
দৰঙত মাতৃভাষা মাধ্যমৰ চৰকাৰী স্কুলত নামভৰ্তিৰ হেতা-ওপৰা
'আমাৰ অসম'ৰ পশ্চিম দৰঙৰ প্ৰতিবেদকঃ শিক্ষাৰ্থীৰ অভাৱত ইখনৰ পিছত সিখন চৰকাৰী বিদ্যালয় বন্ধ হৈ পৰাৰ সময়ত এক বিপৰীত ছবি পৰিলক্ষিত হৈছে দৰঙত। মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থী-অভিভাৱকে হেতা-ওপৰা লগোৱা পৰিলক্ষিত হয়। স্বাভাৱিকতে শিক্ষা খণ্ডৰ বহু নেতিবাচক খবৰৰ বিপৰীতে ই এক আশাৰ খবৰ হিচাপে পৰিগণিত হৈছে শৈক্ষিক ক্ষেত্ৰখনৰ। জিলাখনৰ লেঙ্গেৰীয়াঝাৰ কৃষক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিবলৈ শিক্ষাৰ্থী-অভিভাৱকে কৰা হেতা-ওপৰাই শৈক্ষিক মানচিত্ৰত উজলাই তুলিছে শিক্ষানুষ্ঠানখন। ১৯৭৯ চনত স্থাপিত শিক্ষানুষ্ঠানখনত ষষ্ঠ শ্ৰেণীৰ লগতে অন্যান্য শ্ৰেণীত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীয়ে ভিৰ কৰিছে। যাৰ ফলত সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়খনত নামভৰ্তি কৰণৰ ক্ষেত্ৰত বিমোৰত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ। প্ৰতিটো শ্ৰেণীতে দুটাকৈ শাখা আছে বিদ্যালয়খনত। নতুনকৈ আৰু শাখা খোলাৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ সমস্যা আৰু শিক্ষকৰ অভাৱে সমস্যাৰ সৃষ্টি কৰিছে। আগন্তুক শিক্ষা বৰ্ষত ষষ্ঠ শ্ৰেণীৰ বাবে বিদ্যালয় কতৃপক্ষই ১২২ খন নামভৰ্তিৰ প্ৰ-পত্ৰ বিতৰণ কৰিছে। কিন্তু সকলোকে নামভৰ্তি কৰোৱাৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। মূলতঃ শিক্ষানুষ্ঠানখনৰ আন্তঃগাথঁনিৰ সমস্যা আৰু শিক্ষকৰ অভাৱ বিদ্যমান। বৰ্তমান মাত্ৰ ১৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী নিয়োজিত আছে বিদ্যালয়খনত। যাৰবাবে তৃতীয়টো শাখা মুকলি কৰাত বিপাঙত পৰিছে। তিনিবছৰ পূৰ্বে চৰকাৰীভাৱে বিদ্যালয়খন উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰিছিল। তাৎপৰ্যপূৰ্ণ বিষয় যে উচ্চতৰ শ্ৰেণী দুটাৰ বাবে কোনো শিক্ষক-কৰ্মচাৰী নিয়োগ নকৰাত বিদ্যালয়ৰ অৰ্হতা সম্পন্ন শিক্ষক-শিক্ষয়িত্ৰীয়েই অতিৰিক্ত ভাৱে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হৈছে।
লক্ষ্যণীয়ভাৱে পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়খনত মাত্ৰ এজনহে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে। ফলত বহুত অসুবিধাৰ সন্মুখীন হৈ আহিছে শিক্ষক-শিক্ষাৰ্থী। তৎসত্বেও নিয়োজিত শিক্ষাগুৰু সকলে ছাত্ৰ-ছাত্ৰীৰ তিলমানো শৈক্ষিক ঘাটি নোহোৱাকৈ নিয়মিত পাঠদান অব্যাহত ৰাখিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেৰাহে পোন্ধৰ বছৰ ধৰি এশ শতাংশ উত্তীৰ্ণৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। লেঙ্গেৰীয়াঝাৰ কৃষক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দৰঙৰ শৈক্ষিক মানচিত্ৰত এক সুকীয়া মাত্ৰা বহন কৰি আহিছে। শৈক্ষিক-বিদ্যাতনিক উৎকৰ্ষতাৰ বাবে দূৰ-দূৰণিৰ পৰা অভিভাৱক সকলে নিজ সন্তানক বিদ্যালয়খনত পঢ়ুৱাবলৈ আগ্ৰহ প্ৰকাশ কৰে। ইফালে বিদ্যালয়খনত নামভৰ্তিৰ বাবে ইচ্ছুক অভিভাৱক সকলৰ লগত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতি, অৱসৰপ্ৰাপ্ত শিক্ষকৰ এখন সভা বুধবাৰে অনুষ্ঠিত হয়। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি কল্পনা ডেকা বৰুৱা, প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰুৱা, অৱসৰপ্ৰাপ্ত শৈক্ষিক সমন্বয়কদ্বয় হবিবুৰ ৰহমান আৰু গোলোক চন্দ্ৰ হাজৰিকা, বৰ্তমানৰ শৈক্ষিক সমন্বয়ক নীলিমা বৰুৱা, শিক্ষক ভাস্কৰ শৰ্মা, গোবিন্দ ডেকা, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক নিকুঞ্জ কাশ্যপ, কৈকৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰুদ্ৰ কান্ত বৰুৱা আদিয়ে উক্ত সভাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ লগতে বিদ্যালয় খনৰ নীতি নিয়মৰ বিষয়ে ভাষণ আগবঢ়ায়। ষষ্ঠ শ্ৰেণীৰ উপৰিও সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীত নামভৰ্তিৰ বাবেও বিদ্যালয়ৰ পৰা অভিভাৱকে ইতিমধ্যে প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে। মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়খনত অধিক শিক্ষক আৰু শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰি সকলো ছাত্ৰ-ছাত্ৰীৰে নামভৰ্তিৰ বাবে যাৱতীয় ব্যৱস্থা কৰিবলৈ অভিভাৱক-ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে।