
ব্যস্ততা বাঢ়িছে শিপিনীৰ আৰম্ভ হৈছে ঢোলৰ গুমগুমনি
পশ্চিম দৰঙৰ পৰা লক্ষ্যধৰ শইকীয়া, ‘আমাৰ অসমঃ অসমীয়াৰ হেঁপাহৰ ব’হাগ বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী৷ পৰম্পৰাগত ৰঙালী বিহু, অসমীয়া নতুন বৰ্ষক আদৰিবলৈ সাজু অসমীয়া৷ গাঁৱে-ভূঞে, নগৰ-চহেৰ বাঢ়িছে ব্যস্ততা৷ আৰম্ভ হৈছে বিহুৰ আখৰা৷ ঢোলৰ গুমগুমনি, পেঁপাৰ সুৱদি সুঁৰ, বিহুগীত আৰু নৃত্যৰ লয়লাসত কঁকাল ঘূৰাব ধৰিছে ডেকা-গাভৰুৱে৷ সমান্তৰালভাৱে তাঁতশালত সপোন ৰচাত ব্যস্ত হৈ পৰিছে অসমৰ শিপিনী৷ তাঁতশালৰ খট্খট্ শব্দ, যঁতৰৰ হোঁহোঁৱনি ধবনিত ছন্দময় হৈ পৰিছে শিপিনীৰ বৰঘৰ৷ বিহু অহাৰ এমাহমান পূৰ্বৰে পৰা সাতখন-আঠখন হয় শিপিনী মন৷ তাঁতশালৰ গামোচাত ফুল তোলাৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হয় প্ৰতিৱেশী শিপিনীৰ মাজত৷ ব’হাগৰ বিহুত প্ৰিয়জনক হাতে বোৱা ভমকা ফুলীয়া বিহুৱানখন দিবলৈ কিমান যে হেঁপাহ৷
উল্লেখ্য, তাঁতশালত প্ৰকাশ পায় অসমীয়া শিপিনীৰ সৃষ্টিশীলতাৰ অপূৰ্ব নিদৰ্শন৷ ভমকা ফুলীয়া বিহুৱানকে ধৰি বিভিন্ন সাজ-পোছাক বৈ কৰি অসমৰ শিপিনীয়ে দেখুৱাই আহিছে নিজৰ দক্ষতা৷ তাঁতশালখনক মহিলাৰ স্বাভিমানৰ প্ৰতীক হিচাপে গণ্য কৰি আহিছে প্ৰতিজন অসমীয়াই৷ গাঁৱৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ বহু মহিলাই তাঁতশালখনকে সাৰথি কৰি হ’ব ধৰিছে স্বনিৰ্ভৰশীল৷ বিহুৰ বজাৰত মুকলি কৰিবলৈ ব্যৱসায়িক ভিত্তিত বহুতে তাঁতশালত গামোচা ব’বলৈ আৰম্ভ কৰিছে৷ মূলতঃ ব’হাগ অহাৰ লগে লগে তাঁতশালৰ ব্যস্ততাৰ বাবে আহৰি নোহোৱা হৈছে শিপিনীৰ৷