সামাজিক মাধ্যমত আধুনিকতাৰ প্ৰভাৱ
একঘেয়ামী জীৱন মানুহে কিমান কটাব/ গতিকে পৰিৱৰ্তন অৱশ্যম্ভাৱী৷ যিকোনো বিষয়ত মানুহে পৰিৱৰ্তন হ’লে সহজেই আঁকোৱালি লয়৷ সামাজিক মাধ্যমত আৰম্ভ হোৱা ফেচবুক, ইনষ্টাগ্ৰাম, ৱাটছএপ আদি প্ৰথম প্ৰথম ব্যৱহাৰ কৰি মানুহৰ অতিমাত্ৰা আধুনিক আধুনিক অনুভৱ হৈছিল৷ এতিয়ালৈ ল’ৰা-বুঢ়া কোনো বাকী নাথাকিল৷ সেই কণমানি বয়সৰ পৰা ম’বাইল ফোন ব্যৱহাৰ কৰি এসময়ত যে সেইবোৰ ল’ৰা-ছোৱালী পঢ়া-শুনাত গুৰুত্ব কমি ম’বাইল ফোন আসক্ত হৈ পৰিব, সেই কথা আজিৰ বহু মাক-দেউতাকৰ ভাবিবলৈকে সময় নাই৷ কণমানিটোৰ দ্বাৰা যেনেতেনে ফেচবুকৰ পৰা টকা আহৰণ কৰিব পাৰিলেই হ’ল আৰু৷ আজিৰ ডেকাচামে আকৌ ইনষ্টাগ্ৰাম বেছিকৈ ব্যৱহাৰ কৰা হৈছে৷ সকলোৱে চাব নোৱৰা কিছুমান বাৰেভচহু, শালীনতা অতিক্ৰম কৰা ছবি-ভিডিঅ’ দিয়ে৷ তাৰবাবে কোনে কিমান বেয়া মন্তব্য দিয়ে তাৰ প্ৰতি মুঠেও গুৰুত্ব নিদিয়ে৷ এইবোৰ অতি বেছি হোৱাৰ ফলত কেতিয়াবা কোনোবাজনে উপায়হীন হৈ আত্মহত্যাপৰ্যন্ত কৰিবলৈ বাধ্য হৈ পৰে৷ পৰিয়ালৰ অজ্ঞাতে বহু কিশোৰ-কিশোৰীয়ে ৱাটচএপ, মেছেঞ্জাৰ, ইনষ্টাগ্ৰামৰ জৰিয়তে জনাই-নজনাই ভাবৰ আদান-প্ৰদান কৰিব পৰা হ’ল আৰু কেতিয়াবা শ’লঠেকতো পৰা দেখা যায়৷ অভিভাৱক বা অগ্ৰজক ঘুণাক্ষৰেও জানিবলৈ নিদিয়াকৈ অতি কম বয়সৰ পৰাই নিজৰ গোপন জগত এখন সৃষ্টি কৰি লয়৷ এইবোৰ আধুনিকতাৰ পৰশ যেন লাগিলেও কিছুমান দুষ্টচক্ৰৰ পাকত পৰি বহু কিশোৰ-কিশোৰী অবাটে যোৱাও দেখা গৈছে৷ ড্ৰাগছ সৰবৰাহ, যৌন শোষণৰ পৰা ব্লেক মেইলিং, ধন দাবীৰে আজিৰ সামাজিক মাধ্যম বদনাম কৰি পেলাইছে কিছুমান অপৰাধীয়ে৷ সেইবোৰ দেখি-শুনিও কোনেও সেইবোৰক নাকী লগোৱাৰ ব্যৱস্থা কৰা নাই৷ ফলত দিনকদিনে সামাজিক মাধ্যমৰ জৰিয়তে অপৰাধ ক্ৰমাৎ বাঢ়ি গৈছে৷ এনে বহু ভুক্তভোগী ল’ৰা-ছোৱালীয়ে ভয়, শংকাত দিন কটাই আত্মগ্লানিৰ ভয়ত আত্মহননৰ দৰে ঘটনা সংঘটিত কৰিছে৷
যিকোনো বস্তুৰেই দুটা দিশ থাকে– এটা ভাল, আনটো বেয়া৷ প্ৰায়বোৰ মানুহেই ভাল দিশটো আঁকোৱালি লোৱাতকৈ বেয়া দিশটোৰ প্ৰতিহে বেছি আকৰ্ষিত হয়৷ এইদৰে আধুনিকতাৰ ধামখুমীয়াত সামাজিক মাধ্যমত নৱপ্ৰজন্মৰ জীৱন বিপদাপন্ন হৈ পৰিছে৷ এই কথালৈ লক্ষ্য ৰাখিয়ে বিদ্যালয়, মহাবিদ্যালয়ত এই বিষয়ত ছাত্ৰ-ছাত্ৰীক কাউন্সেলিঙৰ ব্যৱস্থা কৰাটো জৰুৰী হৈ পৰিছে৷ আমাৰ অগ্ৰজসকলৰো কৰ্তব্য হোৱা উচিত অনুজক এই অপৰাধী জগতখনৰ পৰা যিমান সম্ভৱ আঁতৰত ৰখাৰ চেষ্টা কৰা৷






