদি ৰবি শস্যৰ বীজৰ দাম অত্যধিক বাঢ়িছে। সাধাৰণ এটা জিকা গুটি কিনিবলগীয়া হৈছে তিনি-চাৰি টকাত। বীজৰ এনে আকাশলংঘী দাম বৃদ্ধিৰ বাবে বীজ ক্ৰয়ৰ ক্ষেত্ৰত কৃষকে দহবাৰ ভাবিবলগীয়া হৈছে। এনে অৱস্থাত কৃষকৰ দুখ বুজিবলৈ ৰাজ্যৰ কৃষি বিভাগৰ নাই কোনো আহৰি। বিয়াগোম বিভাগটোৱে ৰাজ্যৰ কৃষক সকলক এনেদৰে এপদো বৰি শস্যৰ বীজ যোগান ধৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উঠিছে। কৃষকৰ সহায়ক হোৱাকৈ বিভাগটোৱে বিভিন্ন আঁচনি গ্ৰহণ কৰা বুলি বিজ্ঞাপন জাৰি কৰি আহিছে যদিও সৰ্বসাধাৰণ কৃষকে বিশেষ সুফল লাভ নকৰা বুলি অভিযোগ উঠিছে। ইপিনে সম্প্ৰতি দেখা দিয়া ৰাসায়নিক সাৰৰ মূল্য বৃদ্ধিয়ে কৃষক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।