
আজি গুৱাহাটীত ৰাজস্থানৰ খেল, শ্বাহৰুখ খান নাহে
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ মাৰ্চঃ গুৱাহাটীৰ আইপিএলৰ প্ৰথম মেচত হলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান উপস্থিত থাকিব বুলি ব্যাপক উন্মাদনাৰ সৃষ্টি হৈছিল৷ কিন্তু কেকেআৰৰ স্বত্বাধিকাৰী প্ৰথম মেচত কলকাতাৰ ইডেন গাৰ্ডেনত উপস্থিত থাকিলেও কাইলৈ গুৱাহাটীৰ মেচত উপস্থিত নাথাকে৷ গুৱাহাটীৰ মেচত কিয় উপস্থিত নাথাকে, তাৰ কোনো নিৰ্দিষ্ট কাৰণ শ্বাহৰুখ খানৰ পক্ষৰ পৰা এতিয়াও প্ৰকাশ কৰা নাই৷ আনহাতে কে কে আৰ মেনেজমেণ্টো এই ক্ষেত্ৰত নীৰৱ৷ অথচ গুৱাহাটীলৈ বলীউডৰ বাদশ্বাহ আহিব বুলি ব্যাপক প্ৰচাৰ চলিছিল৷ সেয়াও অৱশ্যে কোনো পক্ষৰ সমৰ্থিত বাতৰি নাছিল৷ তথাপি শ্বাহৰুখ খান গুৱাহাটীৰ কে কে আৰ আৰু ৰাজস্থান ৰয়েলছৰ মেছত উপস্থিত থাকিব বুলি গুৱাহাটীৰ ক্ৰিকেট আৰু বলীউডপ্ৰেমী উৎসাহিত হৈ আছিল৷ কিন্তু মঙলবাৰে প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে এতিয়ালৈকে শ্বাহৰুখ খান বুধবাৰে গুৱাহাটীত উপস্থিত থাকিব বুলি কোনো খবৰ নাই৷ আনহাতে গুৱাহাটীত বুধবাৰে আইপিএলৰ মেচত বলীউডৰ অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজো উপস্থিত নাথাকে৷ মাতৃৰ অসুস্থতাৰ বাবে শ্ৰীলংকাৰ বলীউড অভিনেত্ৰীগৰাকীয়ে শেষ মুহূৰ্তত গুৱাহাটীৰ পৰিকল্পনা বাদ দিয়া বুলি জানিব পৰা গৈছে৷ অন্যথা জেকুলিন ফাৰ্ণাণ্ডেজে বুধবাৰৰ মেচত গেলাৰীত বহি নাথাকি এটা সংক্ষিপ্ত অনুষ্ঠানত ভাগ ল’ব বুলিও প্ৰচাৰ চলিছিল৷
এক সূত্ৰ অনুসৰি প্ৰথম মেচত কলকাতা নাইট ৰাইডাৰ্ছ হোম মেচত পৰাজিত হোৱাৰ বাবেই শ্বাহৰুখ খানে গুৱাহাটীৰ পৰিকল্পনা বাদ দিয়ে৷ উল্লেখ্য, এইবাৰৰ আইপিএলৰ প্ৰথম মেচত কেকেআৰ আৰু ৰাজস্থান ৰয়েলছ দুয়োটা দলেই পৰাজিত হৈছিল৷ উদ্বোধনী মেচত কে কে আৰ বিৰাট কোহলিৰ আৰচিবিৰ বিৰুদ্ধে জ্জ উইকেটত আৰু অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৪৪ৰানত পৰাজিত হৈছিল৷ গুৱাহাটীৰ চিনাকি পৰিৱেশত অধিনায়ক ৰিয়ানে দ্বিতীয় মেচত আৰ আৰক স্মৰণীয় বিজয় উপহাৰ দিব বুলি আশা কৰা হৈছে৷
মৰিয়নিত আই পি এল জুৱা/ সৰৱ আছু
‘আমাৰ অসম’ৰ মৰিয়নিৰ বিশেষ প্ৰতিবেদকঃ মৰিয়নি আৰু ইয়াৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলত ব্যাপক হাৰত অব্যাহত আছে আই পি এল জুৱা৷ সম্প্ৰতি এই জুৱাৰ কৱলত পৰি নতুন প্ৰজন্ম ধবংসৰ গৰাহলৈ গতি কৰাৰ সমান্তৰালভাৱে সামাজিক পৰিৱেশ বিঘ্নিত কৰি তুলিছে৷ বিশেষকৈ এই জুৱাৰ প্ৰতি আকৰ্ষিত স্কুল-কলেজৰ কম বয়সীয়া ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে৷ উল্লেখ্য, মৰিয়নিৰ দৈনিক বজাৰ, গান্ধী নগৰ, এন এছ টি, ৰে’লৱে কলনী, কচাইপট্টী, এছ বি আই সমীপত, জয়মতী নগৰ, থানা তিনিআলি, ৰে’লৱে ষ্টেচন ৰোড, নিউসোণোৱাল তিনিআলি, নগাধূলী, খৰিকটীয়া, কঁঠালগুৰি আদি অঞ্চলত জুৱাৰীয়ে এজেণ্টৰ জৰিয়তে আই পি এল জুৱাৰ পোহাৰ মেলে৷ স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰে বৃহত্তৰ মৰিয়নি অঞ্চলত মুকলিকৈ অব্যাহত থকা জুৱাই সামাজিক পৰিৱেশ বিনষ্ট কৰি তোলাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থা৷ জুৱাৰ এনে মুকলি পয়োভৰ অব্যাহত থকাৰ পাছতো প্ৰশাসনৰ ভূমিকাক ধিক্কাৰ জনাইছে মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাই৷ মৰিয়নি আছুৰ সভাপতি ইষ্মায়েল তাঁতী আৰু সম্পাদক বিবেক চাহা সাক্ষৰিত এক স্মাৰক-পত্ৰৰ জৰিয়তে মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অতিশীঘ্ৰে এই জুৱাখেল বন্ধ কৰিবলৈ দাবী জনায়৷ অন্যথা আছুৰ নেতৃত্বত গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ আনহাতে মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সৌৰভ কলিতা আৰু যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অনন্ত বৰঠাকুৰে এক বিবৃত্তিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নতুন প্ৰজন্মৰ মাজত বিষবাষ্প বিয়পোৱা এই জুৱাখেল কোনো কাৰণতে সুস্থ সামাজিক বাতাবৰণৰ বাবে গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ লগতে মৰিয়নি আৰক্ষীক এই জুৱাৰ সৈতে জড়িত প্ৰতিটো জুৱাৰীক শীঘ্ৰে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ অন্যথা মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে৷