Logo
image

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ সৰ্বোচ্চ স্ক’ৰ ১৯৯

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ মাৰ্চঃ  গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত ২০২৩ ছীজনৰ পৰা নিয়মিতভাৱে আই পি এলৰ খেল অনুষ্ঠিত কৰা হৈছে৷ ৰাজস্থান ৰয়েলছৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে বিবেচিত এইখন ষ্টেডিয়ামত এতিয়ালৈকে দলটোৱে খেলিছে তিনিখন খেল, য’ত দুখনত ৰাজস্থান ৰয়েলছ পৰাস্ত হোৱাৰ বিপৰীতে এখনত জয়ী হৈছে৷ বৰষুণৰ বাবে এখন খেল পৰিত্যক্ত হৈছে৷ ২০২৩ চনৰ ৮ এপ্ৰিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত ৰাজস্থান জয়ী হৈছিল ৫৭ ৰানত৷


আনহাতে, ২০২৩ চনৰ ৫ এপ্ৰিলত পঞ্জাব কিংছৰ বিৰুদ্ধে দলটো ৫ ৰানত আৰু ২০২৪ চনৰ ১৫ মে’ত একেটা দলৰ বিৰুদ্ধে পাঁচ উইকেটত পৰাস্ত হৈছিল৷ গুৱাহাটীত এতিয়ালৈকে ৰাজস্থান ৰয়েলছ সৰ্বোচ্চ স্ক’ৰ হৈছে ১৯৯ ৰান৷ ২০২৩ চনৰ ৮ এপ্ৰিলত অনুষ্ঠিত খেলখনত প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে ৯  উইকেটত সংগ্ৰহ কৰিছিল ১৪২ ৰান৷ আনহাতে, একেটা বছৰৰ প্ত এপ্ৰিলত পঞ্জাব কিংছৰ বিৰুদ্ধে ১৯৮ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি দলটোৱে সাত উইকেটত সংগ্ৰহ কৰিছিল ১৯২ ৰান৷