
বিদ্যুৎ মাচুল এটকা কমিল নতুনকৈ পিক আৱাৰ আৰম্ভ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ মাৰ্চঃ অসমবাসীৰ বাবে এটা ভাল খবৰ৷ পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত হ্ৰাস পাব বিদ্যুৎ মাচুল৷ সাধাৰণ ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত বিদ্যুৎ মাচুল ৰ টকাকৈ হ্ৰাস কৰা হৈছে৷ ইয়াৰ উপৰি বাণিজ্যিক সংযোগ থকা গ্ৰাহকৰ বাবেও প্ৰতি ইউনিটত ২৫ পইচাকৈ বিদ্যুৎ মাচুল হ্ৰাস পাব৷ বিদ্যুৎ গ্ৰাহকৰ বাবে এই আশাব্যঞ্জক ঘোষণা কৰিছে অসম বিদ্যুৎ নিয়ামক আয়োগে৷ ইফালে, ৰাজ্যৰ প্ৰথমবাৰলৈ তিনি তৰপীয়া বিদ্যুৎ মাচুল সংগ্ৰহৰ ব্যৱস্থা আৰম্ভ কৰিব শক্তি বিভাগে৷ অৰ্থাৎ এতিয়াৰে পৰা বিদ্যুৎ গ্ৰাহকে দিনটোত তিনিটা পৰ্যায়ত তিনিটা নিৰিখৰ বিদ্যুৎ মাচুল ভৰিব লাগিব৷ সেই অনুসৰি অধিক বিদ্যুৎ ব্যৱহাৰ হোৱা সন্ধিয়া সময়ত অৰ্থাৎ ‘পিক আৱাৰ’ত সাধাৰণ নিৰিখৰ ১২০ শতাংশ মাচুল ভৰিব লাগিব গ্ৰাহকে৷ অৱশ্যে গ্ৰাহকৰ বাবে পিক আৱাৰত অতিৰিক্ত মাচুল চলিত বৰ্ষত বাধ্যতামূলক নহ’ব– বৰ্ধিত মাচুল পৰিশোধৰ বিষয়টো গ্ৰাহকৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব৷ মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই জানিবলৈ দিয়া অনুসৰি– অসম বিদ্যুৎ বিতৰণ কোম্পানীয়ে দাখিল কৰা আবেদনত ২০২৫-২৬ বৰ্ষৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধিৰ কোনো প্ৰস্তাৱ দিয়া নাই৷ আগন্তুক বিত্তীয় বৰ্ষৰ বাবে প্ৰতি ইউনিট বিদ্যুতৰ গড় ব্যয় ৮.৭২ টকা নিৰ্ধাৰণ কৰা হৈছে৷ ইয়াৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষত প্ৰতি ইউনিট বিদ্যুতৰ গড় ব্যয় আছিল ০.৭০ টকা৷
অৰ্থাৎ এইবাৰ প্ৰতি ইউনিট বিদ্যুতৰ গড় ব্যয় ০.৮৩ টকাকৈ হ্ৰাস পাইছে৷ সেইবাবে ১ এপ্ৰিলৰ পৰা সাধাৰণ ঘৰুৱা গ্ৰাহক আৰু জীৱন ধাৰা আঁচনিৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ১ টকাকৈ বিদ্যুৎ মাচুল হ্ৰাস কৰা হৈছে৷ সাধাৰণ ঘৰুৱা গ্ৰাহকৰ ক্ষেত্ৰত ১২০ ইউনিটৰ তলত আৰু ওপৰৰ ব্যৱহূত বিদ্যুতৰ দুয়োটা শাখাতে প্ৰতি ইউনিটত ৰ টকাকৈ মাচুল হ্ৰাস পাব৷ ইয়াৰ বিপৰীতে কৃষি, উদ্যোগ, ব্যৱসায়িক সংযোগৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ২৫ পইচাকৈ মাচুল হ্ৰাস পাব৷ এ পি ডি চি এলে এইবাৰ তিনি তৰপীয়া বিদ্যুৎ মাচুল সংগ্ৰহৰ প্ৰস্তাৱ দিছে৷ সেই অনুসৰি ৰাতি ১০ বজাৰ পৰা পুৱা ৯ বজালৈ ‘নৰ্মেল আৱাৰ’ হিচাপে ধৰা হৈছে৷ ‘নৰ্মেল আৱাৰ’ত সাধাৰণ নিৰিখত মাচুল সংগ্ৰহ কৰা হ’ব৷ ইয়াৰ বিপৰীতে পুৱা ৯ বজাৰ পৰা আবেলি ৫ বজালৈ ‘ছ’লাৰ আৱাৰ’ হিচাপে ধৰা হৈছে৷ এই সময়ছোৱাত বিদ্যুৎ গ্ৰাহকে সাধাৰণ নিৰিখতকৈ ২০ শতাংশ মাচুল কমকৈ দিব লাগিব৷ অৰ্থাৎ ছ’লাৰ আৱাৰত নিয়মীয়া নিৰিখৰ ৮০ শতাংশ বিদ্যুৎ মাচুল পৰিশোধ কৰিব লাগিব৷ আনহাতে আবেলি ৫ বজাৰ পৰা নিশা ১০ বজালৈ ‘পিক আৱাৰ’ হিচাপে ধৰা হ’ব৷ এই ‘পিক আৱাৰ’ত বিদ্যুৎ মাচুল সাধাৰণ নিৰিখৰ ১২০ শতাংশ হ’ব৷ অৱশ্যে ‘পিক আৱাৰ’ত অতিৰিক্ত বিদ্যুৎ মাচুল আদায় দিয়াটো গ্ৰাহকৰ বাবে বাধ্যতামূলক নহ’ব৷ এপিডিচিএলে বিদ্যুৎ গ্ৰাহকক ‘পিক আৱাৰ’ত সাধাৰণ নিৰিখতকৈ অতিৰিক্ত ২০ শতাংশ আদায় দিবলৈ ইচ্ছুক হয় নে নহয়, তাক জনাবলৈ সুযোগ দিব৷ এপিডিচিএলক ইচ্ছুক বুলি জনালেহে ‘পিক আৱাৰ’ত অতিৰিক্ত মাচুল আদায় ল’ব৷ এই ব্যৱস্থা প্ৰি-পেইড মিটাৰ আৰু স্মাৰ্ট মিটাৰৰ ছীষ্টেমে গ্ৰাহকৰ সন্মতিৰ ভিত্তিত অট’মেটিক গ্ৰহণ কৰিব আৰু সেই মতে মাচুল কৰ্তন হ’ব৷