Logo
image

ঈদত ৩২ লাখ মুছলিম পৰিয়ালক বিজেপিৰ উপহাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ মাৰ্চঃ ৰমজান মাহত ইফটাৰ পাৰ্টীত ৰাজনৈতিক দলৰ অংশগ্ৰহণ ভাৰতৰ মাটিত সহজাত ঘটনা৷ ৰাজনৈতিক দলে ইফটাৰ পাৰ্টীৰ আয়োজন কৰা এতিয়া আৰু ৰাজনীতি হৈ থকা নাই৷ ভাৰতীয় ৰাজনীতিৰ এই সৌজন্যবোধ এতিয়া অভ্যাসত পৰিণত হৈছে৷ পিছে এই ক্ষেত্ৰত বিজেপি ব্যতিক্ৰম৷ সাধাৰণতে বিজেপিয়ে দলীয় কাৰ্যসূচী হিচাপে ইফটাৰ পাৰ্টী আয়োজন কৰা দেখা নাযায় কিম্বা বিজেপিৰ আগশাৰীৰ নেতাই টুপি পিন্ধি আনে আয়োজন কৰা ইফটাৰত অংশ লোৱাও দেখা নাযায়৷ কিন্তু এইবাৰ ব্যতিক্ৰম ঘটিছে৷ ইফটাৰ পাৰ্টী নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদৰ উপহাৰ দিছে দেশৰ ৩২ লাখ দৰিদ্ৰ মুছলিম পৰিয়ালক৷ সৌগত-ঈ-মোদী নামেৰে এটাকৈ উপহাৰৰ টোপোলা প্ৰদান মঙলবাৰৰ পৰা আৰম্ভ হৈ গৈছে দেশজুৰি৷ মুঠতে দেশৰ ৩২ হাজাৰ মছজিদৰ পৰা ৩২ লাখ উপহাৰৰ টোপোলা বিতৰণ কৰা আৰম্ভ হৈছে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ জৰিয়তে৷ এই টোপোলাত আছে খেজুৰ, আখৰোট আদি ড্ৰাই ফ্ৰুট, ঘিউ, চেনি, পুৰুষৰ পায়জামা-কুৰ্তা, মহিলাৰ চেলোৱাৰ ছ্যুটৰ কাপোৰ আদি৷


বিজেপিৰ এই আচম্বিত মুছলিম-প্ৰীতিত অনেকেই আচৰিত হৈছে৷ কিয় হঠাতে বিজেপিয়ে আগতে নোলোৱা এনে কাৰ্যসূচী লৈছে, সেই লৈ ভিন ভিন ধৰণে চৰ্চা আৰম্ভ হৈছে৷ তাৰ সৰ্বাধিক প্ৰচলিত চৰ্চাটো হৈছে ঈদৰ পাছতে সংসদত উত্থাপন হ’বলগীয়া বিতৰ্কিত ৱাকফ বিধেয়ক৷ এই বিতৰ্কিত বিধেয়ক উত্থাপন কৰাৰ পূৰ্বে দেশৰ বৃহৎ সংখ্যাৰ মুছলিমক সন্তুষ্ট কৰাৰ লক্ষ্যৰেই বিজেপিয়ে সৌগত-ঈ-মোদী কাৰ্যসূচী হাতত লোৱা বুলি চৰ্চা হৈছে৷ কিয়নো ‘কেব’ অৰ্থাৎ সংশোধিত নাগৰিকত্ব বিধেয়কৰ দৰেই ৱাকফ বিধেয়ক দাখিল হ’লে দেশজুৰি হুলস্থূল হোৱাৰ আশংকা আছে আৰু বিজেপিৰ বিৰুদ্ধে দেশজুৰি বিৰূপ প্ৰতিক্ৰিয়া আৰম্ভ হ’ব পাৰে৷ কিয়নো উত্থাপনৰ পূৰ্বে এই বিধেয়ক মুছলিম বিৰোধী বুলি তীব্ৰ চৰ্চা আৰম্ভ হৈছে৷ বিজেপি যে মুছলিম বিৰোধী নহয়, সেয়া এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিপন্ন কৰিব খুজিছে দলটোৱে৷ অন্যথা ঔংৰংগজেবক লৈ ব্যস্ত হৈ থকা দলটোৱে ঈদৰ উপহাৰ দিয়াটো পূৰ্বৰ কাৰ্যকলাপ চাই স্বাভাৱিক ঘটনা নহয় বুলিয়েই চৰ্চা হৈছে৷