Logo
image

গুৱাহাটীত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কৰ্মশালা

'আমাৰ অসম'ৰ গুৱাহাটীৰ সংবাদঃ জলবায়ু পৰিবৰ্তনৰ বাবে অসমৰ দৰে ৰাজ্যতো এতিয়া গ্ৰীষ্মপ্ৰৱাহৰ দৰে প্ৰতিকূল বতৰ-পৰিঘটনা দেখা দিবলৈ লৈছে। ইয়াৰ ফলত ৰাজ্যখনত নতুন নতুন দুৰ্যোগৰ আশংকাও বৃদ্ধি পাইছে। ৰাজ্যৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা আৰু বিজ্ঞান প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনে ক্ৰমশঃ বৃদ্ধি কৰা উৎকট গৰমৰ প্ৰত্যাহ্বানকলৈ আয়োজিত এখন গুৰুত্বপূৰ্ণ কৰ্মশালা উদ্বোধন কৰি এনেদৰে কয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) আৰু সৰ্বভাৰতীয় দুৰ্যোগ প্ৰশমন প্ৰতিষ্ঠানৰ সহযোগত আয়োজন কৰা 'গ্ৰীষ্মপ্ৰৱাহ আৰু অসমত জলবায়ু স্থিতিস্থাপকতা গঢ়ি তোলা' শীৰ্ষক এই কৰ্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী মহন্তই কয়, 'সমগ্ৰ বিশ্বতে এতিয়া জলবায়ু পৰিবৰ্তনে গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। আমাৰ অসমতো শেহতীয়া কেইটামান বছৰত উৎকট গৰম বা গ্ৰীষ্মপ্ৰৱাহৰ দৰে বতৰ-পৰিঘটনাই দেখা দিবলৈ লৈছে। জলবায়ু পৰিৱৰ্তনে পূৰ্বৰ বতৰৰ স্বাভাৱিক ধৰণ সম্পূৰ্ণ সলনি কৰি পেলাইছে। আগতে অনুকূল জলবায়ু তথা জৈৱ বৈচিত্ৰৰ বাবে সুপৰিচিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো এতিয়া উৎকট গৰমৰ পৰিঘটনা বৃদ্ধি পাই আহিছে। অসমত আগতে বছৰৰ কোনটো মাহ বা ঋতুত কি বতৰ হ'ব পাৰে, সেয়া আগতীয়াকৈয়ে আমাৰ মানুহে অনুমান কৰি ল'ব পাৰিছিল যদিও আজিকালি স্বাভাৱিক ঋতুকালীন বতৰ সম্পৰ্কে অলপো পূৰ্বানুমান কৰিব নোৱাৰি।' বিশ্বজুৰি ক্ৰমবৰ্ধমান প্ৰদূষণৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ লগতে জলবায়ু পৰিবৰ্তনেও গুৰুতৰ ৰূপ ধাৰণ কৰি নতুন নতুন প্ৰকাৰৰ দুৰ্যোগৰ আংশকা বৃদ্ধি কৰিছে বুলি দোহাৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয়, 'সাধাৰণতে অসমত আগষ্ট মাহটোৱেই সৰ্বাধিক গৰমৰ মাহ হিচাপে চিহ্নিত হৈ আহিছিল। কিন্তু শেহতীয়া কেইবছৰ মানত ৰাজ্যখনত আগষ্টতকৈ ছেপ্টেম্বৰতহে সৰ্বাধিক তাপমাত্ৰাৰ ৰেকৰ্ড হ'বলৈ লৈছে। আগতে আমাৰ অসমত উৎকট গৰম বা গ্ৰীষ্মপ্ৰৱাহৰ বিষয়টো আচহুৱা কথা হৈ আছিল। দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান আদি উত্তৰ ভাৰতত প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহ তথা 'লো' নামৰ গৰম বতাহ বলাৰ বাতৰি আমি পঢ়িবলৈ পাইছিলো। কিন্তু লাহে লাহে অসমতো এতিয়া আমি এনেধৰণৰ উৎকট গৰম তথা গ্ৰীষ্মপ্ৰৱাহৰ পৰিঘটনাৰ মুখামুখি হ'বলৈ আগবাঢ়ি গৈ আছো। এয়া আমাৰ সকলোৰে বাবেই অতি চিন্তনীয় দিশ।'


