Logo
image

নৈৰাজ্যময় বিধানসভা খেদ জ্যেষ্ঠ বিধায়কৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ মাৰ্চঃ  অসম বিধানসভাক লৈ হতাশ নেকি শাসক-বিৰোধী উভয় পক্ষৰ একাংশ জ্যেষ্ঠ-কনিষ্ঠ বিধায়ক/ বিধানসভাত প্ৰতিফলিত হোৱা নাই নেকি ৰাইজৰ দুখ-দুৰ্দশা আৰু অভাব অভিযোগ৷ ৰাজ্যবাসীৰ আশা পূৰণত ব্যৰ্থ হৈছে নেকি অসম বিধানসভাত শেহতীয়াভাৱে বিধানসভাত সংঘটিত কেতবোৰ ঘটনা প্ৰবাহক কেন্দ্ৰ কৰি উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ সচেতন সমাজ৷ শাসক-বিৰোধী উভয় পক্ষ যেন ব্যৰ্থ হৈছে নিজৰ নিজৰ দায়িত্ব পালনত৷ গণতন্ত্ৰৰ সৰ্বোচ্ছ সংস্থা বিধানসভাত বিৰোধী পক্ষই ৰাইজৰ অভাব-অভিযোগ দুখ দুৰ্দশা, সমস্যা আদিৰ বিষয়ে সবল শক্তিশালী আৰু যুক্তিপূৰ্ণভাৱে উপস্থাপন কৰিব লাগে৷ বিৰোধীৰ শক্তিশালী ভূমিকাৰ বিপৰীতে শাসকীয় পক্ষই সদনত উত্থাপিত বিষয়সমূহ ক্ষীপ্ৰতাৰে নিষ্পতি কৰাটো এক পৰম্পৰা৷ দীৰ্ঘদিন ধৰি  সমাধান নোহোৱা বিষয় এটাও বিধানসভাৰ জৰিয়তে সমাধান হোৱাৰ যথেষ্ট সুযোগ থাকে৷ কিন্তু শেহতীয়াভাৱে শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক নিজৰ নিজৰ ভূমিকা পালনত যেন ব্যৰ্থ হৈছে৷ ৰাইজৰ দুখ-সমস্যা বিধানসভাত বলিষ্ঠভাৱে উত্থাপন কৰাৰ পৰিৱৰ্তে আক্ৰমণ প্ৰত্যাক্ৰমণ, সমালোচনা আদিতহে যেন অধিক সময় ব্যস্ত হোৱা দেখা যায় বিৰোধীৰ বিধায়কসকলক৷ আনহাতে, এইবাৰৰ বিধানসভাত বিৰোধীপক্ষ বিশেষকৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজৰ ফ্লৰ কো অৰ্ডিনেশ্বন নথকাৰ সুযোগ গ্ৰহণ কৰি ট্ৰেজাৰী বেঞ্চেও৷ বিল গ্ৰহণৰ পূৰ্বে হোৱা আলোচনাত বিধায়কৰ অংশগ্ৰহণ দুখলগা ধৰণে কমি গৈছে৷ বহু সময়ত  সদনত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ বিভাগীয় মন্ত্ৰী উপস্থিত নথকাটো যেন এটা নিয়মত পৰিণত হৈছে৷ তেনেদৰে সদনত বিষয়াৰ উপস্থিতিও অতি সেৰেঙা৷ শাসকীয় দলৰ বিধায়কে বিৰোধী পক্ষৰ বিধায়কক সদনৰ ভিতৰতে মাৰিবলৈ খেদি যোৱা, মাইক ভাঙি দিয়াৰ ভাবুকি দিয়া, উপাধ্যক্ষক আক্ৰমণ কৰা, সদনলৈ জেওৰা আদি লৈ অহা আদিৰ দৰে ঘটনাহে যেন আজিৰ তাৰিখত মুখ্য বিষয় হৈ পৰিছে বিধানসভাত৷ নৈৰাজ্যৰ মাজেদিয়ে যেন সমাপ্ত হ’ল বিধানসভাৰ এমাহজোৰা বাজেট অধিৱেশন৷ বিধানসভাত সংঘটিত শেহতীয়া ঘটনা প্ৰবাহক লৈ উদ্বিগ্ন হৈ পৰিছে আনকি শাসকীয় দলৰ বহু জ্যেষ্ঠ বিধায়ক৷


অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বিজেপি বিধায়ক হীতেন্দ্ৰ নাথ গোস্বামীয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– বেয়াজনক শুধৰাবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব৷ সেইটোকে লৈ আমি ইজনে সিজনক খুচি থাকিলে বেয়া হয়৷ বিধানসভাৰ মানুহবোৰ বহু ওপৰৰ৷ কোটি কোটি মানুহৰ প্ৰতিনিধিত্ব কৰে বিধানসভাত৷ আমাৰ আচৰণ ভাল নহ’লে জনসাধাৰণৰ আচৰণ ভাল হ’ব বুলি কেনেকৈ আশা কৰিম৷ সকলোৰে সহ্য গুণ থাকিব লাগে যিসকলে বিধায়ক হ’ব বিচাৰে, ৰাইজৰ প্ৰতিনিধি হ’ব বিচাৰে৷ আমি যিমান শিক্ষিত হৈছো সিমানে আমাৰ সহ্য গুণ কমি গৈছে৷ সহ্য গুণ অবিহনে গণতন্ত্ৰ বৰ্তি থাকিব নোৱাৰে৷ আমি উদ্ভাৱনী কাম কৰিবলৈ গৈ খেলিমেলি কৰিব নালাগে৷ আমি ইজিনে সিজনক সমালোচনা কৰিব পাৰো৷ কিন্তু হাত দাঙিব নালাগে৷ বিধায়কজনৰ আচৰণ কেনেকোৱা হ’ব লাগে নিজে বুজিব লাগে৷ ক্ষমতাৰ বাবে আমি অহা নাই৷ সেৱাৰ বাবে আহিছো৷ সেৱাৰ কথা চিন্তা কৰিলে এনেকোৱা ধৰণৰ ঘটনা হ’ব নালাগে৷ মই অলপ অলপ দুখ অনুভৱ কৰো৷ এতিয়া কোনো কথা লুকাই নাথাকে৷ মনটো অলপ বেয়া লাগে বিধানসভাৰ কিছুমান ঘটনাত৷ প্ৰতিবাদ কৰাৰ বহু উপায় আছে৷ আনহাতে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–সময়তকৈ আগতে মই বিধানসভাৰ পৰা ওলাই গুচি যাওঁ৷ বিধানসভালৈ যেতিয়া অহা হয় তেতিয়া আশা কৰি অহা হয় যে আমি প্ৰতিনিধিত্ব কৰা অঞ্চলৰ সমস্যা চৰকাৰৰ আগত দাঙি ধৰাৰ সুযোগ পাম৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে বহুক্ষেত্ৰত ৰাজনীতিকৰণ কৰা হয়৷ সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰিবলৈ যদি কোনোবাই কিবা পন্থা গ্ৰহণ কৰে সেয়া গ্ৰহণযোগ্য নহয়৷ বালিলৈ যিপাত শৰ, সুগ্ৰীবলৈও সেই পাতে শৰ৷ মই নিজেও খুব হতাশ হৈছো৷ সমাজৰ বাবে কিবা কৰিবলৈয়ে আমি বিধানসভালৈ আহিছিলো৷ কিন্তু যদি এনে ধৰণৰ বহুৱালী দেখিবলগীয়া হয় তেতিয়া দুখ লাগে৷ এইবাৰ ১৭ টা প্ৰশ্ন দিছিলো৷ দুটা তৰাবিহীন প্ৰশ্ন আহিল৷ বাকী বিলাক নাহিলেই৷ লক্ষণীয়ভাৱে এমাহজোৰা বাজেট অধিৱেশনৰ সময়চোৱাত উত্থাপিত নহ’ল ৰাজ্যৰ এটাও জ্বলন্ত সমস্যাৰ বিষয়৷ সকলোৱে যেন ব্যস্ত দৃষ্টি আকৰ্ষণৰ দৌৰতহে৷