জলবায়ু পৰিবৰ্তনসৃষ্ট উৎকট গৰমে অসমলৈ কঢ়িয়াই অনা ক্ৰমবৰ্ধমান আশংকা-প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ চৰকাৰ, বিশেষজ্ঞ-বিজ্ঞানীকে সকলো হিতধাৰক আৰু ৰাইজে অনুকূল জলবায়ু স্থিতিস্থাপকতাৰ পৰিৱেশ গঢ়িবলৈ উমৈহতীয়া প্ৰয়াস চলোৱাৰ বিকল্প নোহোৱা হৈ অহা বুলি মন্ত্ৰী মহন্তই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়েও উল্লেখ কৰে যে জলবায়ু পৰিবৰ্তনৰ ফলত উদ্ভৱ হোৱা গ্ৰীষ্মপ্ৰৱাহৰ পৰিঘটনাই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত 'হিট-ষ্ট্ৰোক'ৰ দৰে স্বাস্থ্যজনিত আশংকাৰ উপৰি বনজুই, পৰিৱেশৰ ব্যাপক ক্ষতিসাধন আদিৰ দৰে নতুন ধৰণৰ দুৰ্যোগ-পৰিস্থিতিৰ আশংকাও বঢ়াই আনিছে। সেয়ে, এই দিশসমূহকলৈ জন সচেতনতা বৃদ্ধিৰে জলবায়ু স্থিতিস্থাপকতাৰ বাতাৱৰণ সংবৰ্ধনত সকলোকে সহযোগিতাৰ বাবে ত্ৰিপাঠীয়ে আহ্বান জনায়। জলবায়ু পৰিবৰ্তন আৰু গ্ৰীষ্মপ্ৰৱাহক লৈ কাম কৰি অহা ৰাষ্ট্ৰীয় স্তৰৰ বিশেষজ্ঞ, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনৰ জিলা প্ৰকল্প বিষয়াসকল, এনজিঅ' কৰ্মকৰ্তা, বিভিন্ন সামাজিক-সামূহিক গোটৰ প্ৰতিনিধি আদিক লৈ আয়োজিত দিনযোৰা শৈক্ষিক কৰ্মশালাখনত নতুন দিল্লীস্থিত সৰ্বভাৰতীয় দুৰ্যোগ প্ৰশমন প্ৰতিষ্ঠানৰ সঞ্চালক মিহিৰ আৰ ভাটে কয় যে জলবায়ু পৰিবৰ্তনে মানুহৰ জীৱন-জীৱিকা, স্বাস্থ্য, ৰাজহুৱা আন্তঃগাথঁনিৰ প্ৰতি ভাবুকি বৃদ্ধি কৰাৰ লগতে দুৰ্যোগৰ আশংকা-পৰিসৰ আৰু ধৰণৰো ক্ৰমশঃ সম্প্ৰসাৰণ ঘটাইছে। একেদৰে, ৰাজহ বিভাগৰ সচিব তথা (ASDMA)ৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া মীনাক্ষী দাস নাথে কৰ্মশালাৰ আদৰণি ভাষণত সমগ্ৰ মানৱ জাতিৰ বাবেই মাথো এখনেই বসতিযোগ্য পৃথিৱী আছে বুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি কয় যে এই পৃথিৱীখনক জলবায়ু স্থিতিস্থাপকতাৰে সুৰক্ষিত কৰি ৰখাৰ ওপৰতে ভৱিষ্যতে মানুহৰ কল্যান আৰু অস্তিত্ব ৰক্ষাৰ দিশটো নিৰ্ভৰশীল হৈ আছে। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত অৰুণাচল প্ৰদেশ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সঞ্চালক কুমকাৰ ডুলুম, বিবেকানন্দ ৰামকৃষ্ণ মিছন বিবেকানন্দ শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক ড° পি জি ধৰ চক্ৰৱৰ্তী, ৰাষ্ট্ৰীয় গৱেষণা উন্নয়ন নিগমৰ জলবায়ু স্থিতিস্থাপকতা আৰু স্বাস্থ্য বিশেষজ্ঞ অভিয়ন্ত তিৱাৰী, ভাৰতীয় মৌচম বিজ্ঞান বিভাগৰ বিজ্ঞানীদ্বয় ডাঃ অখিল শ্ৰীবাস্তভ আৰু সুনীত দাসেও অংশগ্ৰহণ কৰে।